শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিয়াৰ আগনিশা জয়া ভাদুৰীক কোনে দিছিল অমিতাভক ত্যাগ কৰাৰ পৰামৰ্শ! কি আছিল আঁৰৰ কাৰণ?

আকস্মিকভাৱে হোৱা জয়া-অমিতাভৰ এই বিবাহ হঠাতে ভংগ হোৱাৰো উপক্ৰম হৈছিল। দুয়োৰে বিবাহৰ পুৰোহিতজনেই জয়াক অমিতাভৰ সৈতে বিয়াত নবহিবলৈ পৰামৰ্শ দিছিল। কিয় দিছিল এই পৰামৰ্শ চাওঁ আহক।

বিয়াৰ আগনিশা জয়া ভাদুৰীক কোনে দিছিল অমিতাভক ত্যাগ কৰাৰ পৰামৰ্শ! কি আছিল আঁৰৰ কাৰণ?
অমিতাভ বচ্চন আৰু জয়া বচ্চনImage Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 10 Oct 2025 20:20 PM

সেয়া আছিল ১৯৭৩ চনৰ কথা। তাৰিখটো আছিল ৩ জুন। সকলোকে আচৰিত কৰি এই দিনটোত বিবাহপাশত আৱদ্ধ হৈছিল অমিতাভ বচ্চন আৰু জয়া ভাদুৰী। সেই সময়ত বলীউড জগতত অমিতাভ আৰু ৰেখাৰ প্ৰেমক লৈ সৰস আলোচনা চলি আছিল। সেই গুজৱৰ মাজত সোমাইছিল জয়া ভাদুৰীও। অৱশ্যে এইদৰে আকস্মিকভাৱে ৰেখা অমিতাভৰ জীৱনৰ পৰা আঁতৰি যাব বা জয়াৰ লগত গোপনে অমিতাভ বিবাহপাশত আৱদ্ধ হ’ব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল।

আনকি জয়া বচ্চনৰ পিতৃ তথা পৰিচিত সাংবাদিক তৰুণ কুমাৰ ভাদুৰীৰ লগতে জয়াৰ পৰিয়ালৰ আন সদস্যসকলেও হয়তো কল্পনা কৰিব নোৱাৰিলেহেঁতেন। কিন্তু দুয়োৰে সিদ্ধান্তৰ পিছত পৰিয়ালে নিশাৰ ভিতৰতে গোপনে বিয়া পাতি দিয়ে। বিয়াৰ অনুষ্ঠানটোও আছিল অতি মাৰ্জিত। জানিব পৰা মতে, মুম্বাইৰ পালিহিল অঞ্চলৰ পৰিচালক হৃষিকেশ মুখাৰ্জীৰ ফ্লেটত অমিতাভ আৰু জয়াৰ বিয়াৰ আয়োজন কৰা হৈছিল।

মুষ্টিমেয় কেইজনমান লোকৰ উপস্থিতিত অমিতাভে জয়া বচ্চনৰ সৈতে সাংসাৰিক জীৱনৰ পাতনি মেলে। পিছে আকস্মিকভাৱে হোৱা জয়া-অমিতাভৰ এই বিবাহ হঠাতে ভংগ হোৱাৰো উপক্ৰম হৈছিল। দুয়োৰে বিবাহৰ পুৰোহিতজনেই জয়াক অমিতাভৰ সৈতে বিয়াত নবহিবলৈ পৰামৰ্শ দিছিল। জয়া আৰু অমিতাভৰ বিয়াখন ভাদুৰী পৰিয়ালৰে এগৰাকী পুৰোহিতে সম্পন্ন কৰে।

এই পুৰোহিতজনক কলকাতাৰ পৰা নিশাৰ ভিতৰতে মুম্বাইলৈ লৈ যোৱা হৈছিল। প্ৰথম অৱস্থাত পিছে পুৰোহিতজনে এই বিয়াৰ কোনো খবৰ পোৱা নাছিল। মুম্বাইত উপস্থিত হোৱাৰ পিছতহে তেওঁ এই বিষয়ে জানিব পাৰে আৰু এই বিয়াৰ কথা শুনি পুৰোহিতজন আচৰিত হৈ পৰে। ইয়াৰ পিছতে পুৰোহিতজনে জয়া ভাদুৰী আৰু তেওঁৰ পৰিয়ালক এই আচৰিত পৰামৰ্শ দিছিল।

বিয়াৰ আগ নিশা ড্ৰয়িং ৰুমত বহি আছিল জয়া ভাদুৰীৰ পিতৃ তৰুণ কুমাৰ, হৃষিকেশ মুখাৰ্জী, জয়া আৰু অমিতাভ বচ্চন। সকলোৱে হ’বলগীয়া বিয়াখনক লৈয়ে আলোচনা কৰি আছিল। বিগ বি অমিতাভ বাংলা সংস্কৃতিৰ সৈতে একেবাৰে পৰিচিত নাছিল বাবে পুৰোহিতজনে তেওঁক বঙালী বিয়াৰ অনুষ্ঠানৰ বিষয়ে বুজাই আছিল। তেতিয়াই ঘটিছিল এই বিশেষ ঘটনা।

হঠাৎ কথাৰ মাজতে পূজাৰীয়ে জয়াৰ লগত অকলে কথা পাতিব বিচাৰিলে। জয়া ড্ৰয়িং ৰুমৰ পৰা আন এটা ৰুমলৈ গৈ পুৰোহিতজনৰ লগত কথা পাতে আৰু তেতিয়াই পুৰোহিতজনে এনে পৰামৰ্শ আগবঢ়ায়। জয়াক অকলে মাতি নি পুৰোহিতজনে কয়, “তোমাক সৰুৰে পৰাই দেখিছো। তুমি মোৰ ছোৱালীৰ দৰে। সেই অবঙালী, অব্ৰাহ্মণক স্বামী হিচাপে গ্ৰহণ নকৰিবা। বিয়া নকৰিবা। তোমাৰ বাবে ভাল নহ’ব।”

বচ্চন পৰিয়াল বঙালীৰ দৰে নহয় বাবে জয়াই কষ্ট পাব বুলিও পুৰোহিতজনে সকীয়াই দিয়ে। সেইদিনা জয়াই পূজাৰীজনক একো কোৱা নাছিল। অৱশ্যে তেওঁ অমিতাভক এই বিষয়ে জানিবলৈ দিছিল। অৱশ্যে অমিতাভে জয়াক সুখী কৰি ৰাখিবলৈ তেওঁ যিকোনো কাম কৰিবলৈ ইচ্ছুক বুলি বুজাই দিয়ে আৰু বিয়াৰ সময়ত বঙালী বিয়াৰ প্ৰতিটো অনুষ্ঠান ভক্তিমূলকভাৱে সম্পাদন কৰিছিল।

অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ বিবাহে এতিয়া ৫২ বছৰত ভৰি দিলে। তেওঁলোকৰ দুই সন্তান শ্বেতা আৰু অভিষেকো এতিয়া নিজ পৰিয়ালত ব্যস্ত। জয়া আৰু অমিতাভৰ পৰিয়ালে জীৱনৰ বহু উত্থান-পতনৰ মাজেৰে আগবঢ়াই নিছে সময়। এতিয়াও বহু লোকৰ বাবে সুখী দাম্পত্য জীৱনৰ উদাহৰণ জয়া আৰু অমিতাভ।