মে’ডে, মে’ডে, ন’ পাৱাৰ…আহমেদাবাদ ATCলৈ দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ পাইলটৰ শেষৰটো বাৰ্তা
এই পৰ্যন্ত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২৭৫ জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ দুদিন পিছত পাইলটৰ শেষ বাৰ্তা "মে'ডে...মে'ডে...ন' পাৱাৰ..." অডিঅ' মেছেজ পোহৰলৈ আহিছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ হৈছে এটা ব্লেক বক্স , যাক লৈ এতিয়া তদন্ত অব্যাহত আছে। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ গঠন কৰা হৈছে এখন উচ্চ পৰ্যায়ৰ কমিটী ।

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ দুদিন পিছতে এটা অডিঅ’ মেছেজ পোহৰলৈ আহিছে। য’ত পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ক দিয়া শেষ বাৰ্তাটো শুনা গৈছে। বিমানখনত থকা ২৪১জন লোককে ধৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কমেও ২৭৫জন লোকে। নিহতসকলৰ ভিতৰত আছে দুজন পাইলটৰ উপৰিও ১০ জন ক্ৰু মেম্বাৰ।
দুৰ্ঘটনাৰ কিছু মুহূৰ্ত পূৰ্বে জ্যেষ্ঠ পাইলট কেপ্তেইন সুমিত সভাৰৱালে আহমেদাবাদ এটিচিলৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল। পাইলটে অডিঅ’ত কোৱা শুনা যায়, “মে’ডে… মে’ডে… ন’ পাৱাৰ… ন’ থ্ৰাষ্ট… গ’ইং ডাউন…”
বিমান দুৰ্ঘটনাত মাত্ৰ এজন যাত্ৰীহে ৰক্ষা পৰে আৰু বৰ্তমান তেওঁ আহমেদাবাদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিহতসকলৰ ভিতৰত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছে। উৰণৰ কিছু সময়ৰ পিছতে বিমানখনে তললৈ নামি হোষ্টেল বিল্ডিঙত খুন্দা মাৰে। ইয়াৰ ফলত মেডিকেল পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বাসিন্দাৰ মৃত্যু হয়। ইয়াৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাস্থলীৰ পৰা ডাঠ ক’লা ধোঁৱা দেখা যায়। ঘটনাৰ পিছতে ব্যাপক আৰম্ভ হয় উদ্ধাৰ অভিযান ।
ব্লেক বক্স উদ্ধাৰ
শুকুৰবাৰে তদন্তকাৰী দলে এটা ব্লেক বক্স উদ্ধাৰ কৰাৰ বিপৰীতে দ্বিতীয়টো ব্লেক বক্স ৰ সন্ধান চলি আছে। বিষয়াসকলে ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ (ডিভিআৰ)ও বিচাৰি পাইছে, যিয়ে দুৰ্ঘটনাৰ কাৰণৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰাত সহায় কৰিব পাৰে। ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)কে ধৰি কেইবাটাও কেন্দ্ৰীয় সংস্থাই এই স্থান পৰিদৰ্শন কৰিছে। ইফালে, দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ কমিটী। তদন্তৰ সময়ত এই পেনেলে দুৰ্ঘটনাৰ কাৰণ তদন্ত কৰিব আৰু মানক পৰিচালনা পদ্ধতি (এছ অ’ পি) পৰ্যালোচনা কৰিব।
বিষয়াসকলে জনোৱা মতে, বিগত ২৪ ঘণ্টাত অগ্নিনিৰ্বাপক বাহিনীয়ে বিমান দুৰ্ঘটনাস্থলীৰ পৰা এটা মৃতদেহৰ লগতে শৰীৰৰ কিছু অংশ উদ্ধাৰ কৰিছে। ইয়াৰ লগতে চৰকাৰে বয়িং ৭৮৭ বিমানৰ তদন্তৰ নিৰ্দেশ দিছে । বয়িং ৭৮৭ বিমানৰ তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বয়িংৰ ৯টা বহৰৰ তদন্ত সম্পূৰ্ণ হৈছে আৰু বাকী থকা বিমানৰ বিচনাসমূহৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।