ভাৰতৰ ইতিহাসত অন্যতম বৃহৎ বিমান দুৰ্ঘটনা, বিপদত পৰিব নেকি টাটা গ্ৰুপ?
Effect On Tata: এই ঘটনাই কেৱল টাটা গ্ৰুপকে প্ৰভাৱিত নকৰে। ভাৰতীয় অন্য বিমান সেৱাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব।
হস্পতিবাৰে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰীমলাইনাৰ বিমান। বিমানখনত আছিল ২৪২ গৰাকী লোক। সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি এই বিমানখনত পাইলট আৰু কেবিন ক্ৰুকে ধৰি প্ৰায় সকলো লোকৰ মৃত্যু হ’ব পাৰে। অৱশ্যে এনে শংকাক ভুল প্ৰমাণিত কৰি প্ৰাণ ৰক্ষা পৰিছে এজন যাত্ৰীৰ। এই বিমান দুৰ্ঘটনা ভাৰতীয় বিমান পৰিবহণৰ ইতিহাসত কেৱল এটা ক’লা অধ্যায় হৈ ৰ’ল। এই অভিশপ্ত দুৰ্ঘটনাটোৰ প্ৰভাৱ এয়াৰ ইণ্ডিয়াৰ প্ৰধান অংশীদাৰ টাটা গ্ৰুপৰ ওপৰত বৰ বেয়াকৈ পৰিব পাৰে।
১৯৩২ চনত জে আৰ ডি টাটাই টাটা এয়াৰলাইন্স আৰম্ভ কৰে। স্বাধীনতাৰ পিছত ১৯৪৮ চনত চৰকাৰে টাটা এয়াৰলাইন্সত অংশীদাৰিত্ব বৃদ্ধি কৰে। পিছলৈ জৱাহৰলাল নেহৰুৰ দিনত টাটা এয়াৰলাইন্স ৰাষ্ট্ৰীয়কৰণ (Nationalisation) হয়। পৰৱৰ্তী সময়ত ২০২২ চনৰ ২৭ জানুৱাৰীত টাটা গ্ৰুপে আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়াৰ ৭৪.৯ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰে। এয়াৰ ইণ্ডিয়াৰ বাকী ২৫.১ শতাংশ ছিংগাপুৰ এয়াৰলাইন্সৰ মালিকানাধীন।
অৱশ্যে এই ঘটনাই কেৱল টাটা গ্ৰুপকে প্ৰভাৱিত নকৰে। ভাৰতীয় অন্য বিমান সেৱাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। ইতিমধ্যে ইণ্ডিগ’ আৰু স্পাইচজেটৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। ইয়াৰোপৰি টাটাৰো কেইবাটা শ্বেয়াৰৰ মূল্য কমি আহিছে। ইয়াৰ ভিতৰত টাটা কনচালটেন্সি চাৰ্ভিচেছ (Tata Consultancy Services), টাটা টেকন’লজিছ (Tata Technologies)
অন্তৰ্গত।