5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

National Film Awards: মালয়ালম ছবি আট্টমলৈ শ্ৰেষ্ঠ চিনেমাৰ বঁটা, অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি এমুঠি পুঠি

আজি ঘোষণা কৰা ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে মালয়ালম ভাষাৰ ছবি আট্টমে। অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে সন্মান লাভ কৰে এমুঠি পুঠিয়ে। ইফালে ঋষৱ শ্বেট্টীয়ে কান্তাৰাত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতা আৰু উচাঈৰ বাবে সূৰজ বৰজাত্যই শ্ৰেষ্ঠ পৰচালকৰ বঁটা লাভ কৰে।

National Film Awards: মালয়ালম ছবি আট্টমলৈ শ্ৰেষ্ঠ চিনেমাৰ বঁটা, অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি এমুঠি পুঠি
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
monjit-dutta
Monjit Dutta | Published: 16 Aug 2024 17:12 PM

আজি ঘোষণা কৰা হৈছে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিভিন্ন শিতানৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে। মালয়ালম ভাষাৰ চিনেমা আট্টমে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাৰ বিপৰীতে ঋষৱ শ্বেট্টীয়ে কান্তাৰাত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। আনহাতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে ক্ৰমে তিৰুচিত্ৰবালামৰ বাবে নিত্যা মেনেন আৰু কুচ এক্সপ্ৰেছৰ বাবে মানসী পাৰেখে লাভ। হিন্দী ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ বঁটা লাভ কৰে গুলমোহৰে। ইফালে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় এমুঠি পুঠি। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বাধিক পনিয়িন চেলভান: ১ ছবিয়ে চাৰিটা বঁটা লাভ কৰে।

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ তালিকা-

ফিচাৰ শাখাঃ

শ্ৰেষ্ঠ ফিচাৰ ছবিঃ আট্টম

শ্ৰেষ্ঠ অভিনেতাঃ ঋষৱ শ্বেট্টী, কান্তাৰা

শ্ৰেষ্ঠ অভিনেত্ৰীঃ নিত্যা মেনন (তিৰুচিত্ৰবালাম), মানসী পাৰেখ (কুচ এক্সপ্ৰেছ)

শ্ৰেষ্ঠ পৰিচালকঃ সূৰজ বৰজাত্য, উচাঈ

শ্ৰেষ্ঠ সহ-অভিনেত্ৰীঃ নীনা গুপ্তা, উচাঈ

শ্ৰেষ্ঠ সহ-অভিনেতাঃ পৱন মালহোত্ৰা, ফৌজা

শ্ৰেষ্ঠ মনোৰঞ্জনধৰ্মী ফিচাৰ ছবিঃ কান্তাৰা

শ্ৰেষ্ঠ নৱাগত অভিনেতাঃ প্ৰমোদ কুমাৰ, ফৌজা

শ্ৰেষ্ঠ তেলেগু ছবিঃ কাৰ্তিকেয়া ২

শ্ৰেষ্ঠ তামিল ছবিঃ পনিয়িন চেলভান– ১

শ্ৰেষ্ঠ পাঞ্জাবী ছবিঃ বাঘী দি ধী

শ্ৰেষ্ঠ ওড়িয়া ছবিঃ দমন

শ্ৰেষ্ঠ মালয়ালম ছবিঃ চৌদি ভেলাক্কা চিচি.২২৫/২০০৯

শ্ৰেষ্ঠ মাৰাঠী ছবিঃ ভালৱী

শ্ৰেষ্ঠ কানাড়া ছবিঃ কেজিএফ: চেপ্টাৰ ২

শ্ৰেষ্ঠ হিন্দী ছবিঃ গুলমোহৰ

শ্ৰেষ্ঠ তিৱা ছবিঃ ছিকায়ছাল

শ্ৰেষ্ঠ বাংলা ছবিঃ কাবেৰী অন্তৰ্ধান

শ্ৰেষ্ঠ অসমীয়া ছবিঃ এমুঠি পুঠি

বিশেষ উল্লেখঃ গুলমোহৰৰ বাবে মনোজ বাজপেয়ী আৰু কালিখানৰ বাবে সঞ্জয় সলিল চৌধুৰী।

শ্ৰেষ্ঠ সংগীত পৰিচালকঃ প্ৰীতম (গীত), এ আৰ ৰহমান (বেকগ্ৰাউণ্ড স্ক’ৰ)

শ্ৰেষ্ঠ চিত্ৰনাট্যঃ আট্টম

শ্ৰেষ্ঠ সংলাপঃ গুলমোহৰ

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীঃ পনিয়িন চেলভান – ১

শ্ৰেষ্ঠ মহিলা গায়কঃ বম্বে জয়শ্ৰী, চৌদি ভেলাক্কা চিচি.২২৫/২০০৯,

শ্ৰেষ্ঠ পুৰুষ গায়কঃ অৰিজিত সিং, ব্ৰহ্মাস্ত্ৰ

শ্ৰেষ্ঠ শিশু শিল্পীঃ শ্ৰীপথ, মল্লিকাপ্পুৰম

 

নন-ফিচাৰ শাখাঃ

শ্ৰেষ্ঠ নন-ফিচাৰ ছবিঃ আয়েনা

শ্ৰেষ্ঠ আত্মপ্ৰকাশ ছবিঃ মধ্যান্তৰা

শ্ৰেষ্ঠ জীৱনী/ঐতিহাসিক/সংকলন ছবিঃ আনাখী এক মহেঞ্জো দাৰো

শ্ৰেষ্ঠ কলা/সংস্কৃতি ছবি – ৰঙ্গা বিভোগা/বৰ্ষা

শ্ৰেষ্ঠ চিত্ৰনাট্যঃ মনো ন’ এৱেৰ

শ্ৰেষ্ঠ সংগীত পৰিচালনাঃ ফুৰ্চত

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীঃ মধ্যান্তৰা

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীঃ মনো ন’ এৱেৰ

শ্ৰেষ্ঠ পৰিচালনাঃ ফ্ৰম দ্য চেদ’

শ্ৰেষ্ঠ চুটি ছবিঃ শূন্যতা

শ্ৰেষ্ঠ এনিমেটেড ছবিঃ দ্য ক’ক’নাট ট্ৰী

সামাজিক আৰু পৰিৱেশগত মূল্যবোধক প্ৰসাৰিত কৰা শ্ৰেষ্ঠ নন-ফিচাৰ ছবিঃ অন দ্য ব্ৰিংক ছিজন ২ – ঘৰিয়াল

শ্ৰেষ্ঠ তথ্যচিত্ৰঃ মাৰমাৰ্ছ অৱ দ্য জাংগল

Latest News