২০২৫ত খলকনি তুলিবলৈ আহি আছে এক্সনেৰে ভৰা ৫খনকৈ ছবি, একেলগে দেখা পাব বহু হেৰাই যোৱা তাৰকাক!
২০২৪ বৰ্ষটো শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন। সকলোৱে আগন্তুক ২০২৫ বৰ্ষৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আগন্তুক বৰ্ষত, এনে কিছুমান ছবিয়ে মুক্তি লাভ কৰিব, য'ত পৰৱৰ্তী পৰ্যায়ৰ এক্সন দেখা যাব। এই তালিকাখনত শ্বাহিদ কাপুৰ আৰু হৃত্বিক ৰোশনৰ ছবিও অন্তৰ্ভুক্ত আছে।

২০২৫ চনতোত বলীউডৰ বাবে বিশেষ। কিয়নো অহা বছৰত একাধিক ছবি মুক্তি লাভ কৰিবলৈ সাজু হৈছে । ২০২৪ চনটো অক্ষয় কুমাৰৰ বাবে বেয়া হলেও অহা বছৰত অক্ষয়ে কিছুমান ৰোমাণ্টিক, কিছু কমেডি আৰু কিছু এক্সন ছবি লৈ দৰ্শকৰ মাজলৈ আহিব। অক্ষয়ৰ উপৰিও হৃত্বিক ৰোশন আৰু শ্বাহিদ কাপুৰৰো এক্সন অৱতাৰ দেখা যাব। স্পাই ইউনিভাৰ্ছৰ ছবিৰ উপৰিও আন অধিক এক্সন দেখা যাব।
যদি আপুনি এক্সন চিনেমা চাবলৈ ভাল পায়, তেন্তে ২০২৫ চনটোত আপোনাৰ আশা পূৰণ হ’ব। আগন্তুক বছৰটো আপোনাৰ বাবে মনোৰঞ্জনৰে পৰিপূৰ্ণ হ’ব কিয়নো আপুনি ২০২৫ চন ছবিসমূহত পৰৱৰ্তী স্তৰৰ এক্সন চাবলৈ পাব। আহিবলগা বছৰটোত কিছুমান এনে লোকে একেলগে কাম কৰিব যাক আপুনি আগতে কোনো চিনেমাত দেখা নাছিল।
২০২৫ত আহিবলগীয়া ছবিসমূহ
২০২৫ চনত অক্ষয় কুমাৰ, শ্বাহিদ কাপুৰ আৰু হৃত্বিক ৰোশনৰ লগতে আলিয়া ভট্টৰ এক্সন ছবিও মুক্তি পাব। ছবিখনৰ ঘোষণা ইতিমধ্যে হৈ গৈছে আৰু দৃশ্যগ্ৰহণো আৰম্ভ হৈছে। ২০২৫ চনত মুক্তি পাব লগা শীৰ্ষ ৫ খন এক্সন চিনেমাৰ বিষয়ে জানো আহক..
‘সিকন্দৰ’ (Sikandar)
চাজিক নাদিয়াদৱালাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত এই ছবিখন ২০২৫ চনৰ ঈদত মুক্তি দিয়া হ’ব। ছলমান খানে ২০২৪ চনৰ ঈদত ছবিখনৰ কথা ঘোষণা কৰিছিল। ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব ছলমান খান আৰু ৰশ্মিকা মান্দনাক । ছবিখন এক্সন-পেকড হ’ব, যাৰ বাবে ছলমানে যথেষ্ট কষ্ট কৰিছিল।
View this post on Instagram
‘লাহোৰ ১৯৪৭’ (Lahore 1947)
ৰাজকুমাৰ সন্তোষীৰ দ্বাৰা পৰিচালিত, লাহোৰ ১৯৪৭ ছবিখনেও ২০২৫ চনত মুক্তি লাভ কৰিব। অৱশ্যে, ছবিখনৰ মুক্তিৰ তাৰিখ এই মুহূৰ্তত নিশ্চিত কৰা নাই, কিন্তু অনুৰাগীসকলে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছবিখন আমিৰ খানে প্ৰযোজনা কৰিছে আৰু তেওঁ ছবিখনত অভিনয়ো কৰিব। ছবিখনত ছানী দেওল আৰু প্ৰীতি জিণ্টাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
‘স্কাই ফৰ্চ’ (Sky Force)
এই ছবিখন ২০২৫ চনৰ ২৪ জানুৱাৰীত মুক্তি পাব। ছবিখন পৰিচালনা কৰিছে সন্দীপ কেৱলানি আৰু অভিষেক অনিল কাপুৰে। অক্ষয় কুমাৰ আৰু নিম্ৰত কৌৰক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ছবিখন প্ৰযোজনা অমৰ কৌশিক, দিনেশ বিজন আৰু জ্যোতি দেশপাণ্ডেৰ ।
‘ৱাৰ ২’ (War 2)
অয়ন মুখাৰ্জীৰ পৰিচালনাত ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনত জুনিয়ৰ এনটিআৰ, হৃত্বিক ৰোশন, শবীৰ আহলুৱালিয়া, জন আব্ৰাহাম আৰু কিয়াৰা আদৱানীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। বাতৰি অনুসৰি, ৱাৰ ২ছবিখন ২০২৫ চনৰ ১৪ আগষ্টৰ ভিতৰত মুক্তি পাব।
View this post on Instagram
‘আলফা’ (Alpha)
শিৱ ৰাৱাইলৰ দ্বাৰা পৰিচালিত ছবিখনত আলিয়া ভট্ট আৰু শৰৱৰীক মুখ্য চৰিত্ৰত দেখা যাব। ছবিখন ৱাইআৰএফ স্পাই ইউনিভাৰ্ছৰ অধীনত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ মুক্তিৰ তাৰিখ ২৫ ডিচেম্বৰ ২০২৫ বুলি কোৱা হৈছে। কোৱা হৈছে যে ইয়াৰ তাৰিখ আৰু সলনি হ’ব পাৰে।