শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অমিতাভ বচ্চনৰ পৰা ধন ধাৰে লৈছিল ৰতন টাটাই! কিয় হৈছিল এনে পৰিস্থিতি, ক’লে বিগ বিয়ে

প্ৰয়াত ৰতন টাটাৰ সৰলতা তথা মহানুভৱতাৰ বহু কাহিনী সময়ে সময়ে পোহৰলৈ আহিছে। শেহতীয়াকৈ বলীউডৰ মহাতাৰকা বিগ বি অমিতাভ বচ্চনে প্ৰকাশ কৰিছে তেনে এক পূৰ্ব ঘটনা। অভিনেতাগৰাকীয়ে উল্লেখ কৰা মতে এদিন ৰতন টাটাই ধন ধাৰে খুজিছিল তেওঁৰ পৰা। কিয় আৰু কি পৰিস্থিতিত টাটাই ধন ধাৰে বিচাৰিছিল, সেই বিষয়েও উল্লেখ কৰিছে অমিতাভ বচ্চনে।

অমিতাভ বচ্চনৰ পৰা ধন ধাৰে লৈছিল ৰতন টাটাই! কিয় হৈছিল এনে পৰিস্থিতি, ক’লে বিগ বিয়ে
অমিতাভ বচ্চন
monjit-dutta
Monjit Dutta | Published: 01 Dec 2024 21:26 PM

গত ৯ অক্টোবৰত চিৰজীৱনৰ বাবে চকু মুদিছিল দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই। বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰে ঐশ্চৰ্যশালী ৰতন টাটাই নিজৰ সৰলতা আৰু মহানুভৱতাৰ গুণেৰে লভিছিল অসাধাৰণ সন্মান তথা শ্ৰদ্ধা, দেশৰ লগতে বিশ্বজুৰি অলেখ গুণমুগ্ধ। তেওঁৰ এনে সৰলতা তথা মহানুভৱতাৰ বহু কাহিনী সময়ে সময়ে পোহৰলৈ আহিছে। শেহতীয়াকৈ বলীউডৰ মহাতাৰকা বিগ বি অমিতাভ বচ্চনে প্ৰকাশ কৰিছে তেনে এক পূৰ্ব ঘটনা। এই ঘটনাৰ বাখ্যাই সামাজিক মাধ্যমত সম্প্ৰতি লাভ লাভ কৰিছে ব্যাপক চৰ্চা।

টেলিভিচনত সম্প্ৰচাৰিত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ কৌন বনেগা কড়ৌৰপতিৰ ১৬ সংখ্যক ছিজনৰ শেহতীয়া খণ্ডটোত অমিতাভ বচ্চনে এক হৃদয়স্পৰ্শী ঘটনাৰ কথা শ্বেয়াৰ কৰিছে। এই কাহিনীয়ে প্ৰয়াত উদ্যোগপতিগৰাকীৰ সৰলতা আৰু নম্ৰতা পুনৰ এবাৰ প্ৰকাশিত কৰি তুলিছে। এই খণ্ডটোত অমিতাভ বচ্চনে বলীউডৰ অভিনেতা বোমন ইৰানী আৰু পৰিচালক ফাৰাহ খানৰ সৈতে এই ঘটনাৰ বৰ্ণনা কৰিছে।

অমিতাভ বচ্চনে উল্লেখ কৰা মতে তেওঁৰ সৈতে এদিন একেখন বিমানেৰে লণ্ডনলৈ গৈছিল ৰতন টাটা। দুয়ো লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ৰতন টাটাৰ বাবে ব্যৱস্থা কৰা নিৰ্দিষ্ট বাহনখন আহি পোৱা নাছিল। সেয়ে ৰতন টাটাই কোনো লোকৰ সৈতে যোগাযোগ কৰাৰ উদ্দেশ্যে ৰাজহুৱা ফোন বুথলৈ গৈছিল। কিন্তু ফোন কলৰ বাবে তেওঁৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে তেওঁ অমিতাভ বচ্চনৰ পৰা সহায় বিচাৰিছিল।

এই সন্দৰ্ভত অমিতাভ বচ্চনে জানিবলৈ দিয়া মতে ৰতন টাটা তেওঁৰ ওচৰলৈ আহি কয়, “অমিত জী, মই তোমাৰ পৰা অলপ টকা ধাৰলৈ ল’ব পাৰোনে? মোৰ হাতত ফোন কৰিবলৈ টকা নাই।” ৰতন টাটাৰ এই কথা শুনি অমিতাভ বচ্চনে থতমত খোৱা বুলি উল্লেখ কৰে। দেশৰ আটাইতকৈ প্ৰভাৱশালী আৰু ধনী ব্যক্তিৰ ভিতৰত গণ্য কৰা ইমান ডাঙৰ উদ্যোগপতি এজনে ধন ধাৰে বিচৰা শুনি তেওঁ আচৰিত হৈ পৰা উল্লেখ কৰে অমিতাভ বচ্চনে।

ঘটনাটোৰ বিষয়ে বাখ্যা কৰি অমিতাভ বচ্চনে ৰতন টাটাৰ সৰলতা আৰু আত্মসন্মানে তেওঁক চিৰদিনৰ বাবে প্ৰভাৱিত কৰিছিল বুলি জানিবলৈ দিয়ে। অভিনেতাগৰাকীয়ে লগতে ৰতন টাটাক এগৰাকী আশ্চৰ্যকৰ ব্যক্তি বুলি অভিহিত কৰি তেওঁৰ সৰলতাৰ প্ৰশংসা কৰে। ৰতন টাটাৰ সৰলতাক শব্দৰে বৰ্ণনা কৰাটো কঠিন বুলি মন্তব্য কৰে অমিতাভ বচ্চনে।

ৰতন টাটাৰ ব্যক্তিত্বৰ এই বৈশিষ্ট্যই তেওঁক আন লোক সকলতকৈ পৃথক কৰি তুলিছিল বুলি মন্তব্য কৰি অমিতাভ বচ্চনে লগতে ৰতন টাটাৰ এই ঘটনাই সফলতা আৰু সৰলতাৰ সংমিশ্ৰণ কিমান ফলপ্ৰসূ হ’ব পাৰে, সেই সম্পৰ্কে তেওঁক বুজাই দিয়া বুলিও উল্লেখ কৰে। অমিতাভ বচ্চনে বৰ্ণনা কৰা এই ঘটনাই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে।