TV9 ASSAM
লৰ্ডছত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰায় জয়ৰ কাষ চাপিছে দক্ষিণ আফ্ৰিকা।
অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৮২ ৰানৰ জয়ৰ লক্ষ্যত উপনীত হ’বলৈ দলটোক মাত্ৰ ৬৯ ৰানৰ প্ৰয়োজন। দুটা দিনৰ বাকী থকাৰ লগতে দক্ষিণ আফ্ৰিকাৰ হাতত এতিয়াও ৮টা উইকেট অক্ষত আছে।
দক্ষিণ আফ্ৰিকাৰ এই শক্তিশালী স্থিতিৰ মূলতে আছে অপেনাৰ এইডেন মাৰ্ক্ৰামৰ দৰ্শনীয় শতক। এইপৰ্যন্ত তেওঁ ১০২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে।
নিজ টেষ্ট কেৰিয়াৰত মাৰ্ক্ৰামৰ এই অষ্টম শতক ঐতিহাসিক হিচাপে বিবেচিত হৈছে। টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত শতক অৰ্জন কৰা তেওঁ বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ।
মাৰ্ক্ৰামৰ পূৰ্বে কেৱল মাত্ৰ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ আৰু ট্ৰেভিছ হেডেহে এই কৃতিত্ব অৰ্জন কৰিছিল। দুয়ো ২০২৩ চনৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল।
লক্ষণীয়ভাৱে মাৰ্ক্ৰামে নিজ টেষ্ট কেৰিয়াৰত ইংলেণ্ডৰ মাটিত প্ৰথমবাৰৰ বাবে ৫০ৰ উৰ্ধৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে।
পঢ়িবলৈ ক্লিক কৰক
WTCৰ ফাইনেলত খেলুৱৈৰ বাহুত ক’লা বেণ্ড!