মধ্য প্ৰাচ্যত যুদ্ধৰ দাবানলঃ শতাধিক বেলিষ্টিক মিছাইলেৰে ইজৰাইলত প্ৰত্যাক্ৰমণ ইৰাণৰ
ইজৰাইলত ভয়ংকৰ প্ৰত্যাক্ৰমণ চলাইছে ইৰাণে। ইজৰাইলৰ জেৰুজালেম আৰু টেল আভিভ চহৰত মাত্ৰ ৬৫ মিনিটৰ ভিতৰতে শতাধিক বেলিষ্টিক মিছাইল নিক্ষেপেৰে ইৰাণে চলাইছে ভয়াৱহ আক্ৰমণ। এই আক্ৰমণৰ সময়ত দুয়োখন চহৰত ২১ জন লোক আহত হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ইজৰাইল আৰু ইৰাণৰ সংঘাতে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত চলোৱা আক্ৰমণৰ পিছতে এক ভয়াৱহ পৰিস্থিতিৰ উমান পোৱা গৈছিল। আৰু এতিয়া এই আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলত ভয়ংকৰ প্ৰত্যাক্ৰমণ চলালে ইৰাণে। ইজৰাইলৰ জেৰুজালেম আৰু টেল আভিভ চহৰত মাত্ৰ ৬৫ মিনিটৰ ভিতৰতে শতাধিক বেলিষ্টিক মিছাইল নিক্ষেপেৰে ইৰাণে চলাইছে ভয়াৱহ আক্ৰমণ। এই আক্ৰমণৰ সময়ত দুয়োখন চহৰত ২১ জন লোক আহত হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।
ইৰাণৰ সেনাই ইজৰাইলৰ বিৰুদ্ধে চলোৱা এই অভিযানক ‘Severe Punishment’ অৰ্থাৎ কঠোৰ শাস্তি হিচাপে নামকৰণ কৰিছে। উল্লেখ্য যে ইজৰাইলে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ইতিপূৰ্বে চলোৱা আক্ৰমণত তিনিগৰাকী শীৰ্ষ সামৰিক বিষয়া নিহত হৈছিল। ইয়াৰ পিছতে মধ্যপ্ৰাচ্যৰ এই দুয়োখন প্ৰতিদ্বন্দ্বী দেশৰ মাজত যুদ্ধৰ সম্ভাৱনা বৃদ্ধি পাইছিল। ১৯৮০ চনৰ ইৰাকৰ সৈতে হোৱা যুদ্ধৰ পিছত ইৰাণৰ ওপৰত এয়া আছিল সৰ্ববৃহৎ আক্ৰমণ।
এই আক্ৰমণৰ মাত্ৰ ১২ ঘণ্টাৰ পিছতে ইৰাণে আলী ইজৰাইলক আক্ৰমণ কৰে। ইৰাণৰ সংবাদ সংস্থা মেহৰ নিউজে ইজৰাইলৰ টিভি-১৩ৰ উদ্ধৃতিৰে প্ৰকাশ কৰা মতে এই আক্ৰমণত ইৰাণে টেল আভিভৰ যুদ্ধ মন্ত্ৰালয়কো লক্ষ্য কৰি লৈছে। এই স্থানতে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধৰ কৌশল প্ৰস্তুত কৰে বুলি কোৱা হয়। ইৰাণৰ এই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত ইজৰাইল সেনাই এক বিবৃতি প্ৰকাশ কৰিছে।
এই বিবৃতি যোগে ইজৰাইল সেনাই কয় যে, কিছু সময় পূৰ্বে আইডিএফে ইৰাণৰ পৰা ইজৰাইলৰ ফালে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ চিনাক্ত কৰিছিল। প্ৰতিৰক্ষা ব্যৱস্থাই এই ভাবুকি ৰোধৰ বাবে চেষ্টা চলাই থকা বুলি উল্লেখ কৰি ইজৰাইলী সেনাই লগতে জনসাধাৰণক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশনা দিয়ে পৰৱৰ্তী জাননী লাভ নকৰা পৰ্যন্ত নিৰাপদ স্থানতে থাকিবলৈ পৰামৰ্শ দিয়ে।
ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে ইৰাণে ইজৰাইলৰ অসামৰিক স্থানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ সাহস কৰি ৰেড লাইন অতিক্ৰম কৰিছে। তেওঁ লগতে নিজ দেশ ইজৰাইলৰ নাগৰিকৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি আয়াতুল্লাহৰ ইৰাণে নিজৰ অপৰাধমূলক কাৰ্যৰ বাবে বৃহৎ মূল্য পৰিশোধ কৰিব লাগিব বুলিও হুংকাৰ দিয়ে। ইতিপূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও ইৰাণৰ প্ৰতি স্পষ্ট হুংকাৰ প্ৰেৰণ কৰিছিল।
ইজৰাইলৰ প্ৰতি থকা পাৰমাণৱিক ভাবুকি আৰু বেলিষ্টিক মিছাইলৰ ভাবুকি আঁতৰোৱাৰ বাবে ইৰাণত এই সামৰিক অভিযান চলোৱা হৈছে বুলি নেতানিয়াহুৱে উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে ইৰাণৰ উচ্চতম নেতা আলী খামেনেইৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা প্ৰকাশিত এক বিবৃতিত ইছলামিক ৰিপাব্লিকৰ সশস্ত্ৰ বাহিনীয়ে ইজৰাইলৰ জায়নী শাসনৰ বিৰুদ্ধে জয়লাভ কৰিব বুলি হুংকাৰ দিছিল। ইজৰাইলৰ জায়নীবাদী শাসন এনে জঘন্য অপৰাধৰ পৰা নিৰাপদে সাৰি যাব নোৱাৰিব বুলি বিবৃতিটোত কোৱা হৈছিল।