পিন্ধালে সেন্দূৰ, বৰমালা! পাছত গ’ম পালে কইনা আচলতে…মাত্ৰ আধা ঘন্টাতে ভাঙিল এখন বিয়া…
এখন বিয়াক লৈ প্ৰায় সকলো যুৱক-যুৱতীৰ কিছুমান সপোন থাকে। কিন্তু যেতিয়া বিবাহ আধা ঘন্টাতে বিচ্ছেদলৈ ৰূপান্তৰিত হয়? এনে ধৰণৰ এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

বিবাহক লৈ প্ৰায় প্ৰতিগৰাকী যুৱতীৰে কিছুমান নিৰ্দিষ্ট সপোন থাকে। কেৱল যুৱতীৰে নহয়, যুৱক, পৰিয়ালৰো থাকে কিছুমান বিশেষ আশা। কিন্তু যদি বিবাহ সম্পন্ন হোৱাৰ মাত্ৰ কেইমিনিটমান পাছতে বিচ্ছেদ হয়, তেতিয়া? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে। অতি ধুমধামেৰে সম্পন্ন হয় এখন বিয়া। নীতি-নিয়ম অনুসৰি দৰা-কইনা বিয়াত বহিল। পৰিয়াল আৰু ৰাইজৰ উপস্থিতি ব্ৰাহ্মণৰ মন্ত্ৰোচাৰণৰ মাজতে দৰাই কইনাক পিন্ধালে সেন্দূৰ, পিন্ধালে বৰমালা। তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু যেতিয়াই কইনাক বিদায় দিয়াৰ সময় আহে তেতিয়াই সংঘটিত হয় আচৰিত ঘটনা।
জানিব পৰা মতে, কইনা দৰা ঘৰলৈ বুলি যাবলৈ ওলোৱাৰ সময়ত আত্মীয়-পৰিয়ালক এৰি যোৱাৰ দুখক কান্দি উঠে। চিঞৰি চিঞৰি কান্দি উঠে কইনাই। নতুন কইনাগৰাকীৰ কান্দোন শুনি আচৰিত হৈ পৰে দৰা ঘৰৰ মানুহ আৰু লগে লগে ভাঙি পেলাই বিয়া। এই ঘটনা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ পৰা পোহৰলৈ আহিছে।
অৱশ্যে এই বিয়া ভঙাৰ আঁৰত আছে এক কাৰণ। প্ৰয়াগৰাজৰ মৌয়াইমাত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি, এই অঞ্চলটোৰ এগৰাকী যুৱতীৰ বিয়া ঠিক হৈছিল কৌশাম্বী জিলাত বাস কৰা এজন যুৱকৰ সৈতে। এই বিবাহক লৈ দুয়োটা পৰিয়ালতে আনন্দময় পৰিৱেশে বিৰাজ কৰিছিল। শনিবাৰ (২৪ মে’)য়ে দৰাজনে বৰ ধুনীয়াকৈ সাজি কাচি শোভাযাত্ৰা লৈ কইনাক নিবলৈ আহে। কইনা পক্ষৰ মানুহেও দৰাক আদৰণি জনাই আতিথ্য প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে নীতি-নিয়ম অনুসৰি দৰা-কইনাই বৰমালা পিন্ধে আৰু কইনাক সেন্দূৰ পিন্ধাই বিয়া কৰায়।
তেতিয়ালৈকে সকলো ঠিকে আছিল। কিন্তু যেতিয়া কইনাৰ বিদায়ৰ সময় আহে তেতিয়াই সংঘটিত হয় আচৰিত ঘটনা। পৰিয়ালক এৰি যোৱাৰ দুখত কইনাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰে। কিন্তু তেতিয়াই দৰা পক্ষৰ মানুহৰ আচৰিত হৈ পৰে। কিয়নো কইনাগৰাকী আছিল লেবা।
কইনাৰ মাত শুনি থতমত খাই দৰাঘৰৰ মানুহ। লগে লগে দৰা ঘৰৰ মানুহে অভিযোগ কৰে যে তেওঁলোকৰ সৈতে বিশ্বাসঘাটকতা হৈছে আৰু কোনো পধ্যেই এই বিবাদ মানি নলয়। ইয়াৰ পাছতে দুয়ো পক্ষৰ লোকৰ মাজত তীব্ৰ কাজিয়া হয় আৰু বিষয়টো পঞ্চায়তত উত্থাপন কৰা হয়।
ইয়াৰ বিপৰীতে দুইপক্ষৰ জ্যেষ্ঠ লোকসকলে একেলগে বহি বিষয়টো সন্দৰ্ভত আলোচনা কৰে। দুয়োপক্ষৰ মাজত চলা আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এই বিবাহ ভাঙি দিয়াই ভাল । কিয়নো বিয়াৰ পাছত কইনা কেতিয়াও স্বামী ঘৰত সুখত থাকিব নোৱাৰিব। সম্ভৱতঃ তেওঁৰ এই সমস্যাই বৈবাহিক জীৱনটো প্ৰভাৱিত কৰিব। এনে পৰিস্থিতি এই বিবাহ ভাঙি পেলোৱাই উচিত। তাৰ পাছতে দুয়োপক্ষই বিবাহ খণ্ডন কৰে আৰু দৰাপক্ষই কইনা নোহোৱাকৈ ঘৰলৈ উভতে।
অন্য খবৰ পঢ়কঃ মৰ্মান্তিক! গংগাত গা ধুব গৈ হেৰুৱালে প্ৰাণ, এজনক বচাবলৈ পানীত নামিছিল ৬ বন্ধু আৰু পাছত…