TV9 ASSAM
লৰ্ডছত অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ মাজত চলি আছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ ফাইনেল। ফাইনেলৰ আজি তৃতীয় দিনা মেচখন ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে।
মিচেল ষ্টাৰ্কৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ সমুখত জয়ৰ বাবে ২৮২ ৰান লক্ষ্য বান্ধি দিছে।
মেচখনত আজি দুয়ো দলৰ খেলুৱৈসকলে বাহুত ক’লা বেণ্ড পৰিধান কৰি খেলপথাৰত নামিছে। কিয় এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেয়া জানিবলৈ সকলো উৎসুক।
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ প্ৰতি শোক প্ৰকাশ কৰি এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ পূৰ্বে আজিৰ খেল আৰম্ভ হোৱাৰ আগে আগে খেলপথাৰত ১ মিনিটৰ মৌন প্ৰাৰ্থনাও কৰা হয়।
ইফালে টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডত থকা ভাৰতীয় দলেও আজি হাতত ক’লা বেণ্ড লগাই খেলপথাৰত মৌন প্ৰাৰ্থনা কৰি এই শোকাৱহ ঘটনাৰ প্ৰতি দুখ প্ৰকাশ কৰে।
আজিৰ পৰা ভাৰতীয় দলে ভাৰত এ দলৰ সৈতে ইণ্ট্ৰা স্কোৱাড মেচ খেলিছে। এই মেচৰ পূৰ্বে খেলুৱৈ তথা দলৰ সহায়ক কৰ্মচাৰীসকলে আহমেদাবাদ কাণ্ডত শোক প্ৰকাশ কৰে।
পঢ়িবলৈ ক্লিক কৰক
বিমান দুৰ্ঘটনাত শোকাহত ভাৰতীয় ক্ৰিকেট