‘ধুৰন্ধৰ’ ছবিখনত কি কি ভুল বিচাৰি পালে পাকিস্তানী দৰ্শকে?
কৰাচীৰ এজন পাকিস্তানী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বলীউডৰ ছবি ‘ধুৰন্ধৰ’ক সমালোচনা কৰিছিছে। তেওঁৰ গৃহ চহৰ কৰাচীৰ পৰিৱেশত নিৰ্মিত এই ছবিখনত কৰাচীৰ লিয়াৰী টাউনৰ গেংবোৰৰ কাহিনী। পৰ্যালোচনাত বেনামী দৰ্শকে ছবিখনৰ পৰিচালনা আৰু চিনেমেট’গ্ৰাফীৰ প্ৰশংসা কৰে যদিও বাস্তৱ জীৱনৰ গেংষ্টাৰ ৰেহমান ডাকাইতৰ বিষয়বস্তুই তেওঁক অস্বস্তিত পেলায় বুলি উল্লেখ কৰে।
চৰ্চাত বলীউডৰ ছবি ‘ধুৰন্ধৰ’! কৰাচীৰ এজন পাকিস্তানী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ছবিখনক কৰিছে সমালোচনা। তেওঁৰ গৃহ চহৰ কৰাচীৰ পৰিৱেশত নিৰ্মিত এই ছবিখনত কৰাচীৰ লিয়াৰী টাউনৰ গেংবোৰৰ কাহিনী দেখুৱাইছে। ছবিখনৰ পৰিচালনা আৰু চিনেমেট’গ্ৰাফীৰ প্ৰশংসা কৰে যদিও বাস্তৱ জীৱনৰ গেংষ্টাৰ ৰেহমান ডাকাইতৰ বিষয়বস্তুই অলপ অস্বস্তিত পেলাইছে।
প্ৰথমতে তেওঁ ছবিখনৰ প্ৰশংসা কৰি লিখিছিল, “সামগ্ৰীকভাৱে এইখন সুন্দৰ ছবি। চিনেমাট’গ্ৰাফী আছিল অতি উত্তম, পৰিচালনাও উৎকৃষ্ট। ছবিখন মোৰ ভাল লাগিছে।” কিন্তু তাৰ পিছত তেওঁ আপত্তি দাঙি ধৰে। তেওঁ লিখিছে, “কিন্তু এটা কথাই মোক অলপ আমনি কৰিলে, সেয়া ৰেহমান ডাকাইটক যিদৰে কিছু মহিমামণ্ডিতভাৱে দেখুওৱা হৈছে। মই বুজি পাওঁ যে ই কল্পকাহিনী, কিন্তু তথাপিও, সৰুৰে পৰা এই ঠাণ্ডা মগজুৰ অপৰাধীজনৰ কাহিনী শুনি ডাঙৰ হোৱা কোনোবাই তেওঁক সম্পূৰ্ণ কাল্পনিক চৰিত্ৰ হিচাপে চাব নোৱাৰে।”
হিন্দী চিনেমাত দাউদ ইব্ৰাহিমৰ চিত্ৰণৰ সৈতে তুলনা কৰি তেওঁ আৰু লিখিছে, “নামটো সলনি কৰা হ’লে হয়তো ভাল হ’লহেঁতেন। উদাহৰণস্বৰূপে, যদি কোনোবাই দাউদ ইব্ৰাহিমৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি তেওঁৰ চৰিত্ৰটোক পৰিৱৰ্তন কৰে, তেন্তে আপোনাৰ কেনে অনুভৱ হ’ব?” অৱশ্যে তেওঁ লগতে কয় যে কিছুমান সৰু সৰু ত্ৰুটি থকাৰ পিছতো ছবিখন সামগ্ৰিকভাৱে ভাল। তেওঁৰ মতে, “ছবিখনত এটা কথা নোহোৱা হৈছে, বন্দুকৰ যুঁজৰ সময়তো বুলেটপ্ৰুফ জেকেট পৰিধান নকৰাৰ বাবে চৌধুৰী আছলাম বিখ্যাত আছিল।”
‘ধুৰন্ধৰ’ত ৰণবীৰ সিঙে পাকিস্তানত কৰ্মৰত এজন ভাৰতীয় অপাৰেটিভৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে ৰেহমান ডাকাইত (অক্ষয় খান্না)ৰ গেঙত অনুপ্ৰৱেশ কৰে। কল্পনা আৰু বাস্তৱৰ মিশ্ৰণেৰে নিৰ্মিত এই ছবিখনত বাস্তৱ জীৱনৰ চৰিত্ৰও দেখা যায়। বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো ছবিখনে বক্স অফিচত বিপুল সফলতা লাভ কৰাৰ লগতে বিশ্বজুৰি ৮৭২ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে। ব্যৱসায়িক দিশৰ পৰা ২০২৫ চনৰ ভিতৰত বলীউডৰ এক নম্বৰ ছবি হিচাপে পৰিগণিত হৈছে।