শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হংকঙৰ পৰা দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান, উৰণৰ মাজতে কাৰিকৰী বিজুতি, শংকিত যাত্ৰী…

আহমেদাবাদ বিমান দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। এয়াৰ ইণ্ডিয়াৰ AI315 বিমানখনৰ বিজুতিৰ খবৰ পোহৰলৈ আহিছে।

হংকঙৰ পৰা দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান, উৰণৰ মাজতে কাৰিকৰী বিজুতি, শংকিত যাত্ৰী…
এয়াৰ ইণ্ডিয়া Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jun 2025 12:39 PM

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজুতি। হংকঙৰ পৰা দিল্লীলৈ আহিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান AI315 উৰণৰ মাজতে কাৰিকৰী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে বিমানখন পুনৰ হংকঙলৈ উভতি যায়। বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ দ্বাৰা পৰিচালিতা এই AI315 বিমানখন হংকঙৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল। সূত্ৰ অনুসৰি জানিব পৰা মতে, এই ঘটনাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

ইয়াৰ পাছতে বিমানখন নিৰাপদে হংকঙত অৱতৰণ কৰি যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা হয়। সম্প্ৰতি কাৰিকৰী দলসমূহে বিমানখন পৰীক্ষা কৰি সমস্যাৰ কাৰণ সন্দৰ্ভত বিচাৰ কৰি আছে।

ইয়াৰ পূৰ্বে হায়দৰাবাদ অভিমুখী লুফথানছাৰ এখন বিমান বোমাৰ ভাবুকিৰ পাছতে লেণ্ডিং ক্লিয়াৰেন্স নোপোৱাৰ বাবে ইউ টাৰ্ণ লৈ জাৰ্মানীৰ ফ্ৰেংকফৰ্ট বিমানবন্দৰলৈ উভতিবলগীয়া হৈছিল। ফ্ৰেংকফৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা এল এইচ ৭৫২ বিমানখন সোমবাৰে পুৱা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু এই বিমানখন মাজ বাটৰ পৰা উভতিবলগীয়া হৈছিল।

লুফথানছা এয়াৰলাইন্সৰ উদ্ধৃতিৰে এএনআইয়ে কয় যে, “আমি হায়দৰাবাদত অৱতৰণ কৰাৰ অনুমতি লাভ কৰা নাছিলো আৰু সেয়ে বিমানখন ইউ টাৰ্ণ লৈ উভতে”। বিমান সংস্থাটোৱে লেণ্ডিং ক্লিয়াৰেন্স নোপোৱা বুলি কোৱাৰ বিপৰীতে বিমানবন্দৰৰ বিষয়াগসকলে এয়া বোমাৰ ভাবুকি বুলি উল্লেখ কৰিছিল।

উল্লেখ্য যে, যোৱা কেইটামান দিনৰ পৰা বিমানৰ বিজুতিৰ বিভিন্ন খবৰ পোহৰলৈ আহিছে। আহমেদাবাদত বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে জনতাৰ ক্ষোভ বৃদ্ধি হৈছে। আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাত ২৪২ জন যাত্ৰীৰ ভিতৰত ২৪১ জনেই প্ৰাণ হেৰুৱাইছিল। এতিয়াও মৃত্যু হোৱা আটাইকেইজন লোকৰ মৃতদেহ চিনাক্ত হোৱা নাই। মৃত লোকসকলৰ মৃতদেহ ডি এন এ পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰাৰ চেষ্টা চলাই থকা হৈছে।

চৰকাৰে বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ পেনেল গঠন কৰিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ), বিমান দুৰ্ঘটনা তদন্ত ব্যুৰো (এএআইবি)ৰ উচ্চপদস্থ বিষয়া আৰু স্বতন্ত্ৰ বিমান সুৰক্ষা বিশেষজ্ঞৰে গঠিত তদন্ত সমিতিখনে সম্ভাৱ্য কাৰিকৰী বিজুতি, ৰক্ষণাবেক্ষণৰ ৰেকৰ্ড আৰু দুৰ্ঘটনাৰ ফলত হোৱা ক্ৰুৰ কাৰ্যৰ তদন্ত কৰিব। আহমেদাবাদ বিমান দুৰ্ঘটনাত ২৭০ জনৰো অধিক লোকে প্ৰায় হেৰুয়ায়।এই ঘটনাই জোকাৰি যায় সমগ্ৰ দেশ।

 

অন্য খবৰ পঢ়কঃ ঈদ উদযাপনৰ বাবে আহিছিল ভাৰতলৈ! আহমেদাবাদ বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল জাভেদ আৰু তেওঁৰ পৰিয়াল…