শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কৰিশ্মাৰ দুই সন্তান বাবে কিমান সম্পত্তি এৰি থৈ গ’ল প্ৰাক্তন স্বামী সঞ্জয়ে?

কৰিশ্মা কাপুৰে বিবাহ বিচ্ছেদৰ সময়ত দুয়োটা সন্তানক নিজৰ লগত ৰাখিবলৈ অনুৰোধ কৰিছিল। আদালতে সেই অনুৰোধ মানি লয়। ইয়াৰ লগতে আদালতে নিৰ্দেশ দিয়ে যে সঞ্জয়ে তেওঁলোকৰ সৈতে দৈনিক যোগাযোগ ৰাখিব পাৰে আৰু তেওঁলোকৰ ওচৰলৈও যাব পাৰে।

কৰিশ্মাৰ দুই সন্তান বাবে কিমান সম্পত্তি এৰি থৈ গ’ল প্ৰাক্তন স্বামী সঞ্জয়ে?
কৰিশ্মাৰ দুই সন্তান বাবে কিমান সম্পত্তি এৰি থৈ গ'ল প্ৰাক্তন স্বামী সঞ্জয়ে?
Barasha Misra
Barasha Misra | Updated On: 14 Jun 2025 14:30 PM

কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ দেহাৱসান। এই মুহূৰ্তত শোকত ভাগি পৰিছে কাপুৰ পৰিয়াল। বিবাহ বিচ্ছেদৰ পিছত বিগত ১১ বছৰ ধৰি দুয়োজনে পৃথকে পৃথকে আছিল। সঞ্জয় কাপুৰে ২০০৩ চনত অভিনেত্ৰী কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ জীৱনলৈ দুটিকৈ সন্তানো আহে, নাম সমেইৰা আৰু কিয়ান।

২০১৪ চনত দম্পতীহালে বিবাহ বিচ্ছেদৰ বাবে আবেন দাখিল কৰে। ২০১৬ চনত আইনীভাৱে দুয়োৰে বিবাহ বিচ্ছেদ হয়। বিচ্ছেদৰ পিছতো সঞ্জয়ে কেতিয়াও সন্তানৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰা নাছিল। বৰঞ্চ তেওঁ বিচাৰিছিল যে তেওঁৰ সন্তান দুটি কোনো সমস্যা নোহোৱাকৈ ডাঙৰ হওক। সেইবাবে ২০১৬ চনত তেওঁ ১৪ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। যাৰ পৰা কৰিশ্মা কাপুৰে সন্তানৰ খৰচৰ বাবদ সুত হিচাপে ১০ লাখ টকা লাভ কৰে। ইয়াৰ উপৰিও সঞ্জয় কাপুৰৰ পিতৃ গৃহ কৰিশ্মা কাপুৰৰ নামত লিখি দিয়ে।

বিচ্ছেদৰ সময়ত কৰিশ্মা কাপুৰে সন্তান দুটিক নিজৰ লগত ৰাখিবলৈ অনুৰোধ জনাইছিল আৰু আদালতে সেই অনুৰোধ মানি লয়। প্ৰাক্তন স্বামী সঞ্জয়ে তেওঁলোকৰ সৈতে দৈনিক যোগাযোগ ৰাখিব পাৰিব আৰু সন্তান দুটিক লগ কৰিব পাৰিব বুলি আদালতে নিৰ্দেশ দিয়ে। অৱশ্যে বিচ্ছেদ ঘটে দম্পতীটোৰ। যদিও প্ৰথমে ইজনে সিজনৰ লগত ভালকৈ কথা পাতিবলৈ মান্তি হোৱা নাছিল, কিন্তু পিছলৈ সঞ্জয়-কৰিশ্মাৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে। আনকি সঞ্জয়ক সন্তানৰ জন্মদিনতো উপস্থিত থকা দেখা যায়। অৱশ্যে ১২ জুনত সকলো শেষ হৈ গ’ল। কৰিশ্মাৰ দুই সন্তানৰ পিতৃয়ে ইহ-সংসাৰ ত্যাগ কৰে।