Morning News: ৰাজ্যৰ পৰা বিশ্ব প্ৰেক্ষাপটলৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ১. ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘাতে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইলে চলোৱা আক্ৰমণৰ পিছতে ইৰাণে প্ৰত্যাক্ৰমণ চলাইছে। ইজৰাইলৰ ওপৰত মাত্ৰ ৬৫ মিনিটৰ ভিতৰতে প্ৰায় ২০০ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণে। মূলতঃ ইজৰাইলৰ জেৰুজালেম আৰু টেল আভিভ চহৰত এই আক্ৰমণৰ অধিক প্ৰভাৱ পৰিছে।
- ২. বিগত কেইটামান দিন উৎকট গৰমে ৰাজ্যবাসীক জুৰুলা কৰাৰ পিছত আজি কিছু সকাহ দিছে বতৰে। ৰাজ্যৰ কেইবাখনো জিলাত আজি বৰষুণৰ পূৰ্বাভাস জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে কামৰূপ, ডিব্ৰুগড়, তিনিচুকীয়াসহ কেইবাখনো জিলাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে।
- ৩. বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত পৰিচয় দিয়াৰ উদ্দেশ্যৰে চলিত বৰ্ষৰ নৱেম্বৰ অথবা ডিচেম্বৰ মাহৰ প্ৰথম ভাগত গুৱাহাটীত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। প্ৰায় ১০ ৰ পৰা ১১ হাজাৰ শিল্পীৰ দ্বাৰা গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত এই নৃত্য পৰিৱেশিত হ’ব।
- ৪. ধুবুৰী জিলাস্থিত এক হনুমান মন্দিৰ চৌহদৰ ভিতৰত কিছুদিন পূর্বে নিষিদ্ধ মাংস উদ্ধাৰ হোৱা ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য। পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলা ভ্রমণ কৰে। এই ভ্ৰমণৰ সময়ত সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে জিলা প্ৰশাসনক অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ লগতে ৰেপিড একচন ফ’ৰ্চ (আৰ এ এফ) কো নিয়োগ কৰাৰ নিৰ্দেশ দিয়ে।
- ৫. আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ আঁৰৰ কাৰণ অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে। কালি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমানখন দুৰ্ঘটনাৰ পিছতে বাগৰি পৰা চিকিৎসক আৱাসটোৰ চাদৰ পৰা এই ব্লেক বক্সটো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।
- ৬. এয়াৰ ইণ্ডিয়াৰ AI-171 বিমানৰ দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ এক উচ্চ-স্তৰীয় সমিতি গঠন কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক টুইট যোগে এই বিষয়ে সদৰী কৰিছে। এই সমিতিখনে এনেধৰণৰ ঘটনা কিদৰে ৰোধ কৰিব পৰা যায়, সেই বিষয়ে পৰ্যালোচনা কৰিব আৰু ভৱিষ্যতে এনে ঘটনা সন্মুখীন হ’লে কিদৰে সঠিকভাৱে সঁহাৰি জনাব পাৰি তাৰ বাবে বিস্তৃত নিৰ্দেশনা আগবঢ়াব।
- ৭. বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ খিতাপ জয়ৰ পূৰ্ণ সুযোগ লাভ কৰিছে দক্ষিণ আফ্ৰিকাই। প্ৰতিযোগিতাৰ ফাইনেলত অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৮২ ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই এইডেন মাৰ্ক্ৰামৰ অপৰাজিত শতক আৰু অধিনায়ক টেম্বা বাভুমাৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত শক্তিশালী স্থিতিত উপনীত হৈছে। হাতত এতিয়াও ৮টা উইকেট আৰু দুটা সম্পূৰ্ণ দিন বাকী থকা অৱস্থাত দলটোক জয়ৰ বাবে এতিয়া মাত্ৰ ৬৯ ৰানৰ প্ৰয়োজন।