শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ahmedabad Plane Crash : নিহতসকলক চিনাক্তকৰণৰ বাবে আৰম্ভ হৈছে DNA পৰীক্ষা !

বিমান দুৰ্ঘটনাত নিহতসকলক চিনাক্তকৰণৰ বাবে কৰা হৈছে DNA পৰীক্ষা । আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছতে সাংবাদিকৰ আগত এই কথা সদৰী গৃহমন্ত্ৰীগৰাকীয়ে ।

Ahmedabad Plane Crash : নিহতসকলক চিনাক্তকৰণৰ বাবে আৰম্ভ হৈছে DNA পৰীক্ষা !
অমিত শ্বাহImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 13 Jun 2025 18:56 PM

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতসকলক চিনাক্তকৰণৰ বাবে আৰম্ভ হৈছে ডি এন এ পৰীক্ষা। একেদৰে আহতসকলক সাক্ষাৎ কৰা হৈছে। আহতসকলৰ পৰিয়ালৰ সৈতেও যোগাযোগ কৰা হৈছে । শুকুৰবাৰে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, “এই দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছে । এনে ঘটনা সঁচাই অবাঞ্চিত। কেন্দ্ৰীয় চৰকাৰ, গুজৰাট চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ হৈ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰে উদ্ধাৰৰ কাম চলাই থকা হৈছে ।”

বৃহস্পতিবাৰৰ দুৰ্ঘটনাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে কেইবাখনো ছবি। য’ত দেখা গৈছে যে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা ইটোৰ পিছত সিটোকৈ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মুখবোৰ চাই চিনাক্ত কৰাটো অতি কঠিন। এই পৰিস্থিতিত ডি এন এ পৰীক্ষাৰ জৰিয়তে নিহতসকলৰ চিনাক্তকৰণৰ কাম চলাই থকা হৈছে ।

গৃহমন্ত্ৰীগৰাকীয়ে কয়, “চিকিৎসকে প্ৰতিটো মৃতদেহৰ ডি এন এ নমুনা সংগ্ৰহ কৰি তেওঁলোকৰ সম্ভাৱ্য পৰিয়ালৰ ডি এন এৰ সৈতে মিলাই মৃতদেহ চিনাক্ত কৰিছে।” এই প্ৰসংগত শ্বাহে আৰু কয়, “চিকিৎসকে ২ ঘণ্টাৰ ভিতৰত ডি এন এ নমুনা সংগ্ৰহৰ কাম সম্পূৰ্ণ কৰি আছে। বহিঃৰাজ্যত থকা মৃতকৰ পৰিয়ালে দেশলৈ আহি ডি এন এৰ নমুনা দিব আৰু সেই অনুসৰি চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলিব।”

মন কৰিবলগীয়া যে, আহমেদাবাদৰ দুৰ্ঘটনাৰ আধাৰত এএআইবি বা বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এই সংস্থাটোৱে দেশৰ আকাশমাৰ্গত যিকোনো ধৰণৰ বিমান দুৰ্ঘটনা সংঘটিত হ’লে তদন্তৰ দায়িত্ব পালন কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে যোৱা নিশাৰ পৰা তদন্ত কৰি থকা বুলি জানিবলৈ দিয়ে।