শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰেম বিবাহৰ পিছতো কিয় ধৰ্মেন্দ্ৰৰ লগত নাথাকে হেমা মালিনী? কাৰণ…

এই সম্পৰ্কক লৈ সমাজৰ সমালোচনাৰ সন্মুখীন হৈয়ো হেমা মালিনীয়ে কেতিয়াও পিছুৱাই যোৱা নাছিল। তেওঁ কৈছিল, “আমালৈ আঙুলি টোৱাইছিল, অভিযোগ উত্থাপন কৰা হৈছিল।আগতে মানুহে আমাৰ পিছফালে বহুত কথা পাতিছিল। তথাপিও মই আক্ষেপ নকৰো, কাৰণ ধৰ্মজীয়ে মোক সুখী কৰি ৰাখিছে—আৰু মই সেইটোৱে বিচাৰিছিলো।”

প্ৰেম বিবাহৰ পিছতো কিয় ধৰ্মেন্দ্ৰৰ লগত নাথাকে হেমা মালিনী? কাৰণ…
ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী
trishna-kalita
Trishna Kalita | Published: 11 Nov 2025 17:48 PM

ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ প্ৰেম কাহিনী এতিয়াও বলীউডৰ এক অনন্য অধ্যায়। ১৯৭০ চনৰ “তু হাছিন মে জৱান” ছবিৰ চেটত প্ৰথম লগ পাইছিল আৰু তাৰ পৰাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। কিন্তু এই সম্পৰ্ক আৰম্ভণিৰে পৰাই বিতৰ্কিত আছিল। কাৰণ সেই সময়ত বিবাহিত আছিল ধৰ্মেন্দ্ৰ। তেওঁ প্ৰকাশ কৌৰৰ লগত থাকিছিল আৰু তেওঁলোকৰ চাৰিটা সন্তান আছিল— ছানী, ববি, বিজীতা আৰু অজিতা।

হেমা মালিনীয়ে তেওঁৰ আত্মজীৱনী “হেমা মালিনী: বিয়ণ্ড দ্য ড্ৰিম গাৰ্ল”ত লিখিছে, “মই কাৰো জীৱন ধ্বংস কৰিব বিচৰা নাছিলো।মই কেৱল শান্তি আৰু সন্মানেৰে জীয়াই থাকিব বিচাৰিছিলো।ধৰ্মজীয়ে মোৰ আৰু মোৰ ছোৱালীৰ বাবে যি কৰিছে তাতেই মই সুখী।” পৰিয়ালত শান্তি বজাই ৰাখিবলৈ ইচ্ছাকৃতভাৱে ধৰ্মেন্দ্ৰৰ পৰা পৃথক হৈ থকাৰ সিদ্ধান্ত লোৱা বুলিও কয়।

এই সম্পৰ্কক লৈ সমাজৰ সমালোচনাৰ সন্মুখীন হৈয়ো হেমা মালিনীয়ে কেতিয়াও পিছুৱাই যোৱা নাছিল। তেওঁ কৈছিল, “আমালৈ আঙুলি টোৱাইছিল, অভিযোগ উত্থাপন কৰা হৈছিল।আগতে মানুহে আমাৰ পিছফালে বহুত কথা পাতিছিল। তথাপিও মই আক্ষেপ নকৰো, কাৰণ ধৰ্মজীয়ে মোক সুখী কৰি ৰাখিছে—আৰু মই সেইটোৱে বিচাৰিছিলো।” লগতে কয়, “মই কোনো আৰক্ষী বিষয়া নহয় যিয়ে তেওঁৰ ওপৰত প্ৰতিদিনে চকু ৰাখিব, তেওঁ জানে পিতৃ হিচাপে তেওঁৰ দায়িত্ব কি।”

এটা পুৰণি সাক্ষাৎকাৰত হেমা মালিনীয়ে স্বীকাৰ কৰে, “কোনেও এনেকৈ জীয়াই থাকিব নিবিচাৰে, কিন্তু পৰিস্থিতিটো মানি ল’ব লাগিব।মই দুখী নহয়, বৰঞ্চ মোৰ জীৱনত সন্তুষ্ট।মোৰ দুটা সন্তান আছে, মই ভালকৈ ডাঙৰ-দীঘল কৰিছো।” সকলো জটিলতা, সমালোচনা আৰু দূৰত্বৰ মাজতো  — প্ৰেম, পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ এক শক্তিশালী বান্ধোনত ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ সম্পৰ্ক এতিয়াও জীয়াই আছে।

লগতে পঢ়ক: ৬৫ বছৰ পূৰ্বে ধৰ্মেন্দ্ৰই কিনিছিল প্ৰথমখন গাড়ী, দাম জানিলে আচৰিত হ’ব?