আজি জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ জন্মদিন, পত্নীয়ে নিশা দিলে বিশেষ উপহাৰ!
অসমৰ যুৱপ্ৰজন্মৰ মাজত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। ভৃগু কাশ্যপক অসমত চিনি নোপোৱা মানুহ হয়তো নাই। আজি কণ্ঠশিল্পীজনৰ ওপজা দিন।
আজি ৫ নৱেম্বৰ, এই বিশেষ দিনটোত জন্মগ্ৰহণ কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে। প্ৰায়ে চৰ্চাত থাকে ভৃগু! কেৱল কণ্ঠই নহয়, ভৃগুৰ ব্যক্তিগত জীৱনৰ কথা জানিও অনুৰাগীসকলে ভাল পায়। কণ্ঠশিল্পী ভৃগু কাশ্যপৰ জীৱনত মানুহজনীৰ গুৰুত্ব বহুত বেছি। বিভিন্ন সময়ত সামাজিক মাধ্যমত পত্নীৰ সৈতেও বহু ফটো বা ভিডিঅ’ শ্বেয়াৰ কৰি থাকে।
অনুৰাগীসকলে ভৃগু-প্ৰিয়মৰ যুটিক যথেষ্ঠ ভাল পায়। বৰ্তমান অসমৰ সৰ্বাধিক চৰ্চিত দম্পতীৰ ভিতৰত ভৃগু-প্ৰিয়ম অন্যতম।ভৃগুৰ পত্নী প্ৰিয়ম পল্লৱীৰো আছে সুকীয়া পৰিচয়। অভিনয় জগতখনত যথেষ্ঠ নাম উজলাইছে প্ৰিয়ম পল্লৱীয়ে। স্বামীৰ জন্মদিন উপলক্ষে পত্নী প্ৰিয়মে নিশাই উপহাৰ দিয়ে ভৃগুক। মৰমৰ মানুহজনৰ বাবে আনিছে এটা সুন্দৰ কেক। দুয়ো একেলগে কেক কাটি ইজনে সিজনৰ লগত জন্মদিন উদযাপন কৰে। সামাজিক মাধ্যমত প্ৰিয়মে লিখিছে, Happy birthday love ❤️ Here’s to another year of adventures, laughter and making memories together. Love you Bubu🥹’
View this post on Instagram
ভৃগু কাশ্যপক অসমত চিনি নোপোৱা মানুহ হয়তো নাই। কণ্ঠশিল্পীজনৰ ওপজা দিনত সামাজিক মাধ্যমত ইজনৰ পিছত সিজন অনুৰাগীয়ে জনাইছে শুভেচ্ছা। ভৃগু কাশ্যপে বহু জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিছে।
সংগীত জীৱনৰ আৰম্ভণিত বহু কষ্ট কৰিবলগীয়া হৈছিল যদিও বৰ্তমান এটা নিজৰ সুপৰিচয় গঢ়িবলৈ সক্ষম হৈছে ভৃগুৱে। আজিৰ এই বিশেষ দিনটোত ভৃগু কাশ্যপলৈ থাকিল জন্মদিনৰ অলেখ অজুত শুভকামনা ।