আহমেদাবাদত বিমান দুৰ্ঘটনা: বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী
আহমেদাবাদ বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান । গুজৰাটৰ আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ উৰা মাৰিছিল বিমানখনে এই বিমানখনত কমেও ২৪২ জন লোক আছিল।বিমানখনত যাত্ৰা কৰিছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে। দুৰ্ঘটনাটোৰ দৃশ্যবোৰ যথেষ্ট ভয়াৱহ।

গুজৰাটৰ আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যোৱা এখন বিমান আহমেদাবাদ বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই বিমানখনত ক্ৰু মেম্বাৰকে ধৰি মুঠ ২৪২ জন লোক আছিল। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনত । দুৰ্ঘটনাটোৰ দৃশ্যবোৰ যথেষ্ট ভয়াৱহ। খবৰ অনুসৰি বিমানখনে গছত খুন্দা মৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।
অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো সুনিৰ্দিষ্ট তথ্য পোৱা নাই। বিমানখনত মুঠ ১০ জন ক্ৰু মেম্বাৰ থকাৰ খবৰ পোৱা গৈছে। বিজয় ৰূপানী গুজৰাটৰ ১৬ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত মুঠ দুটা কাৰ্যকাল গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি গুজৰাটৰ ৰাজকোট পশ্চিম বিধানসভাৰ আসনৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল তেওঁ।
এই বিমান দুৰ্ঘটনা কেনেকৈ হ’ল?
তথ্য অনুসৰি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰণৰ ১ মিনিটৰ ভিতৰতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। কোৱা হৈছে যে আকাশৰ পৰা প্ৰায় ৬২৫ ফুট উচ্চতা পোৱাৰ লগে লগে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এআই-১৭১ বিমানখনত ২জন পাইলট আৰু ১০জন কেবিন ক্ৰুসহ ২৪২জন লোক আছিল। প্ৰথম বিষয়া ক্লাইভ কুণ্ডাৰৰ সৈতে বিমানখনৰ কমাণ্ডিং আছিল কেপ্তেইন সুমিত সভাৰৱালে।
বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ তেওঁলোকক আহমেদাবাদলৈ গৈ বিমান দুৰ্ঘটনাৰ পিছত ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ কয়: সূত্ৰ
আহমেদাবাদ দুৰ্ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেকাৰনে কয় যে, “অতি দুখেৰে মই নিশ্চিত কৰিছো যে আহমেদাবাদ-লণ্ডন গেটৱিকল অভিমুখী এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন আজি দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই ভয়াৱহ কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোৰে পৰিয়াল আৰু আপোনজনৰ সৈতে আমাৰ সমবেদনা জ্ঞাপন কৰিছো। এই সময়ত আমাৰ মনোযোগ সকলো ক্ষতিগ্ৰস্ত লোকক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰাৰ ওপৰত। আমি ক্ষমতাত থকা সকলো কাম কৰি আছো। জৰুৰীকালীন সঁহাৰি দলসমূহক স্থানত সহায় কৰিবলৈ আৰু ক্ষতিগ্ৰস্তসকলক সকলো প্ৰয়োজনীয় সহায় আৰু যত্ন প্ৰদান কৰিবলৈ আমি অধিক পৰীক্ষিত তথ্য লাভ কৰাৰ লগে লগে অধিক আপডেটসমূহ শ্বেয়াৰ কৰা হ’ব।”