শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰঃ এইদৰে কৰিলে স্মৃতি ৰোমন্থন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদ ভ্ৰমণৰ সময়ত ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে। বিজয় ৰূপানীৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পৰিয়ালক সমবেদনা জনায়।

প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰঃ এইদৰে কৰিলে স্মৃতি ৰোমন্থন
বিজয় ৰূপানীৰ পৰিয়ালক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 13 Jun 2025 19:39 PM

বৃ্হস্পতিবাৰে আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশকে জোকাৰি তুলিলে। এই ভয়ংকৰ দুৰ্ঘটনাত এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা ২৪২ গৰাকী ব্যক্তিৰ ভিতৰত ২৪১ গৰাকীয়েই প্ৰাণ হেৰুওৱা বুলি নিশ্চিত হৈছে। দুৰ্ঘটনাত নিহত লোকসকলৰ ভিতৰত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ ভ্ৰমণৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে। বিজয় ৰূপানীৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পৰিয়ালক সমবেদনা জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে বিজয় ৰূপানীৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এগৰাকী কঠোৰ পৰিশ্ৰমী নেতা বুলি অভিহিত কৰে। আজি পুৱা প্ৰধানমন্ত্ৰী মোদী আহমেদাবাদত উপস্থিত হয়। চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে তেওঁৰ কনভয় পোনে পোনে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হয়। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসাধীন লোকসকলক সাক্ষাৎ কৰে।

ইয়াৰ পিছতে তেওঁ দুৰ্ঘটনাত নিহত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালক সাক্ষাৎ কৰে। এই সাক্ষাৎ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে নিজা এক্স হেণ্ডেলত এক পোষ্ট যোগে লিখিছে, “বিজয়ভাই ৰূপানীৰ পৰিয়ালক সাক্ষাৎ কৰিলো। বিজয়ভাই যে আমাৰ লগত নাই, সেয়া ভাবিব নোৱাৰা কথা।” বিজয় ৰূপানীৰ সৈতে তেওঁৰ কেইবাদশক জোৰা পৰিচয় আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দুয়ো কঠিন সময়ত কান্ধত কান্ধ মিলাই যুঁজ দিয়া বুলিও পোষ্টটোত কয়।

তেওঁ লগতে বিজয় ৰূপানীক এগৰাকী সহজ-সৰল আৰু কঠোৰ পৰিশ্ৰমী ব্যক্তি বুলি অভিহিত কৰি দলৰ আদৰ্শৰ প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী অত্যন্ত দায়বদ্ধ আছিল বুলি উল্লেখ কৰে। দলৰ এগৰাকী সাধাৰণ সদস্যৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিলগৈ বুলি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দলত তেওঁ বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও সোঁৱৰে। নিজ ৰাজনৈতিক জীৱনত বিজয় ৰূপানীয়ে লাভ কৰা কৰ্তব্যসমূহ দক্ষতাৰে পালন কৰিছিল বুলিও তেওঁ লগতে কয়।

উল্লেখ্য যে কালি ৬৮ বছৰীয়া বিজয় ৰূপানীয়ে নিজ পুত্ৰক সাক্ষাতৰ বাবে লণ্ডন অভিমুখী বিমানখনত উঠিছিল। আৰু ইয়াৰ পিছতে ভয়ংকৰ দুৰ্ঘটনাই আন লোকসকলৰ লগতে তেওঁৰো প্ৰাণ কাঢ়ি নিয়ে। লক্ষণীয়ভাৱে যোৱা ৫ জুনত তেওঁ লণ্ডনলৈ যোৱাৰ কথা আছিল। কিন্তু লুধিয়ানা পশ্চিমৰ উপ-নিৰ্বাচনত ব্যস্ত থকাৰ বাবে তেওঁ এই লণ্ডন ভ্ৰমণ পিছুৱাই দিছিল। উল্লেখ্য যে বিজয় ৰূপানীৰ কনিষ্ঠ পুত্ৰ পূজিতেও এক দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছিল।