ব্ৰাজিলিয়াত উপস্থিত প্ৰধানমন্ত্ৰী মোদীঃ শিৱ তাণ্ডৱেৰে জনোৱা হ’ল উষ্ম আদৰণি
ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰী জোচে মুচিঅ’ মণ্টেইৰো ফিলহ’ই তেওঁক বিমানবন্দৰত আদৰণি জনায়। এই সময়তে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ উদ্দেশ্যে ব্ৰাজিলৰ পৰম্পৰাগত ছাম্বা ৰেগে আৰু শিৱ তাণ্ডৱ পৰিৱেশন কৰা হয়।

ব্ৰিকছ সন্মিলন অন্ত পৰাৰ পিছতে আনুষ্ঠানিক ব্ৰাজিল ভ্ৰমণৰ বাবে ব্ৰাজিলিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰী জোচে মুচিঅ’ মণ্টেইৰো ফিলহ’ই তেওঁক বিমানবন্দৰত আদৰণি জনায়। এই সময়তে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ উদ্দেশ্যে ব্ৰাজিলৰ পৰম্পৰাগত ছাম্বা ৰেগে আৰু শিৱ তাণ্ডৱ পৰিৱেশন কৰা হয়। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰমৰ্মে প্ৰধানমন্ত্ৰী মোদী লেটিন আমেৰিকাৰ দেশখনত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ পিছতে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সামাজিক মাধ্যমত এক পোষ্টযোগে কয় যে ভাৰত-ব্ৰাজিলৰ শক্তিশালী অংশীদাৰিত্বত নতুন পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰে।
উল্লেখ্য যে ইতিপূৰ্বেই ৬-৭ জুলাইত ব্ৰিকছ সন্মিলনৰ বাবে ব্ৰাজিলত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী। দেশখনৰ ৰিঅ’ ডি জেনেৰিঅ’ চহৰত এই সন্মিলন অনুষ্ঠিত হৈছিল। এতিয়া এই সন্মিলন অন্ত পৰাৰ পিছত আনুষ্ঠানিক ব্ৰাজিল ভ্ৰমণৰ বাবে তেওঁ ব্ৰাজিলিয়াত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে লুইছ ইনাচিও লুলা দা চিলভাৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসাধাৰণৰ যোগাযোগকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব প্ৰসাৰ কৰাৰ সন্দৰ্ভত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
Taking new strides in 🇮🇳-🇧🇷 steadfast partnership.
PM @narendramodi has landed in the capital city of Brasilia on a State Visit to Brazil. On arrival, he was warmly received by Mr. José Múcio Monteiro Filho, Minister of Defence of 🇧🇷, at the airport.
The welcome was made… pic.twitter.com/xaGiF1d8HA
— Randhir Jaiswal (@MEAIndia) July 7, 2025
প্ৰধানমন্ত্ৰী মোদীয়ে ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত বিশ্বৰ আন নেতাসকলৰ সৈতে বিস্তৃত আলোচনা হোৱা বুলি উল্লেখ কৰে। বিশ্বৰ নেতাসকলৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ভাৰতৰ বিভিন্ন দেশৰ সৈতে বন্ধুত্ব বৃদ্ধি পাব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সন্মিলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিক ভ্ৰমণৰ বাবে ব্ৰাজিলিয়াত উপস্থিত হ’ব বুলি এক্স যোগে জানিবলৈ দিছিল। এই সময়ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ সৈতে ভাৰত-ব্ৰাজিলৰ সম্পৰ্কৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হ’ব বুলি তেওঁ সদৰী কৰিছিল।
Aterrisei em Brasília há pouco tempo. A comunidade indiana me recebeu de forma memorável, destacando mais uma vez a paixão da nossa diáspora e o quanto eles permanecem conectados às suas raízes. pic.twitter.com/XLAzh4g1ho
— Narendra Modi (@narendramodi) July 7, 2025
ইয়াৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছ সন্মিলনৰ সময়ত উৰুগুৱেৰ ৰাষ্ট্ৰপতি য়ামাণ্ডু অ’ৰ্চীক সাক্ষাৎ কৰি ভাৰত আৰু দক্ষিণ আমেৰিকান সংস্থা ‘MERCOSUR’ৰ বাণিজ্য চুক্তি সম্প্ৰসাৰণৰ বিষয়ত আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি অ’ৰ্য়েচী ডিজিটেল সহযোগিতা, আইচিটি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, প্ৰতিৰক্ষা, ৰে’লৱে, স্বাস্থ্য আৰু ঔষধ, কৃষি, শক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা পৰ্যালোচনা কৰে।
আলোচনাৰ এটা মূল ক্ষেত্ৰ আছিল দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰা। অধিক অৰ্থনৈতিক সম্ভাৱনা আৰু বাণিজ্য মুকলি কৰাৰ লক্ষ্যৰে ভাৰত-MERCOSURৰ অগ্ৰাধিকাৰ বাণিজ্য চুক্তি সম্প্ৰসাৰণৰ বাবে দুয়োপক্ষই আগ্ৰহ প্ৰকাশ কৰে। উল্লেখ্য যে পাঁচখন দেশ ভ্ৰমণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ২ জুলাইৰ পৰা ১০ জুলাইলৈ বিদেশ ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে তেওঁ ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো আৰু আৰ্জেণ্টিনা ভ্ৰমণৰ অন্ত পেলাইছে। এতিয়া ব্ৰাজিল ভ্ৰমণৰ পিছত ৯ জুলাইত নামিবিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু দেশখনৰ সংসদত ভাষণ প্ৰদান কৰিব।