শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহমেদাবাদৰ বিমান দুৰ্ঘটনা: এতিয়াও শেষ হোৱা নাই বিভীষিকা! ৩ দিনৰ পিছতো মৃতদেহ উদ্ধাৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত অবিৰতভাৱে চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম। ইফালে তৃতীয় দিনা ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে এটা মৃতদেহ। এই মৃতদেহটো বিমানখনৰ পিছফালৰ অংশত আবদ্ধ হৈ আছিল। এন ডি আৰ এফৰ দলটোৱে উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমান মৃতদেহটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আহমেদাবাদৰ বিমান দুৰ্ঘটনা: এতিয়াও শেষ হোৱা নাই বিভীষিকা! ৩ দিনৰ পিছতো মৃতদেহ উদ্ধাৰ
আহমেদাবাদৰ বিমান দুৰ্ঘটনা
trishna-kalita
Trishna Kalita | Published: 14 Jun 2025 15:35 PM

শেহতীয়াকৈ আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত উদ্ধাৰ অভিযান অবিৰতভাৱে অব্যাহত আছে। ইয়াৰ পিছত একেৰাহে তৃতীয় দিন ধৰি ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে এটা মৃতদেহ। বিমানখনৰ পিছফালৰ অংশত উদ্ধাৰ হৈছে এটা মৃতদেহ। শনিবাৰে এয়াৰ ইণ্ডিয়া এআই-১৭১ বিমানৰ পিছফালৰ অংশৰ ধ্বংসাৱশেষৰ পৰা এই মৃতদেহটো উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী কৰ্মীসকলে। ইফালে বিমান দুৰ্ঘটনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ কমিটী। শনিবাৰে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় সমিতিৰ সদস্যসকল। এই সকলোবোৰৰ মাজতে সেই স্থানতে চলি আছে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম।

ইফালে শনিবাৰে পুৱা বিমানখনৰ পিছফালৰ অংশৰ পৰা উদ্ধাৰ হয় এটা মৃতদেহ। এন ডি আৰ এফৰ দলটোৱে উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমান মৃতদেহটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ সদস্যসকলেও তাত শিবিৰ পাতিছে।

আপোনজনৰ মৃতদেহ বিচাৰি হাহাকাৰ পৰিয়ালৰ সদস্য

টিভি৯ৰ সৈতে হোৱা বাৰ্তালাপত এএআইবিৰ এজন সদস্যই কয়, “আমি তদন্ত আৰম্ভ কৰিছো। ইয়াৰ লগত জড়িত যিকোনো তথ্য অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰিব। আহমেদাবাদ অসামৰিক চিকিৎসালয়ত আত্মীয়ৰ অৱস্থা বেয়া। তৃতীয় দিনাও বহু আত্মীয়ই নিজৰ আপোনজনৰ মৃতদেহৰ বাবে সংগ্ৰাম কৰি থকা দেখা গৈছিল। চিকিৎসালয়খনৰ তথ্য অনুসৰি ২৪০ জন লোকৰ নমুনা লোৱা হৈছে।

বিমান দুৰ্ঘটনাত ২৭৪ জন লোকৰ মৃত্যু

আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা বিমানখন উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনে বিজি মেডিকেল কলেজ হোষ্টেলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ ফলত হোষ্টেলৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। শনিবাৰলৈকে মুঠ মৃত্যুৰ সংখ্যা ২৭৪ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ২৪১ জন লোক বিমানখনত আছিল আৰু বাকী ৩৩ জন বিমান দুৰ্ঘটনাৰ সময়ত আশে-পাশে উপস্থিত আছিল।

এয়াৰ ইণ্ডিয়াৰ বিমানখনত ২৪২ জন লোকৰ লগতে ১০ জন ক্ৰু মেম্বাৰ আৰু ২জন পাইলট আছিল, য’ত আছিল ১৬৯ জন ভাৰতীয় নাগৰিক, ৫৩ জন ব্ৰিটিছ নাগৰিক, ৭ জন পৰ্তুগীজ আৰু এজন কানাডাৰ নাগৰিক। বিমানখনত থকা ২৪২ জন যাত্ৰীৰ ভিতৰত ২৪১ জনৰ মৃত্যু হৈছে। এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মাত্ৰ এজন ব্যক্তিৰহে জীৱন ৰক্ষা পৰিছে। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ  ।  তেওঁ বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে

শনিবাৰে পুৱা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি আহমেদাবাদত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ এটা দল মোতায়েন কৰা হৈছে। বিমান দুৰ্ঘটনা তদন্ত ব্যুৰো (এএআইবি), অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ), আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চ আৰু স্থানীয় আৰক্ষীকে ধৰি কেইবাটাও সংস্থাই কৰিছে এই দুৰ্ঘটনাটোৰ তদন্ত। শুকুৰবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিষয়াসকলেও সেই স্থান পৰিদৰ্শন কৰে।