শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্লাউজটো খুলি দিয়া, নহ’লে…হঠাৎ ৰাজ কাপুৰে অভিনেত্ৰীৰ শাড়ীখন টানি দিছিল আৰু…

বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। বহু অভিনেতা- অভিনেত্ৰীৰ লগত আজৱ কিছুমান ঘটনা সংঘটিত হয়। এনে এক ঘটনা সংঘটিত হৈছিল জিনাত আমনৰ লগত। এক প'ডকাষ্টত তেওঁ এই কথা ঘোষণা কৰে।

ব্লাউজটো খুলি দিয়া, নহ’লে…হঠাৎ ৰাজ কাপুৰে অভিনেত্ৰীৰ শাড়ীখন টানি দিছিল আৰু…
ৰাজ কাপুৰ- জিনাতImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 02 Jul 2025 21:20 PM

কামৰ ক্ষেত্ৰত ৰাজ কাপুৰ আছিল অতি নিখুঁত! যেতিয়া পৰিকল্পনা অনুসৰি কামবোৰ হৈ নুঠিছিল তেতিয়া সকলোৱে তেওঁৰ খঙৰ উমান পাইছিল। ৰাজ কাপুৰৰ এনে খঙৰ সাক্ষী হৈছিল অভিনেত্ৰী জিনাত অমন। সকলোৰে সন্মুখত ৰাজ কাপুৰে এনে আচৰণ কৰিছিল যে বলীউডৰ এইগৰাকী অভিনেত্ৰী থতমত খাই গৈছিল।

এই ঘটনা ১৯৭৮ চনৰ। সেই সময়ত মুক্তি লাভ কৰা অন্যতম জনপ্ৰিয় ছবি ‘সত্যম শিৱম সুন্দৰম’য়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। লগতে এই ছবিখনে বিতৰ্কৰো সন্মুখীন হৈছিল। জিনাত অমানে যি বস্ত্ৰ পিন্ধি শিৱক পূজা কৰিছিল, সেয়া বিভিন্ন লোকে ভাল পোৱা নাছিল। অৱশ্যে এই বিতৰ্কিত দৃশ্যটোৰ শ্বুটিঙৰ সময়ত জিনাতে চকুলো টুকিছিল।

এক প’ডকাষ্টত সাক্ষাৎকাৰ দি জিনাতে কয়, সত্যম শিৱম সুন্দৰম মই মোৰ কেৰিয়াৰত কৰা আটাইতকৈ কঠিন ছবি আছিল। তেওঁ কয়,  “সেই সময়ত মই ছবি জগতত মই নতুন আছিলো। গতিকে মোৰ অলপ ভয়ো লাগিছিল। তেতিয়াই গম পালোঁ যে এই ছবিখনত কেইবাটাও ব’ল্ড দৃশ্য আছে। গতিকে এয়া গম পাই টেনচনটো অলপ বেছি হৈছিল”।

তেওঁ আৰু কয়,  “সত্যম শিৱম সুন্দৰম গীতটোৰ শ্বুটিং হ’বলগীয়া আছিল। মোক কোৱা হৈছিল যে মই কেৱল মাত্ৰ এখন বগা শাৰী পিন্ধি শিৱ মন্দিৰলৈ আহিব লাগিব আৰু শিৱলিংগত পানী অৰ্পন কৰিব লাগিব। ইয়াৰোপৰি শাড়ীখন আঁঠুৰ ওপৰলৈ পিন্ধিব লাগিব। এয়া শুনি মই আচৰিত হৈ পৰিছিলো। অলপ লাজো লাগিছিল। মই চিন্তিত হৈ পৰিছিলো যে ইমান মানুহৰ আগত এনে কাপোৰ পিন্ধি কেনেকৈ ওলাম। মনত বিভিন্ন সন্দেহ চলি আছিল। তাৰ পিছত মই নিজেই সিদ্ধান্ত লৈছিলো যে মই শাৰীখনৰ লগত ব্লাউজ পিন্ধিম। মই ভাবিলো যে ৰাজ কাপুৰক অসুবিধাৰ কথা ক’লে তেওঁ নাকচ নকৰে। কিন্তু ঘটিল তাৰ ওলোটা”।

তেওঁ লগতে কয়, “মোক ব্লাউজ পিন্ধি থকা দেখি ৰাজ কাপুৰৰ খং উঠিছিল। তেওঁ মোক চিঞৰিবলৈ উঠিছিল। তাৰ পিছত মোক ওচৰলৈ মাতি নিজ হাতেৰে শাৰীখন আঁতৰাই দিছিল। কৈছিল, এই ব্লাউজটো যদি খুলি নিদিয়া তেন্তে এই ছবিৰ পৰা তোমাক আঁতৰ কৰা হ’ব। এই গীতটোৱেই মোৰ ছবিৰ আটাইতকৈ ডাঙৰ বিষয়বস্তু”!

জিনাতে কয়, “ৰাজ কাপুৰৰ মুখৰ পৰা এই কথা শুনি মই স্তম্ভিত হৈ পৰিলো। মোৰ চকু চলচলীয়া হৈ পৰিছিল। লগে লগে মই অনুভৱ কৰিছিলো যে কেমেৰা চলি আছে। এই সকলোবোৰ কেমেৰাৰ আগতে হৈছিল। পাছত ৰাজ কাপুৰে যেনেকৈ কৈছিল তেনেকৈ সকলো কৰি গৈছিলো। এতিয়া বুজিলো তেওঁ কিয় এই গীতটোৰ শ্বুটিং এনেদৰে কৰিব বিচাৰিছিল। এই গীতটি বলীউডৰ এক মাইলৰ খুঁটি”।

 

অন্য খবৰ পঢ়কঃ ছলমান খানৰ সৈতে যোগাযোগত আছে নেকি আৰাধ্যা বচ্চন? জানক সত্য কি…