শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bhaimon Da release: বহু অপেক্ষাৰ অন্তত আজি মুক্তি পালে ‘ভাইমন দা’, প্ৰথম দিনটোতে দৰ্শকে জনালে অভূতপূৰ্ব সঁহাৰি

উৎকণ্ঠাৰ অৱসান ঘটাই আজি মুক্তি পালে ‘ভাইমন দা’। অসমীয়া ছবিজগতৰ গুৰিধৰোঁতা যশস্বী মুনিন বৰুৱাৰ জীৱনশৈলী, কৰ্মৰাজি আৰু জীৱনৰ প্ৰতিটো কথা ছবিখনৰ জৰিয়তে দৰ্শকক দেখুৱাইছে নিৰ্মাতাগোষ্ঠীয়ে।

Bhaimon Da release: বহু অপেক্ষাৰ অন্তত আজি মুক্তি পালে ‘ভাইমন দা’, প্ৰথম দিনটোতে দৰ্শকে জনালে অভূতপূৰ্ব সঁহাৰি
আজি মুক্তি পালে 'ভাইমন দা'
barasha-misra
Barasha Misra | Updated On: 23 May 2025 17:26 PM

আজি মুক্তি পালে নতুন অসমীয়া ছবি ‘ভাইমন দা’। মুক্তিৰ প্ৰথম দিনটোতে প্ৰথম দিনটোত দৰ্শকে জনালে অভূতপূৰ্ব সঁহাৰি। আজি ছবিগৃহত সজীৱ হৈ উঠিব অতীতৰ ছবিজগতৰ বহু স্মৃতি। ছবিখনত বিজু ফুকন, জুবিন গাৰ্গ, আৰু যতীন বৰাক একেলগে দেখিবলৈ পোৱা গৈছে। অৱশ্যে তেওঁলোকৰ চৰিত্ৰত অভিনয় আনেহে কৰিছে। অসমীয়া ছবিজগতৰ গুৰিধৰোঁতা যশস্বী মুনিন বৰুৱাৰ জীৱনশৈলী, কৰ্মৰাজি আৰু জীৱনৰ প্ৰতিটো কথা ছবিখনৰ জৰিয়তে দৰ্শকক দেখুৱাইছে নিৰ্মাতাগোষ্ঠীয়ে।

অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । তেওঁ প্ৰায় ১৪ খন ছবি নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে । Zeal Creationsৰ বেনাৰত যশস্বী ছবি পৰিচালক মুনিন বৰুৱাৰ ওপৰত আধাৰিত এই ছবিখন নিৰ্মাণ কৰা হয়। অসমীয়া চিনেমাই ৯০ বছৰ অতিক্ৰম কৰিলে। এই বিশেষ বছৰটোতে ছবিগৃহত মুক্তি পালে অসমীয়া ছবি ‘ভাইমন দা’।

ছবিখন পৰিচালনা কৰিছে শংশাক সমীৰে আৰু প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। ছবিখনৰ কাহিনী, চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই, লগতে য়শস্বী ভূঞা, আশীষ বিদ্যাৰ্থী, বৈভৱী গোস্বামী, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি কেওঁট, গুণাকৰ দেৱ গোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া আৰু শিল্পী শিখা বৰাকে ধৰি বহু ন-পুৰণি শিল্পীয়ে। ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে কাম কৰিছে আৰু প্ৰীতম খাউণ্ডে সম্পাদনা কৰিছে ।

‘ভাইমন দা’ কোন?

অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । তেওঁ প্ৰায় ১৪ খন চিনেমা নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে । মুনিন বৰুৱা (Munin Barua) এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক।

পোনপ্ৰথমে এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে কথাছবি জগতত ভৰি দিয়া মুনিন বৰুৱাই বোৱাৰী, ঘৰ সংসাৰ, সোণ মইনা আদি কথাছবি সমূহৰ চিত্ৰনাট্যকাৰ হিচাবে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৭ চনত অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়া ভাবে প্ৰতিমা কথাছবিখন পৰিচালনা কৰি পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰে।

অসমৰ মৃতপ্ৰায় কথাছবি জগতখনক পুনৰ ঠন ধৰি উঠাত মুনিন বৰুৱাৰ অৱদান অপৰিসীম। ২০০০ চনত তেওঁৰ হিয়া দিয়া নিয়া কথাছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতখন পুনৰায় ঠন ধৰি উঠিছিল। এই চলচ্চিত্ৰখন অসমীয়া কথাছবি জগতৰ সৰ্বকালৰ এখন জনপ্ৰিয় কথাছবি হিচাবে পৰিচিত। তাৰ পাছতে দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আদি কথাছবিৰে জনপ্ৰিয়তা অৰ্জন কৰে।

দীনবন্ধু কথাছবিখন ২০০৫ চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান অৰ্জা বোলছবি। তেওঁ সকলোৱে ভাইমন দা নামেৰেহে চিনি পাইছিল। দুটা দশকত তেওঁ প্ৰায় ৯০খন জনপ্ৰিয় নাটক ৰচনা কৰিছে। তেওঁ অসমীয়া চি ডি ছবিৰ আটাইতকৈ নিৰ্ভৰযোগ্য চিত্ৰনাট্য লেখক। এতিয়া ছবিখনৰ সফলতাকলৈ যথেষ্ট আশাবাদী ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল ৷