Siang Festival 2025: এইবাৰ অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেলৰ শিৰোনাম দখল কৰিব ছানী লিয়নীয়ে…তাৰিখ জানক
অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ছিয়াং ফেষ্টিভেল ২০২৫(Siang Festival 2025)ত অংশগ্ৰহণ কৰিব ছানী লিয়নীয়ে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত অনুষ্ঠিত হ’ব ছিয়াং ফেষ্টিভেল।

পুনৰ উত্তৰ পূব ভ্ৰমণ কৰিব ছানী লিয়নীয়ে। তৃতীয়বাৰৰ বাবে উত্তৰ-পূব ভ্ৰমণ কৰিবলৈ সাজু মডেল আৰু বৰ্তমান ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অভিনেত্ৰীগৰাকী। ইতিমধ্যে তেওঁ উত্তৰ-পূব ভ্ৰমণ কৰিব বুলি সদৰী কৰা এটা ভিডিঅ’ বাৰ্তা ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। লগতে একাংশৰ বাবে ড্ৰিম গাৰ্ল ছানীৰ লাইভ শ্ব’ উপভোগ কৰিবৰ বাবেও উৎকণ্ঠা বাঢ়িছে অনুৰাগীৰ।
প্ৰকাশিত খবৰ অনুসৰি, অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ছিয়াং ফেষ্টিভেল ২০২৫(Siang Festival 2025)ত অংশগ্ৰহণ কৰিব ছানী লিয়নীয়ে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত অনুষ্ঠিত হ’ব ছিয়াং ফেষ্টিভেল। এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ছানীয়ে।
সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ বাৰ্তাত ছানীয়ে কয়,”মই ২৯ নৱেম্বৰত পাছিঘাটত লাইভ শ্ব’ত উপস্থিত থাকিম। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে মই অধিক উৎসাহিত হৈ আছোঁ। আপোনালোক সকলোকে মোৰ সৈতে নৃত্য আৰু অনুষ্ঠান উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।”
View this post on Instagram
উল্লেখ্য যে, নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ছিয়াং উৎসৱত অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়। সাংস্কৃতিক প্ৰদৰ্শনীৰ বাহিৰেও এই উৎসৱে পৰিৱেশ পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে। এই উৎসৱত পৰ্যটকসকলক আকৰ্ষণৰ বাবে সাংস্কৃতিক অনুষ্ঠান আৰু লোকনৃত্যৰ ব্যৱস্থা কৰা হয়।
মনকৰিবলগীয়া যে, ছানী লিয়নীয়ে অহা নৱেম্বৰত তৃতীয়বাৰৰ বাবে উত্তৰ-পূব ভ্ৰমণ কৰিব। প্ৰথম ভ্ৰমণ আছিল ২০২২ চনৰ ডিচেম্বৰ মাহত। তেতিয়া তেওঁ গেংটক আৰু ছিকিমৰ মেফেয়াৰ স্পা ৰিজৰ্টত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁৰ দ্বিতীয় ভ্ৰমণ আছিল ২০২৩ চনৰ জুলাই মাহত। তেতিয়া তেওঁ প্লেবয় বিয়েৰ গাৰ্ডেনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গুৱাহাটীত উপস্থিত হৈছিল। তৃতীয়বাৰৰ বাবে তেওঁ ২০২৫ চনৰ নৱেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ পাছিঘাট ভ্ৰমণ কৰি ছিয়াং উৎসৱত অংশগ্ৰহণ কৰাৰ কথা।