“অপাৰেচন ৰাইজিং লায়ন”ৰ মাজতে মোদীলৈ ফোন নেতানিয়াহুৰ, কি বাৰ্তা দিলে ভাৰতে ?
ইৰাণৰ তেহৰাণ আৰু ইয়াৰ আশে-পাশে থকা পাৰমাণৱিক আৰু সামৰিক ঘাটিত ইজৰাইল সেনাই অভিযান চলাইছে। যাৰ নাম দিয়া হৈছে "অপাৰেচন ৰাইজিং লায়ন"। এই অপাৰেচন চলি থকাৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰে বুলি জানিব পৰা গৈছে ।

পুনৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনা । ইৰাণৰ তেহৰাণ আৰু ইয়াৰ আশে-পাশে থকা পাৰমাণৱিক আৰু সামৰিক ঘাটিত ইজৰাইল সেনাই অভিযান চলাইছে। যাৰ নাম দিয়া হৈছে “অপাৰেচন ৰাইজিং লায়ন”। এই অপাৰেচন চলি থকাৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰে বুলি জানিব পৰা গৈছে ।
ফোনত ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেহৰাণত কিয় এই অভিযান চলোৱা হৈছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে বুলি জানিব পৰা গৈছে । নেতানিয়াহুৰ সৈতে হোৱা বাৰ্তালাপৰ সন্দৰ্ভত এক্স হেণ্ডেলত মোদীয়ে লিখিছে যে, ভাৰতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ বাৰ্তা প্ৰেৰণ কৰি অঞ্চলটোত দ্ৰুত শান্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
Received a phone call from PM @netanyahu of Israel. He briefed me on the evolving situation. I shared India’s concerns and emphasized the need for early restoration of peace and stability in the region.
— Narendra Modi (@narendramodi) June 13, 2025
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰই দাবী কৰিছে যে, ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰি আছে । ই ইজৰাইলৰ বাবে এক ভাবুকি । ইয়াৰ পৰা ইজৰাইলক ৰক্ষা কৰিবলৈ তেহৰাণ আৰু ইয়াৰ আশে-পাশে ইজৰাইল সেনাৰ ‘অপাৰেচন ৰাইজিং লায়ন’ চলোৱা হৈছিল।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰে যে, ইজৰাইলৰ সেনাই ইৰাণৰ পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ ঘাটিক লক্ষ্য কৰি অভিযান আৰম্ভ কৰিছে। তেওঁ এই আক্ৰমণক ইজৰাইলৰ অস্তিত্ব ৰক্ষাৰ বাবে এক প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰে।
একে সময়তে নেতানিয়াহুৱে এটা বাৰ্তা প্ৰেৰণ কৰে, “আমাৰ যুদ্ধ ইৰাণৰ সাধাৰণ জনতাৰ সৈতে নহয়, আমাৰ যুদ্ধ ইৰাণৰ একনায়কত্ববাদৰ বিৰুদ্ধে। ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ইৰাণৰ ভাবুকিৰ বিৰুদ্ধে আমি লক্ষ্য নিৰ্ধাৰণ কৰি সামৰিক অভিযান আৰম্ভ কৰিছোঁ। এই অভিযান যিমান দিন লাগিব সিমান দিনলৈকে চলি থাকিব।”
অপাৰেচন ৰাইজিং লায়নৰ পিছত নেতানিয়াহুৱে বিশ্বৰ কেইবাখনো দেশৰ নেতাৰ সৈতে কথা পাতিছিল। সেই অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈয়ো ফোন কৰে নেতানিয়াহুৱে । ইজৰাইলে কিয় এই অভিযান চলাবলৈ বাধ্য হ’ল সেই সন্দৰ্ভত তেওঁ বিতংভাৱে কয়। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।
নেতানিয়াহুৰ সৈতে ফোনত কথা পতাৰ পিছত মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পৰা ফোন আহিছিল। তেওঁ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰিছিল। মই ভাৰতৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি অঞ্চলটোৰ শান্তি প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিছিলোঁ।”