শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“মই খুব ভয় খাইছো…” পত্নী অনুষ্কাক দেখি কিয় ভয় খাইছিল বিৰাট কোহলিয়ে?

বিৰাট কোহলি আৰু অনুষ্কা শৰ্মা উদ্যোগটোৰ অন্যতম শ্ৰেষ্ঠ দম্পতি বুলি কোৱা হয়। অনুৰাগীসকলে তেওঁলোক দুয়োকে একেলগে চাই ভাল পায়। কিন্তু এবাৰ বিৰাট কোহলীয়ে প্ৰকাশ কৰিছিল যে তেওঁ অনুষ্কা শৰ্মাক এখন চলচ্চিত্ৰত দেখি বৰ ভয় খাইছিল। ক্ৰিকেটাৰজনে এই সন্দৰ্ভত এটা টুইটো কৰিছিল, যিটো ভাইৰেল হৈ পৰিছিল।

“মই খুব ভয় খাইছো…”  পত্নী অনুষ্কাক দেখি কিয় ভয় খাইছিল বিৰাট কোহলিয়ে?
বিৰাট কোহলি, অনুষ্কা শৰ্মা
trishna-kalita
Trishna Kalita | Published: 26 Jan 2025 17:24 PM

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলি অন্যতম চৰ্চিত দম্পতি। দুয়োজনে অনুৰাগীসকলৰ আগত শ্ৰেষ্ঠ দম্পতি হোৱাৰ উদাহৰণ দাঙি ধৰে।  খেলপথাৰত হওক বা ঘৰত হওক অনুষ্কা শৰ্মাৰ সৈতে প্ৰেম বিনিময় কৰাৰ কোনো সুযোগ এৰি নিদিয়ে বিৰাটে। তেওঁ বহুবাৰ ইয়াৰ প্ৰমাণ দিছে। কিন্তু এবাৰ বিৰাট কোহলিয়ে নিজেই প্ৰকাশ কৰিছিল যে তেওঁ অনুষ্কা শৰ্মাৰ ফৰ্ম দেখি ভয় খাইছিল। অৱশ্যে, এয়া অনুষ্কাৰ ৰিয়েল লাইফ নহয়, ৰীল লাইফৰ সৈতে সম্পৰ্কিত এক কাহিনী। সবিশেষ জানো আহক…

অনুষ্কা আৰু বিৰাটৰ ব্যক্তিত্বৰ ওপৰত সকলোৰে লক্ষ্য স্থিৰ হৈ থকা দেখা যায়। কিন্তু এই কাহিনীটো তেতিয়াৰ যেতিয়া অনুষ্কা শৰ্মাৰ হৰৰ ড্ৰামা ছবি ‘পৰী’ মুক্তি পাইছিল। যেতিয়া বিৰাটে ‘পৰী’ দেখিছিল, তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে সেয়া অনুষ্কা শৰ্মা।

পৰীক দেখি বিৰাট কোহলিয়ে ভয় খাইছিল

প্ৰকৃততে, বিৰাট কোহলিয়ে ‘পৰী’ ছবিখন চোৱাৰ পিছত এটা টুইট কৰিছিল। ক্ৰিকেটাৰজনে লিখিছিল, “যোৱা নিশা মই পৰী চাইছিলো, ইয়াক দেখাৰ পাছত সঁচাকৈয়ে ভয় খাইছিলো। মই বিশ্বাস কৰিব পৰা নাছিলো যে অনুষ্কাইও এনেকুৱাও কৰিব পাৰে। এয়া মোৰ পত্নীয়ে কৰা সৰ্বশ্ৰেষ্ঠ কাম, কিন্তু মই খুব ভয় খাইছো”। তেওঁ আকৌ লিখিছে, “যিসকলে ‘পৰী’ চোৱা নাই, তেওঁলোকক জনাও যে অনুষ্কাই তাত ভূতৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত তেওঁ সঁচাকৈয়ে ভয়ানক আছিল। এই চৰিত্ৰটোত, অনুষ্কাই তেওঁ অভিনয়ক এনে জীৱন দিছিল যে তেওঁক পৰ্দাত দেখি সকলো কঁপি উঠিছিল।

 

View this post on Instagram

 

A post shared by AnushkaSharma1588 (@anushkasharma)

পাকিস্তানত নিষিদ্ধ কৰা হৈছিল পৰী

ভাৰতত ছবিখনে যথেষ্ট সঁহাৰি লাভ কৰিছিল, কিন্তু পাকিস্তানে ‘পৰী’ ছবিখন নিষিদ্ধ কৰিছিল। কোৱা হৈছিল যে ইয়াত ক’লা যাদু, ইছলাম বিৰোধী মূল্যবোধ আৰু মুছলমান বিৰোধী ভাৱনাসমূহ দেখুওৱা হৈছে। অনুষ্কা শৰ্মাৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ দীৰ্ঘদিন ধৰি চলচ্চিত্ৰ উদ্যোগত সক্ৰিয় হৈ থকা নাই। বৰ্তমান সময়ত তেওঁ মাতৃত্ব উপভোগ কৰি থকা দেখা গৈছে।