শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ahmedabad Plane Crash: উৰণৰ পৰা ধ্বংসলৈ… থোৰতে জানো আহক অভিশপ্ত বিমান দুৰ্ঘটনাটোৰ সকলো তথ্য

বৃহস্পতিবাৰে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান। বিমানখনত আছিল ২৪২ জন লোক। উৰণৰ কিছু সময়ৰ পাছতে সংঘটিত হয় এই দুৰ্ঘটনা। থোৰতে জানো আহক অভিশপ্ত বিমান দুৰ্ঘটনাটোৰ সকলো তথ্য...

Ahmedabad Plane Crash:  উৰণৰ পৰা ধ্বংসলৈ… থোৰতে জানো আহক অভিশপ্ত বিমান দুৰ্ঘটনাটোৰ সকলো তথ্য
উৰণৰ পৰা ধ্বংসলৈImage Credit source: PTI
barasha-misra
Barasha Misra | Updated On: 13 Jun 2025 07:12 AM

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান। এই বিমানখন আহমেদাবাদৰ পৰা লণ্ডনলৈ গৈ আছিল। আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মেঘনীনগৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ১০ জন ক্ৰু মেম্বাৰ আৰু দুজন পাইলটসহ মুঠ ২৪২ জন লোক আছিল। এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত বহু বিদেশী যাত্ৰীও আছে। এই দুৰ্ঘটনাটোৱে দেশ কঁপাই তুলিছে। ডাঙৰ প্ৰশ্নটো হ’ল ৰান ৱে’ৰ পৰা উৰি যোৱা এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ বিমানখন মাত্ৰ ৫ মিনিট উৰণৰ অন্তত কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল?

এটিচিৰ তথ্য অনুসৰি আহমেদাবাদৰ পৰা দুপৰীয়া ১:৩৯ বজাত ৰান ৱে’-২৩ৰ পৰা উৰা মাৰিছিল বিমানখন। ইয়াৰ পিছত অলপ সময়ৰ পিছতে বিমানখন বিমানবন্দৰৰ পৰিধিৰ বাহিৰত ভূপতিত হয়। বিমানখন বিমানবন্দৰৰ দেৱাল আৰু এয়াৰ কাষ্টম কাৰ্গো অফিচৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনৰ পিছফালৰ অংশটোৱে গছৰ লগত খুন্দা মাৰে। বিমান দুৰ্ঘটনাৰ পিছত দুৰ্ঘটনাস্থলীত সাহায্যৰ লগতে উদ্ধাৰ অভিযান অব্যাহত আছে।

বিমানখনত কোনখন দেশৰ কিমানজন যাত্ৰী আছিল?

বিমানখনত আছিল ১৬৯ জন ভাৰতীয় নাগৰিক, ৫৩ জন ব্ৰিটিছ নাগৰিক, ১ জন কানাডাৰ আৰু ৭ জন পৰ্তুগালৰ নাগৰিক। ডিজিচিএই প্ৰকাশ কৰা যাত্ৰীৰ তালিকাত ১৩টা শিশু আৰু ৮৯গৰাকী মহিলাৰ নাম সন্নিবিষ্ট কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল। তেওঁৰ শেষৰখন ছবিও পোহৰলৈ আহিছে। ডিজিচিএই প্ৰকাশ কৰা যাত্ৰীৰ তালিকাত বিজয় ৰূপানীৰ আসনৰ নম্বৰ ১২ বুলি উল্লেখ কৰা হৈছিল।

তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৱে কোৱা মতে নিজৰ ছোৱালীক লগ কৰিবলৈ লণ্ডনলৈ গৈছিল। দুৰ্ঘটনাত তেওঁৰ মৃত্যু বিজেপি আৰু দেশৰ ৰাজনীতিৰ বাবে এক ডাঙৰ বিপৰ্যয়। এয়াৰ ইণ্ডিয়াৰ বিমানখনে মেঘানীনগৰত যি অট্টালিকাৰ সৈতে সংঘৰ্ষ হয়, সেই অট্টালিকাটো হৈছে বিজে মেডিকেল কলেজৰ অট্টালিকা। বিমানখনে অট্টালিকাটোৰ সৈতে খুন্দা মৰাৰ সময়ত ওপৰৰ মহলাৰ কেণ্টিনত বহু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ উপস্থিত আছিল।

BJ মেডিকেল কলেজত হাহাকাৰ

বিমানবন্দৰৰ পৰা এই ঠাইখনৰ দূৰত্ব প্ৰায় ১৫ কিলোমিটাৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে পোহৰলৈ আহিছে বিজে মেডিকেল কলেজৰ এটা ভিডিঅ’। বিমানখনে কলেজ বিল্ডিঙত খুন্দা মৰাৰ লগে লগে চৌদিশে চিঞৰ-বাখৰ আৰু মুহূৰ্ততে যেন সকলো জুই হৈ পৰিছিল। বৃহৎ সংখ্যক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ আশংকা আছে। আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েশ্যনে কৰিছে এই মন্তব্য।

তেওঁলোকৰ মতে, বিমান দুৰ্ঘটনাত MBBS ৰ ৫০ৰ পৰা ৬০জন ছাত্ৰ আহত হৈছে। ইয়াৰে বহু ছাত্ৰ-ছাত্ৰীৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাৰ পিছৰে পৰা ৪-৫জন MBBS ছাত্ৰ-ছাত্ৰী সন্ধানহীন হৈ আছে। FAIMA য়ে শীঘ্ৰে ৰক্তদানৰ বাবে আবেদন জনাইছে। মেঘানীনগৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে আৱাসিক এলেকাত আতংক বিয়পি পৰে।