শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিমিষতে সকলো শেষ… বিমান দুৰ্ঘটনাৰ বিষয়ে TV9 ক জনালে আহমেদাবাদৰ আৰক্ষী আয়ুক্তই

আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্তই কয় যে, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া এয়াৰলাইন্সৰ বিমানখনত কোনো লোক জীয়াই থকাৰ আশা নাই। এই বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল।

নিমিষতে সকলো শেষ… বিমান দুৰ্ঘটনাৰ বিষয়ে TV9 ক জনালে আহমেদাবাদৰ আৰক্ষী আয়ুক্তই
বিমান দুৰ্ঘটনাৰ বিষয়ে TV9 ক জনালে আহমেদাবাদৰ আৰক্ষী আয়ুক্তই
barasha-misra
Barasha Misra | Updated On: 12 Jun 2025 19:02 PM

আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত ডাঙৰ খবৰ পোহৰলৈ আহিছে। টিভি ৯ ভাৰতবৰ্ষৰ সৈতে হোৱা বাৰ্তালাপত আহমেদাবাদৰ আৰক্ষী আয়ুক্তই কয় যে, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া এয়াৰলাইন্সৰ বিমানখনত থকা লোকসকল জীয়াই থকাৰ আশা ক্ষীণ। এই বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল লণ্ডনলৈ। অৱশ্যে উৰণৰ কিছু সময়ৰ পাছতে আৱাসিক এলেকাত বিমানখনে দুৰ্ঘটনা সংঘটিত কৰে। বিমানখনত পাইলট আৰু ক্ৰু মেম্বাৰকে ধৰি ২৪২ জন লোক আছিল।

বিমান দুৰ্ঘটনাৰ তদন্ত কৰিব AAIB (Aircraft Accident Investigation Bureau)ৰ। এজন বিষয়াই জনোৱা মতে, এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ বয়িং ৭৮৭ বিমানত ২৪২ জন লোক আছিল। এই বিমান দুৰ্ঘটনাই সমগ্ৰ দেশক কঁপাই তুলিছে। ইয়াৰ বাবে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি সকলো নেতাই শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইয়াক হৃদয় বিদাৰক বিপদ বুলি অভিহিত কৰিছে।

বিমানখনত কোনখন দেশৰ কিমান নাগৰিক আছিল?

দুৰ্ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বয়িং ৭৮৭-৮ বিমানে দুপৰীয়া ১:৩৮ বজাত উৰা মাৰিছিল। ইয়াত ১২ জন ক্ৰু সদস্যকে ধৰি ২৪২ জন যাত্ৰী আছিল, বাকী ২৩০ জন যাত্ৰীৰ ভিতৰত ১৬৯ জন ভাৰতীয়। ৫৩ জন ব্ৰিটিছ নাগৰিক, ১ জন যাত্ৰী কানাডাৰ আৰু ৭ জন পৰ্তুগালৰ নাগৰিক। ইতিমধ্যে এয়াৰ ইণ্ডিয়াইও জাৰি কৰিছে হেল্পলাইন নম্বৰ।

এয়াৰ ইণ্ডিয়াই ছ’চিয়েল মিডিয়া পোষ্টত দিয়া তথ্য অনুসৰি যাত্ৰীসকলৰ বাবে ১৮০০ ৫৬৯১ ৪৪৪ নম্বৰ হেল্পলাইনো আৰম্ভ কৰা হৈছে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে। তদন্তকাৰী বিষয়াসকলৰ সৈতে এয়াৰ ইণ্ডিয়াই পূৰ্ণ সহযোগিতা আগবঢ়াইছে।