মাত্ৰ এটা মেছেজ! মাতৃ-পত্নীৰ সন্মুখতে ৩ বন্ধুই প্ৰাণ ল’লে বিনয়ৰ, কাৰণ শুনি আচৰিত আৰক্ষী…
এক ভয়ংকৰ হত্যাকাণ্ড। তিনি বন্ধুই মিলি প্ৰাণ ল'লে এজন বন্ধুৰ। এটা ফৰৱাৰ্ড মেছেজৰ বাবে এই নৃশংস কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটাইকেইজনক।

কিমান নৃশংস হলে বন্ধুই বন্ধুৰ হত্যা কৰিব পাৰে? আচৰিত লাগিলেও এয়াই সঁচা। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। নিজ বন্ধুয়ে হত্যা কৰিলে এজন যুৱকক। এই ঘটনা ইমানেই নৃশংস আছিল যে বিনয় দেৱাদিগা নামৰ লোকজনক মাতৃ, পত্নী আৰু ভগ্নীৰ আগতে তৰোৱালেৰে হানি খুচি হত্যা কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ উডুপি জিলাত।
ঘটনা সন্দৰ্ভত তথ্য প্ৰকাশ পোৱাৰ পাছতে অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। তিনি অভিযুক্ত ক্ৰমে অজিত (২৮), অক্ষেন্দ্ৰ (৩৪) আৰু প্ৰদীপ আচাৰ্য বুলি চিনাক্ত হৈছে। আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
জানিব পৰা মতে, বিনয় (২৫) আৰু তেওঁৰ হত্যাৰ অভিযুক্তসকল বন্ধু আছিল। আটাইয়ে ইজনে সিজনক চিনি পাইছিল, লগ কৰিছিল আনকি ঘৰলৈ অহা-যোৱাও কৰিছিল। এটা সময়ত দুয়ো একেটা কোম্পানীতে কাম কৰিছিল। কিন্তু সেই বন্ধুই এতিয়া বিনয়ৰ প্ৰাণ কাঢ়ে। যেতিয়া এই হত্যাকাণ্ডৰ কাৰণ আৰক্ষীয়ে জানিব পাৰে তেতিয়া স্তম্ভিত হৈ পৰে।
কিয় বন্ধুক কৰিলে হত্যা
জানিব পৰা মতে, এটা ফৰৱাৰ্ড মেছেজৰ বাবে তিনিজনে যুৱকে মিলি বন্ধু বিনয়ক হত্যা কৰে। তথ্য অনুসৰি, মৃত বিনয়ৰ মোবাইললৈ এটা অ়ডিঅ’ মেছেজ আহিছিল। য’ত জীৱন নামৰ এজন লোকে তেওঁৰ বন্ধু আৰু অভিযুক্ত অক্ষেন্দ্ৰক গালি-গালাজ পাৰে। বিনয়ে এই মেছেজটো বন্ধু কেইজনক ফৰৱাৰ্ড কৰি দিয়ে। এই কথাতে ক্ষোভিত হৈ অক্ষেন্দ্ৰ আৰু আন দুই বন্ধুই মিলি বিনয়ক হত্যা কৰে। ১২ আগষ্টৰ নিশা তেওঁলোকে এই কাণ্ড সংঘটিত কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১১ মান বজাত অজিত, অক্ষেন্দ্ৰ আৰু প্ৰদীপ বিনয়ৰ ঘৰত উপস্থিত হয়। আটাইকেইজন অভিযুক্তৰ বিনয় ঘৰত আছে নে নাই বুলি মাতৃক সোধে। মাতৃয়ে বিনয় ঘৰত আছে বুলি কয় আৰু তেতিয়া আটাইকেইজনক ঘৰত ভিতৰলৈ সোমাই যায়। বিনয়ৰ পৰিয়ালে আটাইকেইজনক চিনি পাইছিল। যাৰ বাবে কোনো সন্দেহ কৰা নাছিল। কিন্তু লগে লগে আটাইকেইজনে বিনয়ক ধৰে আৰু তৰোৱালেৰে আক্ৰমণ কৰে।
সেই সময়ত সেই স্থানত বিনয়ৰ পত্নী, মাতৃ আৰু ভগ্নী উপস্থিত আছিল। আটাইকেজনকে বিনয়ক এৰি দিয়াৰ বাবে অনুৰোধ কৰে যদিও অভিযুক্তই তেওঁলোকৰ কথা নুশুনে। স্বামীক বচাবলৈ চেষ্টা কৰি গুৰুতৰভাৱে আঘতপ্ৰাপ্ত হয় পত্নী। লগে লগে পত্নী আৰু স্বামীক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও আৰক্ষীয়ে বিনয়ক মৃত বুলি ঘোষণা কৰে। ইয়াৰ বিপৰীতে পত্নী চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে, মৃত বিনয় পূৰ্বতে এটা হত্যাৰ গোচৰত অভিযুক্ত আছিল। সেই গোচৰতেই তেওঁৰ এই বন্ধুকেইজনৰো নাম আছিল। সেই বন্ধুকেইজনে এতিয়া বিনয়ক হত্যা কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ ১০ বছৰীয়া শিশুক বচাবলৈ চেপ্টিক টেংকীত সোমাল ৩জন! আটাইকেইজনৰ মৃত্যু, প্ৰাণ ৰক্ষা শিশুটিৰ…