শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইছলাম ধৰ্ম গ্ৰহণ কৰি দিলৱাৰ খান নাম ল’লে ধৰ্মেন্দ্ৰই! কিয় এই সিদ্ধান্ত?

বিংশ শতিকাৰ ৬০ৰ দশকত আত্মপ্ৰকাশ ঘটোৱাৰ পিছতে ধৰ্মেন্দ্ৰ হৈ পৰিছিল বলীউডৰ চক’লেট বয়। ইখনৰ পিছত সিখন চুপাৰহিট ছবি উপহাৰ দি ধৰ্মেন্দ্ৰ হৈ পৰে বলীউড ইতিহাসৰে অন্যতম এগৰাকী চুপাৰষ্টাৰ। পিছে এই ধৰ্মেন্দ্ৰ দেউলেই এদিন হৈ পৰিছিল দিলৱাৰ খান!

ইছলাম ধৰ্ম গ্ৰহণ কৰি দিলৱাৰ খান নাম ল’লে ধৰ্মেন্দ্ৰই! কিয় এই সিদ্ধান্ত?
কিয় দিলৱাৰ খান হ’ল ধৰ্মেন্দ্ৰ?Image Credit source: Raj K Raj/HT via Getty Images
Monjit Dutta
Monjit Dutta | Updated On: 01 Sep 2025 21:45 PM

বলীউড জগতৰ চৰ্চিত পৰিয়ালসমূহৰ ভিতৰত দেউল পৰিয়াল অন্যতম। এই চৰ্চা তথা জনপ্ৰিয়তাৰ প্ৰথমটি নাম আছিল ধৰ্মেন্দ্ৰ। তেওঁৰ পদাংক অনুসৰণ কৰিয়েই দুই পুত্ৰ চানী-ববী আৰু কন্যা ঈশাই খোজ দিছিল বলীউডত। বিংশ শতিকাৰ ৬০ৰ দশকত আত্মপ্ৰকাশ ঘটোৱাৰ পিছতে ধৰ্মেন্দ্ৰ হৈ পৰিছিল বলীউডৰ চক’লেট বয়। ইখনৰ পিছত সিখন চুপাৰহিট ছবি উপহাৰ দি ধৰ্মেন্দ্ৰ হৈ পৰে বলীউড ইতিহাসৰে অন্যতম এগৰাকী চুপাৰষ্টাৰ। পিছে এই ধৰ্মেন্দ্ৰ দেউলেই এদিন হৈ পৰিছিল দিলৱাৰ খান!

সাহিত্যৰথী বেজবৰুৱাই লিখিছিল, ‘প্ৰেমত ঘূৰিছে ভূমণ্ডল/প্ৰেমত ফুলিছে শতদল।’ এয়া মাত্ৰ এটি পংক্তিয়েই নে? প্ৰেমৰ বাবে কি নকৰে মানুহে! প্ৰেমৰ নামতে সৰ্বস্ব ত্যাগ কৰিবলৈও সাজু থাকে বহুলোক। এই প্ৰেমৰ বাবেই এদিন ধৰ্মেন্দ্ৰ দেউলৰ পৰা দিলৱাৰ খান হৈ পৰিছিল বলীউডৰ চুপাৰষ্টাৰগৰাকী।

হেমা মালিনীৰ সৈতে এতিয়া এক সুখৰ সংসাৰ ধৰ্মেন্দ্ৰৰ। পিছে তাৰ বাবে তেওঁ ল’ব লগা হৈছিল কিছু বিশেষ সিদ্ধান্তও। এখন ছবিৰ শ্বুটিং কৰাৰ সময়তে বিবাহিত ধৰ্মেন্দ্ৰৰ প্ৰেমত পৰিছিল হেমা মালিনী। কেইবাবছৰ জোৰা প্ৰেমৰ সম্পৰ্কৰ অন্তত বিয়াৰ সময়তে পিছে দুয়ো সন্মুখীন হয় সমস্যাৰ।

ধৰ্মেন্দ্ৰৰ পত্নী প্ৰকাশ কৌৰ মুঠেই ইচ্ছুক নাছিল বিবাহ বিচ্ছেদৰ বাবে। তেতিয়াই হেমাৰ প্ৰেমত মচগুল ধৰ্মেন্দ্ৰই লয় এক বিশেষ সিদ্ধান্ত। বলীউডৰ সূত্ৰ মতে, হেমাক বিয়া কৰাবলৈকে ধৰ্মেন্দ্ৰই সহজেই ধৰ্ম ত্যাগ কৰিছিল। হিন্দু বিবাহ আইন অনুসৰি এজন পুৰুষ বা মহিলাই বিয়া হৈ থকা অৱস্থাত আন পুৰুষৰ লগত বিয়া হ’ব নোৱাৰে।

সেয়েহে প্ৰেমিক যুগল ধৰ্মেন্দ্ৰ আৰু হেমাই নিশাৰ ভিতৰতে নিজৰ ধৰ্ম সলনি কৰে। সংসাৰ গঢ়ি এক হোৱাৰ মানসেৰে দুয়ো গ্ৰহণ কৰে ইছলাম ধৰ্ম। শ্বৰীয়ত আইন অনুসৰি, এজন মুছলমান পুৰুষে একে সময়তে ৪ বাৰ বিয়া কৰিব পাৰে। গতিকে প্ৰকাশ কৌৰে বিবাহ বিচ্ছেদত সন্মতি নিদিলেও অসুবিধা নহ’ল ধৰ্মেন্দ্ৰৰ।

কিন্তু ধৰ্মান্তৰিত হোৱাৰ বাবে তেওঁলোকে দুটা নতুন নাম ল’বলগীয়া হ’ল। সেই অনুসাৰে ধৰ্মেন্দ্ৰৰ নতুন নাম দিলৱাৰ খান। আনহাতে হেমাই নতুনকৈ নাম লয় আইছা। অৱশ্যে তেওঁলোকে এই দুটা নাম পিছলৈ ব্যৱহাৰ কৰা নাছিল। পৰৱৰ্তী সময়ত দুয়ো ইছলাম ধৰ্ম পালন কৰাও দেখা পোৱা নগ’ল। এইদৰে এতিয়া সুখৰ সংসাৰ আগবঢ়াই নিছে দিলৱাৰ-আইছা ওৰফে ধৰ্মেন্দ্ৰ-হেমাই।