শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Dharmendra: গোপনে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন! কিয় লুকুৱাই ৰখা হৈছিল ধৰ্মেন্দ্ৰৰ মৃত্যু খবৰ? পৰিয়াললৈ প্ৰশ্ন….

Dharmendra Death: যোৱা কেইটামান দিনত তেওঁৰ মৃত্যুৰ মিছা খবৰ ইমানে বিয়পি পৰিছিল যে এইবাৰো এনে কথা বিশ্বাস কৰিবলৈ কোনেও বিচৰা নাছিল। হয়তো এইবাৰো ঘূৰি আহিব। কিন্তু সচাঁ কথাবোৰ জনাৰ একো উপায় নাছিল। চকুৰ আগত সকলো ঘটি আছে, তথাপিও মুখ বন্ধ কৰি ৰাখিছে পৰিয়ালৰ লোকে।

Dharmendra: গোপনে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন! কিয় লুকুৱাই ৰখা হৈছিল ধৰ্মেন্দ্ৰৰ মৃত্যু খবৰ? পৰিয়াললৈ প্ৰশ্ন….
কিয় লুকুৱাই ৰখা হৈছিল ধৰ্মেন্দ্ৰৰ মৃত্যু খবৰ?
trishna-kalita
Trishna Kalita | Updated On: 25 Nov 2025 13:02 PM

২৪ নৱেম্বৰ অৰ্থাৎ সোমবাৰে প্ৰায় দুপৰীয়াৰ সময়ত সমগ্ৰ দেশ উত্তেজনাৰে ভৰি পৰিছিল। হঠাতে দেওল পৰিয়ালৰ এনে কিছুমান ছবি চৰ্চালৈ আহিছিল, যিবোৰে ভাবিবলৈ বাধ্য কৰাইছিল সকলোকে। সকলোৱে পৰিধান কৰিছিল বগা কাপোৰ , লগত আছিল এম্বুলেন্স আৰু কেইবাখনো বাহন। ভিলে পাৰ্লেৰ শ্মশানত লাহে লাহে ভিৰ বাঢ়ি আহিছিল। কিন্তু কিয়? সকলোৰে মনত প্ৰশ্ন উত্থাপন হ’ল।

অৱশ্যে সময়ৰ লগে লগে দেশবাসীৰ মনৰ সকলো কথা পৰিষ্কাৰ হ’বলৈ ধৰিলে। হয়তো কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ সঁচাকৈয়ে আৰু নাই। যোৱা কেইটামান দিনত তেওঁৰ মৃত্যুৰ মিছা খবৰ ইমানে বিয়পি পৰিছিল যে এইবাৰো এনে কথা বিশ্বাস কৰিবলৈ কোনেও বিচৰা নাছিল। হয়তো এইবাৰো ঘূৰি আহিব। কিন্তু সচাঁ কথাবোৰ জনাৰ একো উপায় নাছিল। চকুৰ আগত সকলো ঘটি আছে, তথাপিও মুখ বন্ধ কৰি ৰাখিছে পৰিয়ালৰ লোকে। শ্মশানত সংঘটিত ঘটনাবোৰ ইটোৰ পিছত সিটোকৈ তুলনা কৰি বাস্তৱ বুজিবলৈ বৰ টান নহ’ল।

বলীউডৰ তাৰকাসকলে তেতিয়া ভিলে পাৰ্লেৰ শ্মশানত ভিৰ কৰিছিল। তাত উপস্থিত হৈছিল অভিষেক বচ্চন, ছলমান খান, অমিতাভ বচ্চন, গৌৰী খান, আমিৰ খান, অক্ষয় কুমাৰ আদি। শ্মশানৰ ভিতৰৰ সূত্ৰ অনুসৰি ছানী দেউলে ধৰ্মেন্দ্ৰৰ মুখাগ্নি কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে কালিৰ দিনটো সম্পূৰ্ণ হৈছে অভিনেতাজনৰ অন্ত্যেষ্টিক্ৰিয়া। অৱশ্যে এই সন্দৰ্ভত সমগ্ৰ পৰিয়ালটো এতিয়াও নিমাত। ধৰ্মেন্দ্ৰৰ অনুৰাগী সাধাৰণ ৰাইজে একো বুজিব পৰা নাছিল। কোনেও দিব নোৱাৰিলে শেষ শ্ৰদ্ধাঞ্জলি। যাৰ বাবে বহু লোকে অনুশোচনা কৰিছিল।

এফালে ছ’চিয়েল মিডিয়াত একাধিক প্ৰশ্ন বিয়পি থকাৰ সময়তে ইটোৰ পিছত সিটোকৈ চেলিব্ৰিটিৰ পোষ্টত স্পষ্ট হৈ পৰিছিল যে, তেওঁ আৰু নাই। অৱশ্যে দুই এটা প্ৰশ্নৰ উত্তৰৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰি আছে। পৰিয়ালটোৱে কিয় সকলো লুকুৱাই ৰাখিলে? এই উত্তৰৰ বাবে সকলোৱে অপেক্ষা কৰি আছে।

লগতে পঢ়ক: প্ৰেম বিবাহৰ পিছতো কিয় ধৰ্মেন্দ্ৰৰ লগত থকা নাছিল পত্নী হেমা মালিনী? কাৰণ…