শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মনত পৰেনে বাপ্পী লাহিৰীলৈ? বৰ্তমান ক’ত আছে তেওঁৰ সোণৰ আ-অলংকাৰৰ ভাণ্ডাৰ!

গহনা পিন্ধি ভাল পাইছিল বাপ্পী লাহিৰীয়ে। সেয়ে হাত আৰু ডিঙিত পিন্ধিছিল লাখ লাখ টকাৰ অলংকাৰ। পিছে তেওঁৰ মৃত্যুৰ পিছত কি হ’ল এই অলংকাৰসমূহৰ? বাপ্পী লাহিৰীৰ সেই বিশাল গহনা ভাণ্ডাৰ এতিয়া কাৰ হাতত? জানো আহক এই বিষয়ে।

মনত পৰেনে বাপ্পী লাহিৰীলৈ? বৰ্তমান ক’ত আছে তেওঁৰ সোণৰ আ-অলংকাৰৰ ভাণ্ডাৰ!
বাপ্পী লাহিৰীImage Credit source: Anshuman Poyrekar/HT via Getty Images
monjit-dutta
Monjit Dutta | Updated On: 01 Sep 2025 16:34 PM

বাপ্পী লাহিৰী, ভাৰতীয় সংগীত জগতৰ এক সুপৰিচিত নাম বিগত ২০২২ চনত শ্লিপ এপনিয়াত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটিছিল অৱশ্যে মৃত্যুৰ পিছতোডিস্কো বয়খ্যাত বাপ্পী লাহিৰীৰ গানৰ অনুৰাগী হ্ৰাস পোৱা নাই একেদৰে স্মৃতিত এতিয়াও বিলীন হোৱা নাই সোণৰ অলংকাৰেৰে সুশোভিত বাপ্পী লাহিৰীৰ পৰিচিত ছবিখন অনুৰাগীৰ মাজত বাপ্পী লাহিৰী মানেই যেন অসংখ্য সোণৰ গহনা আৰু ছানগ্লাছেৰে ভৰা শৰীৰ। গহনা পিন্ধি ভাল পাইছিল বাপ্পী লাহিৰীয়ে। সেয়ে হাত আৰু ডিঙিত পিন্ধিছিল লাখ লাখ টকাৰ অলংকাৰ।

পিছে তেওঁৰ মৃত্যুৰ পিছত কি এই অলংকাৰসমূহৰ? বাপ্পী লাহিৰীৰ সেই বিশাল গহনা ভাণ্ডাৰ এতিয়া কাৰ হাতত? সংবাদ সংস্থা ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বাপ্পী লাহিৰীয়ে ২০১৪ চনত এক শপতনামা দাখিল কৰিছিল। এই শপতনামাত লাহিৰীয়ে উল্লেখ কৰা মতে তেওঁৰ হাতত মুঠ ৭৫৪ গ্ৰাম সোণ আছিল।

এই সোণৰ অলংকাৰসমূহৰ বজাৰ মূল্য সেই সময়ত ভাৰতীয় মুদ্ৰাত আছিল প্ৰায় ৩৮ লাখ ৭১ হাজাৰ ৭৯০ টকা। শপতনামাত লগতে তেওঁৰ মৃত্যুৰ পিছত পুত্ৰ বাপ্পা আৰু কন্যা ৰীমাই তেওঁৰ সকলো গহনাৰ উত্তৰাধিকাৰী হ’ব বুলিও লিখা হৈছিল। সেয়ে বাপ্পী লাহিৰীৰ মৃত্যুৰ পিছত তেওঁৰ ইচ্ছাক সন্মান জনাই সেই অলংকাৰসমূহ ৰীমা আৰু বাপ্পাৰ হাতত দিয়া হৈছিল।

অৱশ্যে পিতৃ বাপ্পী লাহিৰীৰ সেই অলংকাৰসমূহ দুই সন্তানে বিক্ৰী কৰা নাছিল। প্ৰকাশিত খবৰ অনুসৰি এই অলংকাৰসমূহ তেওঁলোকে পিতৃৰ স্মৃতি হিচাপে পৰিয়ালতে সংৰক্ষণ কৰি ৰাখিছে। অৱশ্যে বাপ্পী লাহিৰী কেৱল গহনাৰে অধিকাৰী নাছিল। গাড়ীৰ প্ৰতিও তেওঁৰ যথেষ্ট আকৰ্ষণ আছিল। তেওঁৰ হাতত BMW, Tesla X, Audi আদি বহু দামী বাহনো আছিল।

নিজৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰায় ২২ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছে বাপ্পী লাহিৰীয়ে। প্ৰয়াত লাহিৰীয়ে ইমান সোণৰ গহনা কিয় পিন্ধিছিল, এই বিষয়ে মুকলিকৈ উল্লেখ কৰিছিল। বাপ্পী লাহিৰীয়ে সোণ তেওঁৰ বাবে সৌভাগ্যৰ আধাৰ হিচাপে অভিহিত কৰিছিল সেইবাবেই তেওঁ দেহত অলেখ সোণৰ অলংকাৰ পৰিধান কৰিছিল।