শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আঁৰত আছিল নেকি সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ? বাবা ৰামদেৱৰ বিস্ফোৰক অভিযোগ…

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। তদন্তত কাৰিকৰী বিজুতি, পাইলটৰ ভুল, চৰাইৰ আঘাত আৰু সন্ত্ৰাসবাদৰ সম্ভাৱনাকে ধৰি সকলো দিশ বিবেচনা কৰা হৈছে। বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ বিশেষজ্ঞক আহমেদাবাদলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইচ ৰেকৰ্ডাৰ বিশ্লেষণ কৰিব।

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আঁৰত আছিল নেকি সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ? বাবা ৰামদেৱৰ বিস্ফোৰক অভিযোগ…
আহমেদাবাদৰ বিমান দুৰ্ঘটনা
trishna-kalita
Trishna Kalita | Updated On: 15 Jun 2025 11:49 AM

বৃহস্পতিবাৰে গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত এতিয়ালৈকে ২৭৫ জন লোকৰ মৃত্যু হৈছে।  ইফালে ডি এন এৰ সহায়ত মৃতদেহ চিনাক্তকৰণৰ কাম চলি আছে। একাংশ মৃতদেহ চিনাক্তকৰণৰ অন্তত গতাই দিয়া হৈছে পৰিয়ালক। ইফালে শনিবাৰে বাবা ৰামদেৱে এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। দুৰ্ঘটনাটোত তুৰ্কী এজেন্সীৰ ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰে ৰামদেৱে । এই অভিযোগৰ পিছত এতিয়া তুৰস্কই নিজৰ স্থিতি স্পষ্ট কৰিছে।

তুৰ্কী টেকনিক ( Turkish Technic) কোম্পানীয়ে এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ বিমান ৰক্ষণাবেক্ষণ কৰা বুলি কৰা দাবী তুৰস্কৰ তথ্য বিভাগে অস্বীকাৰ কৰিছে। এক্স পোষ্টত বিভাগটোৱে কয় যে এনে দাবী কৰাটো জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ লগতে ভাৰত-তুৰস্কৰ সম্পৰ্কত প্ৰভাৱ পেলোৱাৰ প্ৰয়াস।

এয়াৰ ইণ্ডিয়া আৰু তুৰ্কী টেকনিকৰ মাজত হোৱা চুক্তি কেৱল বি৭৭৭ বিমানৰ ৰক্ষণাবেক্ষণৰ বাবেহে আছিল, বয়িং ৭৮৭-৮ৰ বাবে নহয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ৰক্ষণাবেক্ষণৰ কাম তুৰ্কী টেকনিকে কেতিয়াও কৰা নাই । তুৰস্কই নিজৰ বিবৃতিত কয়, “এতিয়ালৈকে তুৰ্কী টেকনিকে এয়াৰ ইণ্ডিয়াৰ কোনো বয়িং ৭৮৭-৮ বিমানৰ সেৱা আগবঢ়োৱা নাই। আমি জানো যে কোনটো কোম্পানীয়ে শেষবাৰৰ বাবে সেই বিমানখনৰ চাৰ্ভিচ দিছিল, কিন্তু ভুল বুজাবুজি যাতে বিয়পি নাযায় তাৰ বাবে আমি ইয়াৰ বিষয়ে একো ক’ব নোৱাৰো। আমাৰ সংগঠনে এনে ভুৱা দাবীৰ ওপৰত চকু ৰাখিব আৰু তুৰস্কৰ ভাবমূৰ্তি কলংকিত কৰাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।”

তুৰস্কৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন হৈছিল?

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত বাবা ৰামদেৱে তুৰস্কক লৈ সন্দেহ প্ৰকাশ কৰিছিল। তেওঁ কয়, “তুৰ্কী কোম্পানী তুৰ্কী টেকনিকক লৈ প্ৰশ্ন উত্থাপন হৈছে।” বাবাই অভিযোগ কৰিছিল যে এই দুৰ্ঘটনাৰ জৰিয়তে তুৰ্কী কোম্পানীটোৱে ভাৰতৰ সৈতে  শত্ৰুতাৰ প্ৰতিশোধ ল’ব বিচাৰিছে নেকি? ইয়াৰ সমান্তৰালকৈ বাবা ৰামদেৱে ভাৰতক স্পৰ্শকাতৰ খণ্ডত বিদেশী হস্তক্ষেপ অন্ততঃ অন্ত পেলাবলৈও কৈছিল।

আহমেদাবাদৰ এই দুৰ্ঘটনাত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনৰ মৃত্যু হৈছে। উৰাজাহাজখনত থকা মাত্ৰ ১ জন যুৱকহে ৰক্ষা পৰিছে। এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হৈছে। কঠিন হৈ পৰিছে দুৰ্ঘটনাটোত জুইত জ্বলি যোৱাৰ বাবে লোকসকলক চিনাক্ত কৰাটো। যাৰ বাবে ডি এন এৰ নমুনাৰ সহায়ত মৃতদেহ চিনাক্তকৰণ কৰা হৈছে। এতিয়ালৈকে কিছুমান মৃতদেহ চিনাক্ত কৰা হৈছে। মৃতকৰ বাবে ১ কোটি টকাৰ ক্ষতিপূৰণো ঘোষণা কৰা হৈছে।

ইফালে এই দুৰ্ঘটনাৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। তদন্তত কাৰিকৰী বিজুতি, পাইলটৰ ভুল, চৰাইৰ আঘাত আৰু সন্ত্ৰাসবাদৰ সম্ভাৱনাকে ধৰি সকলো দিশ বিবেচনা কৰা হৈছে। বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ বিশেষজ্ঞক আহমেদাবাদলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইচ ৰেকৰ্ডাৰ বিশ্লেষণ কৰিব। এন আই এ আৰু গুজৰাট এ টি এছেও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ নেতৃত্ব দিবলৈ দায়িত্ব দিয়া হৈছে গৃহ মন্ত্ৰালয়ৰ সচিবক।