জয়া বচ্চনৰ বাবে ঘৰ এৰিবলৈ বাধ্য হৈছিল অমিতাভৰ পিতৃ-মাতৃ! কিন্তু কিয়?
ৰাজনীতিবিদগৰাকীয়ে দাবী কৰিছিল যে জয়াৰ বাবেই অমিতাভৰ পিতৃ-মাতৃয়ে গোটেই জীৱন সুকীয়া ঘৰত বাস কৰিছিল। ইয়াৰ পূৰ্বে অমিতাভৰ পিতৃ-মাতৃ ক্ৰমে হৰিবংশ ৰায় বচ্চন আৰু তেজী বচ্চন দিল্লীত বাস কৰিছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁলোকে পুত্ৰ অমিতাভৰ লগত থাকিবলৈ লয়।

জয়া বচ্চনক লৈ আলোচনাৰ অন্ত নাই। তেওঁৰ স্বভাৱ, ঐশ্বৰ্য-অভিষেকৰ লগত সম্পৰ্ক ভাল নহয় নেকি? এনে বহু বিষয় চৰ্চালৈ আহি থাকে। কিন্তু আপুনি জানেনে যে সমাজবাদী পাৰ্টিৰ এজন সুপৰিচিত ৰাজনীতিবিদ অমৰ সিঙে এসময়ত জয়াক লৈ বিস্ফোৰক মন্তব্য কৰিছিল। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ কৈছিল যে জয়াৰ শাহুৱেক আৰু শহুৰেকৰ লগত একেবাৰে মিল নাই।
‘দৈনিক ভাস্কৰ’ক দিয়া এক সাক্ষাৎকাৰত প্ৰয়াত ৰাজনীতিবিদগৰাকীয়ে দাবী কৰিছিল যে জয়াৰ বাবেই অমিতাভৰ পিতৃ-মাতৃয়ে গোটেই জীৱন সুকীয়া ঘৰত বাস কৰিছিল। ইয়াৰ পূৰ্বে অমিতাভৰ পিতৃ-মাতৃ ক্ৰমে হৰিবংশ ৰায় বচ্চন আৰু তেজী বচ্চনে দিল্লীত বাস কৰিছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁলোকে পুত্ৰ অমিতাভৰ লগত থাকিবলৈ লয়। দুয়ো একেলগে থাকিবলৈ আহিছিল।
অৱশ্যে অমৰ সিঙে দাবী কৰিছিল যে জয়াই তেওঁৰ শহুৰ-শাহুৱেকৰ হঠাৎ আগমনক মানি ল’ব নোৱাৰিলে। অমিতাভৰ পিতৃ-মাতৃয়ে অমিতাভৰ বাংলো প্ৰতীক্ষাত থাকিবলৈ বাধ্য হৈছিল। তাৰ পিছত জয়াই সন্তানৰ সৈতে অমিতাভৰ আনটো বাংলো ‘জলছা’ত থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু অমিতাভে জলছাক নহয় মাক-দেউতাক থকা প্ৰতীক্ষাকহে বাছি লৈছিল। তেওঁ প্ৰতীক্ষাত থাকিবলৈ আৰম্ভ কৰিলে।
প্ৰসংগক্ৰমে হৰিবংশ ৰায় বচ্চনে এবাৰ নিজৰ আত্মজীৱনীত জয়াৰ পৰিয়ালৰ বিষয়ে মুকলিকৈ কৈছিল। পুত্ৰৰ বিয়া হোৱাৰ পিছত জয়াৰ পিতৃ তৰুণ কুমাৰ ভাদুৰীৰ পৰা শুনিবলগীয়া কথাখিনি উল্লেখ কৰে অমিতাভৰ পিতৃয়ে। হৰিবংশ বচ্চনে কৈছিল যে বিয়াখন মাত্ৰ শেষ হৈছিল। কিছু হাস্যৰসৰ সুৰত তেওঁ তৰুণ কুমাৰৰ ওচৰলৈ গৈ কৈছিল, “ইমান ধুনীয়া জোঁৱাই পোৱাৰ বাবে অভিনন্দন।” জানিব পৰা মতে ইয়াৰ উত্তৰত তৰুণ কুমাৰে কৈছিল, “আমাৰ পৰিয়ালটো শেষ হৈ গ’ল”।