অসমত অনুষ্ঠান কৰা মানে জ্ঞানী মানুহৰ মাজত অনুষ্ঠান কৰা: চনু নিগম
শিল্পী গৰাকী বৰঝাৰ বিমানবন্দৰ ত আহি উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয়। কনচাৰ্টৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব শিল্পী গৰাকীয়ে।বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়েই সোণু নিগম স্মৰণ কৰিলে জুবিন গাৰ্গক।
দুদিনীয়া ভ্ৰমণৰ বাবে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম। ১৪ ডিচেম্বৰ দেওবাৰে দ্য গ্ৰীণউড ৰিজ’ৰ্টত দীৱানা তেৰা কনচাৰ্টত সংগীত পৰিৱেশন কৰিব চনু নিগমে। শিল্পী গৰাকী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয়। কনচাৰ্টৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব শিল্পী গৰাকীয়ে। বিমানবন্দৰত জনপ্ৰিয় গায়কজনক চাবলৈ অনুৰাগীৰ ভিৰ।
বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়েই চনু নিগম স্মৰণ কৰিলে জুবিন গাৰ্গক। অসমৰ মানুহৰ শিল্পীপ্ৰেমৰ কথা কৈ পুনৰবাৰ আৱেগিক হৈ পৰিল কণ্ঠশিল্পীগৰাকী।বিমানবন্দৰত অৱতৰণ কৰাৰ কিছু সময়ৰ পাছতে জুবিন গাৰ্গক সৈতে তেওঁৰ সম্পৰ্কক বন্ধুত্ব, সংগীত, আৰু স্মৃতি ভাগ-বতৰা কৰাত গভীৰভাৱে শিপাই থকা বুলি অভিহিত কৰে। অসমত জুবিন গাৰ্গৰ সৈতে থকা প্ৰথম দিনবোৰৰ কথা মনত পেলায় কণ্ঠশিল্পীগৰাকীয়ে
সোণু নিগম কয়, ‘১৯৯৭ৰ পৰা জুবিনৰ সৈতে মোৰ বন্ধুত্ব আছিল । শেষবাৰৰ বাবে গুৱাহাটীতে লগ পাইছিলো জুবিন গাৰ্গক। হঠাৎ কি হৈ গ’ল একোৱেই গম নাপালোঁ। অসমৰ মানুহে জুবিনক বহুত মৰম দিছে। জুবিনক অসমত যেতিয়া লগ পাইছিলো তেতিয়াৰ পৰা বহু স্মৃতি জড়িত হৈ আছে।
কলাত্মক যাত্ৰাত ৰাজ্যখনে বিশেষ স্থান দখল কৰা বুলি উল্লেখ কৰি চনু নিগমে অসমৰ প্ৰতি গভীৰ স্নেহ আৰু প্ৰশংসাও প্ৰকাশ কৰে। গুৱাহাটী দৰ্শকক বিবেচনাশীল আৰু সংগীতৰ সৈতে গভীৰভাৱে জড়িত বুলি অভিহিত কৰি নিগামে কয়, ‘অসমত সংগীত পৰিৱেশন কৰাটো সদায় এক অনন্য অভিজ্ঞতা। অসম বেলেগ।ইয়াত পৰিৱেশন কৰাৰ অৰ্থ হ’ল জ্ঞানী, সংগীতপ্ৰেমী মানুহৰ আগত পৰিৱেশন কৰা।’ মহানগৰীত তেওঁৰ আগন্তুক কনচাৰ্টত বাবে আগ্ৰহেৰে বাট চাই আছে বুলি মন্তব্য কৰে চনুৱে।