শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল অজিত পাৱাৰৰ বিমান? প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা…

শোকৰ জোৱাৰে আগুৰি ধৰিছে মহাৰাষ্ট্ৰক। ইফালে স্থানীয় এগৰাকী বাসিন্দাই মৰ্মান্তিক ঘটনাটো কেনেকৈ সংঘটিত হয় আৰু দুৰ্ঘটনাৰ পিছত কি হৈছিল সেই বিষয়ে বৰ্ণনা কৰিছে।

কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল অজিত পাৱাৰৰ বিমান? প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা…
মহাৰাষ্ট্ৰৰ বিমান দুৰ্ঘটনা
Trishna Kalita
Trishna Kalita | Published: 28 Jan 2026 15:49 PM

মহাৰাষ্ট্ৰৰ বাৰামটিত বিমান দুৰ্ঘটনাত নিহত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ। বিমানখনত পাঁচজন লোক আছিল। এই দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হয়। তাৰ পিছতে শোকৰ জোৱাৰে আগুৰি ধৰিছে মহাৰাষ্ট্ৰক। ইফালে স্থানীয় এগৰাকী বাসিন্দাই মৰ্মান্তিক ঘটনাটো কেনেকৈ সংঘটিত হয় আৰু দুৰ্ঘটনাৰ পিছত কি হৈছিল সেই বিষয়ে বৰ্ণনা কৰিছে।

তেওঁ ক’লে, “আমি ইয়াত থাকো, আৰু আমাৰ পিছফালে এটা ৰানৱে আছে। আমি দেখিলোঁ যে এখন বিমান আহি অৱতৰণ কৰিব নোৱাৰিলে। আগবাঢ়ি গ’ল, কিন্তু কিছু সময়ৰ পিছত, পিছলৈ ঘূৰি আহি অৱতৰণ কৰিবলৈ ধৰিলে। কিন্তু তাৰ পিছত ৰানৱে পোৱাৰ ঠিক আগতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।” এইখিনি দেখাৰ লগে লগে আমি ৰানৱেৰ ওচৰৰ মানুহবোৰক খবৰ দিলোঁ, আৰু লগে লগে আৰক্ষী আৰু আন লোক আহি পালেহি।

লোকজনে আৰু কয় যে, “জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলোৱা হৈছে। ১৫ মিনিটৰ পাছত তেওঁলোকে জুইৰ শিখা নুমুৱাবলৈ সক্ষম হ’ল আৰু আমি ওচৰলৈ গ’লেই দেখিলোঁ যে তাত মৃতদেহ পৰি আছে। সকলোবোৰ সম্পূৰ্ণৰূপে জ্বলি গৈছিল। আমি তেওঁলোকক চিনাক্ত কৰিব পৰা নাছিলো। কিবা এটাৰ সহায়ত আমি অজিত দাদাৰ মৃতদেহটো চিনাক্ত কৰিলোঁ। আৰক্ষীৰ দলটোৱে আমাৰ ওচৰলৈ আহি পানী বিচাৰিলে। আমি তেওঁলোকক পানী দিছিলো। লগতে মৃতদেহ ঢাকিবলৈ কাপোৰ বিচাৰিলে। আমাৰ ঘৰৰ পৰা নতুন কম্বল এখন দিলোঁ।

এই বিমান দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰিব এএআইবিয়ে। এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, এএআইবিৰ এটা দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি দুৰ্ঘটনাটোৰ তদন্ত কৰিব। ভাৰতীয় আকাশমাৰ্গত বিমান সুৰক্ষাৰ কাণ্ডক দুৰ্ঘটনা, গুৰুতৰ কাণ্ড, বা জৰুৰীকালীন অৱস্থা হিচাপে শ্ৰেণীভুক্ত কৰাৰ বাবে এএআইবিৰ দায়বদ্ধ। ইয়াত দুৰ্ঘটনাৰ বিশদ তদন্ত কৰা হয় আৰু লগতে সুৰক্ষা উন্নত কৰাৰ ব্যৱস্থাৰ পৰামৰ্শ দিয়া হয়।

ঘটনাৰ আন এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, “দুৰ্ঘটনাৰ পিছত বিমানখনত জুই লাগিছিল, তাৰ পিছত দ্ৰুতগতিত একেৰাহে চাৰিৰ পৰা পাঁচটা বিস্ফোৰণ সংঘটিত হৈছিল। তেওঁ কয় যে, ৰাতিপুৱা বিমানখনে বাৰামটি বিমানবন্দৰৰ ওপৰত ঘূৰি ফুৰা দেখা গৈছিল। আকাশত ঘূৰি ফুৰাৰ পিছত বিমানখন অলপ অস্থিৰ যেন লাগিছিল, আৰু অৱতৰণৰ বাবে ৰাণৱেৰ কাষ চাপি অহাৰ লগে লগে মাটিত জোৰেৰে খুন্দা মাৰি বিস্ফোৰণ ঘটিছিল। আমাৰ ঘৰলৈকে এটা ডাঙৰ শব্দ শুনা গৈছিল।”

বিস্ফোৰণৰ পিছত বিমানখনৰ কেইবাটাও অংশ বতাহত উফৰি যোৱা বুলি কয় তেওঁ। কিছু ধ্বংসাৱশেষো তেওঁৰ ঘৰৰ কাষতে পৰিছিল। তেওঁ লগতে ক’লে, “বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতে এফালে হেলনীয়া হৈ পৰিছিল। আমি বিস্ফোৰণ হোৱা দেখিছিলো আৰু সেয়া আছিল ভয়ংকৰ।” আন এজন প্ৰত্যক্ষদৰ্শীয়েও কয় যে, বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা যেন লাগিছিল।

তেওঁ ক’লে, “বিমানখন যিদৰে নামি আহিছিল, আমি ভাবিছিলো যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’ব। ৰাণৱেৰ পৰা প্ৰায় ১০০ ফুট ওপৰত আছিল। বিমানখনৰ ফালে দৌৰি থাকোঁতে আমি দেখিলোঁ যে জুই লগাৰ পিছত চাৰি-পাঁচটা বিস্ফোৰণ ঘটিছিল। যাৰ ফলত আমি বিমানখনৰ কাষ চাপিব পৰা নাছিলো। জুই তীব্ৰ আছিল।” তেওঁ কয় “আমি পিছত গম পালোঁ যে বিমানত অজিত পাৱাৰ আছে। যি খবৰে আমাক স্তম্ভিত কৰি তুলিছিল।”

লগতে পঢ়ক: নিঃশেষ হ’ল এটি সম্ভাৱনা! অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত নিহত পাইলত সম্ভৱী পাঠক কোন?