এগৰাকী কিশোৰীৰ মৰ্মান্তিক কাহিনী! ২০ বছৰৰ কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক…
পুনৰ পোহৰ আহিছে এক ভয়ংকৰ ঘটনা। এগৰাকী নৱম শ্ৰেণীৰ কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰা অভিযোগত কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সময়ত কিছুমান অপৰাধজনিত ঘটনা পোহৰলৈ আহে। একাংশ পাষাণ মনোবৃত্তিৰ লোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। এনে এক ঘটনাই বুকু কঁপাই তুলিব আপোনাৰ। পুনৰ পোহৰলৈ আহিছে এগৰাকী নৱম শ্ৰেণীৰ কিশোৰীৰ লগত হোৱা ধৰ্ষণৰ কাণ্ড। এই ঘটনাত কিশোৰীগৰাকীৰ চুবুৰীয়াত বাস কৰা ৬৫ বছৰীয়া এজন বৃদ্ধক অৱশেষত শাস্তি প্ৰদান কৰে আদালতে। জানিব পৰা মতে, এবাৰ দুবাৰ নহয় বাৰে বাৰে বৃদ্ধজনে কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল। এই ঘটনা অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশমৰ।
জানিব পৰা মতে, লোকজনে বাৰে বাৰে কিশোৰীগৰাকীক ভাবুকি দিছিল আৰু এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। কিন্তু যেতিয়া কিশোৰীগৰাকী গৰ্ভৱতী হয় তেতিয়া এই সকলো কথা পোহৰলৈ আহে। পাছত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় আৰু এতিয়া আদালতে তেওঁক ২০ বছৰৰ শাস্তি প্ৰদান কৰিছে।
এই ঘটনা ২০২৩ চনৰ। ঘটনাৰ প্ৰায় ২ বছৰ পাছত অংগোলে POCSO বিশেষ আদালতৰ ন্যায়াধীশ শৈলাজাই এই গোচৰৰ ৰায়দান কৰিছে। জানিব পৰা মতে, ২০২৩ চনত ভেটাপালেম থানাত পঞ্জীয়ন হোৱা POCSO গোচৰত ৬৫ বছৰীয়া অভিযুক্ত তিৰুমালা শ্বেট্টী ভেংকটেশ্বৰলুক ২০ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহে আদালতে। ইয়াৰ লগতে ভুক্তভোগীক ৬ লাখ টকা ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰে।
জানিব পৰা মতে, ২০২৩ চনত প্ৰকাশম জিলাৰ ভেটাপালেম থানা এলেকাৰ এখন গাঁৱত বাস কৰা কিশোৰীগৰাকীক একে গাঁৱৰে বাসিন্দা তথা বৃদ্ধ তিৰুমলাশ্বেট্টী ভেংকটেশ্বৰলুৱে কেইবাবাৰো ধৰ্ষণ কৰিছিল। ইয়াৰোপৰি কিশোৰীগৰাকীয়ে যাতে এই কথা কাৰো আগত অৱগত নকৰে তাৰ বাবে বাৰে বাৰে ভাবুকি প্ৰদান কৰিছিল। যাৰ বাবে কিশোৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত কাৰো আগত একো কোৱা নাছিল।
কিন্তু হঠাতে কিশোৰীগৰাকীৰ পেটৰ বিষৰ সমস্যাৰ সৃষ্টি হয়। কেইবাদিনো ধৰি বিষ হোৱাৰ ফলত মাতৃয়ে তেওঁক হাস্পাতাললৈ লৈ যায়। চিকিৎসকে যেতিয়া কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে তেতিয়া গম পাই গৰ্ভৱতী বুলি। ইয়াৰ পাছতে ধৰ্ষণৰ বিষয়টো পোহৰলৈ আহে আৰু কিশোৰীগৰাকীয়ে বৃদ্ধজনৰ বিষয়ে সকলো কথা খুলি কয়।
তাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি সকলো তথ্য প্ৰমাণ সংগ্ৰহ কৰে আৰু আদালতত দাখিল কৰে। অৱশেষত ২৬ মে’, ২০২৫ ত ন্যায়াধীশ শৈলজাই ৰায়দান কৰি দোষীক ২০ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমণা বিহে।
অন্য খবৰ পঢ়কঃ পিন্ধালে সেন্দূৰ, বৰমালা! পাছত গ’ম পালে কইনা আচলতে…মাত্ৰ আধা ঘন্টাতে ভাঙিল এখন বিয়া…