শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহীৰূহৰ মহাপ্ৰয়াণঃ সংগীত জগত উকা কৰি চিৰদিনলৈ চকু মুদিলে তবলা সম্ৰাট জাকিৰ হুছেইনে

দেশৰ সংগীত জগত উকা কৰি চিৰদিনৰ বাবে চকু মুদিলে সংগীত জগতৰ এক মহীৰূহ, তবলা সম্ৰাট জাকিৰ হুছেইনে। আমেৰিকাৰ ছান ফ্ৰান্সিস্কো চহৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত তবলা বাদকগৰাকীয়ে। ইতিমধ্যে তেখেতৰ পৰিয়ালে এই খবৰ নিশ্চিত কৰিছে।

মহীৰূহৰ মহাপ্ৰয়াণঃ সংগীত জগত উকা কৰি চিৰদিনলৈ চকু মুদিলে তবলা সম্ৰাট জাকিৰ হুছেইনে
তবলা সম্ৰাট জাকিৰ হুছেইনৰ দেহাৱসান
monjit-dutta
Monjit Dutta | Updated On: 16 Dec 2024 07:49 AM

খহি পৰিল দেশৰ আন এক ভোটা তৰা। দেশৰ সংগীত জগত উকা কৰি চিৰদিনৰ বাবে চকু মুদিলে সংগীত জগতৰ এক মহীৰূহ, তবলা সম্ৰাট জাকিৰ হুছেইনে। আমেৰিকাৰ ছান ফ্ৰান্সিস্কো চহৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত তবলা বাদকগৰাকীয়ে। ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছৰ ফলত সৃষ্টি হোৱা জটিল শাৰীৰিক অৱস্থাৰ বাবে জাকিৰ হুছেইনৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। যোৱা দুসপ্তাহ ধৰি তেওঁ চিকিৎসাধীন অৱস্থাত আছিল।

শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাৰ বাবে আই চি ইউত ভৰ্তি কৰা হৈছিল। লক্ষণীয়ভাৱে যোৱা নিশা জাকিৰ হুছেইনৰ মৃত্যু ঘটা বুলি খবৰ প্ৰকাশ পাইছিল। এই খবৰে মুহূৰ্ততে জোকাৰি গৈছিল সমগ্ৰ দেশ। দেশৰ বহু গণ্য-মান্য ব্যক্তিয়ে সামাজিক মাধ্যম যোগে তেওঁৰ মৃত্যুৰ খবৰত দুখ প্ৰকাশ কৰিছিল। সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল এই খবৰ। অৱশ্যে পিছত জাকিৰ হুছেইনৰ পৰিয়ালে এই খবৰ নাকচ কৰিছিল।

সংগীত শিল্পীগৰাকীৰ ভগ্নী খুৰছিদে সংবাদ সংস্থাৰ সৈতে কথা পাতি জাকিৰ হুছেইনৰ মৃত্যুৰ খবৰ অস্বীকাৰ কৰিছিল। অৱশ্যে তেখেতৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত গুৰুতৰ বুলি তেখেতে জানিবলৈ দিছিল আৰু সুঃস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল। কিন্তু আজি পুৱা প্ৰখ্যাত শিল্পীগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে। ইতিমধ্যে জাকিৰ হুছেইনৰ পৰিয়ালে এই খবৰ নিশ্চিত কৰিছে।

জাকিৰ হুছেইনৰ মৃত্যু সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি প্ৰদান কৰি তেওঁৰ পৰিয়ালে কয়, ‘শিক্ষক, পথ প্ৰদৰ্শক আৰু গুৰু হিচাপে তেওঁৰ উজ্জ্বল কামে অগণন সংগীতজ্ঞৰ ওপৰত এক স্থায়ী চিন ৰাখি থৈ গৈছে। পৰৱৰ্তী প্ৰজন্মক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছিল। সাংস্কৃতিক দূত আৰু সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ সংগীতজ্ঞ হিচাপে তেওঁ এৰি থৈ গৈছে এক অনন্য উত্তৰাধিকাৰ।”

উল্লেখ্য যে জাকিৰ হুছেইনে নিজ কেৰিয়াৰত চাৰিটা গ্ৰেমী বঁটা লাভ কৰিছে। ইয়াৰে তিনিটা চলিত বৰ্ষৰ আৰম্ভণিতে ৬৬ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত লাভ কৰিছিল। ছয় দশকজোৰা স্বৰ্ণিল কেৰিয়াৰত সংগীতজ্ঞগৰাকীয়ে বহু বিখ্যাত আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় শিল্পীৰ সৈতে কাম কৰিছিল। ১৯৭৩ চনত তেওঁৰ এক সংগীত প্ৰকল্পত ইংৰাজ গীটাৰিষ্ট জন মেকলাফলিন, ভায়লিনবাদক এল শংকৰ আৰু পাৰ্কাচনিষ্ট টি এইচ ‘ভিক্কু’ বিনায়ক্ৰমৰ সৈতে ভাৰতীয় শাস্ত্ৰীয় আৰু জাজ বাদ্যযন্ত্ৰৰ সংমিশ্ৰণত এক অভিনৱ ফিউজন সৃষ্টি কৰিছিল।

সংগীত জগতত সম্পূৰ্ণ নতুন এই সৃষ্টিয়ে সমগ্ৰ বিশ্বজুৰি অনন্য জনপ্ৰিয়তা লাভ কৰিছিল। উল্লেখ্য যে জাকিৰ হুছেইনৰ পিতৃ আছিল দেশৰ আন এগৰাকী প্ৰখ্যাত তবলাবাদক, কিংবদন্তি শিল্পী উস্তাদ আল্লাৰখা কুৰেছি। ১৯৫১ চনৰ ৯ মাৰ্চত মুম্বাইৰ মাহিমত জাকিৰ হুছেইনৰ জন্ম হৈছিল। পিতৃৰ পদাংক অনুসৰণ কৰি জাকিৰ হুছেইন অতি কম বয়সতে ভাৰতীয় শাস্ত্ৰীয় বাদ্যৰ কাষ চাপি আহিছিল। মাত্ৰ ৩ বছৰ বয়সতে পিতৃৰ পৰা মৃদং বজাবলৈও শিকিছিল জাকিৰ হুছেইনে।

১২ বছৰ বয়সৰ পৰাই তেওঁ কনচাৰ্টত কণ্ঠদান কৰিবলৈ আৰম্ভ কৰিছিল। শৈশৱ কালতে নিজৰ প্ৰতিভাৰ উমান দি খ্যাতি লাভ কৰা হুছেইনে ৰবি শংকৰ, আলী আকবৰ খান, শিৱকুমাৰ শৰ্মাকে ধৰি ভাৰতৰ প্ৰায় সকলো মহান শিল্পীৰ সৈতে কাম কৰিছিল। ভাৰতৰ অন্যতম কিংবদন্তি শাস্ত্ৰীয় সংগীতজ্ঞ জাকিৰ হুছেইনক ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল।