শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিকিনি পিন্ধা পোষ্টাৰ প্ৰেমিকৰ চুবুৰীত, ভয়তে নিশা কি কৰিলে অভিনেত্ৰী শৰ্মিলাই?

বিকিনি পিন্ধি শ্বুটিং কৰিবলৈ সকলো কৰিব লাগিব বুলি কৈ শৰ্মিলাই হাঁহিলে। ‘এন ইভিনিং ইন পেৰিছ’ ছবিখনৰ বাবে পৰিচালকৰ নিৰ্দেশ অনুসৰি বিকিনি পিন্ধিব লগা হৈছিল। অৱশ্যে পৰিচালকে বেছি হেঁচা প্ৰদান কৰা নাছিল। তেওঁ নিজৰ ইচ্ছামতে কৰিছিল সকলো।

বিকিনি পিন্ধা পোষ্টাৰ প্ৰেমিকৰ চুবুৰীত, ভয়তে নিশা কি কৰিলে অভিনেত্ৰী শৰ্মিলাই?
barasha-misra
Barasha Misra | Published: 21 Nov 2025 13:15 PM

আজিকালি প্ৰায় ছবিত বিকিনি পিন্ধা অভিনেত্ৰীক দেখা যায়। ৬০ৰ দশকত মাত্ৰ কিছুমান অভিনেত্ৰীহে ৰিভিলিং কাপোৰ পিন্ধিছিল। কিন্তু তেতিয়া শৰ্মিলা ঠাকুৰে সেই নিষেধাজ্ঞা ভংগ কৰি বিকিনি পিন্ধি ধৰা পৰিল। শাহুৱেকৰ ভয়ত চিনেমাখনৰ পোষ্টাৰ ফালি পেলাইছিল অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ বিভিন্ন অজ্ঞাত কাহিনী শ্বেয়াৰ কৰিছিল। শৰ্মিলাই হাঁহি হাঁহি কয় যে এবাৰ বিকিনি পিন্ধি শ্বুটিং কৰি বিপদত পৰাৰ কথা। ‘এন ইভিনিং ইন পেৰিছ’ ছবিখনৰ বাবে পৰিচালকৰ নিৰ্দেশ অনুসৰি বিকিনি পিন্ধিব লগা হৈছিল। অৱশ্যে পৰিচালকে বেছি হেঁচা প্ৰদান কৰা নাছিল। সকলো তেওঁ নিজৰ ইচ্ছামতে কৰিছিল। শৰ্মিলাৰ ভাষাত, “সেই সময়ত সেইটো ইমান ডাঙৰ কথা আছিল। কাপোৰ এটুকুৰাৰ বাবে মই কিমান বিতৰ্কত লিপ্ত হ’ব লাগিব বুলি মই ভবা নাছিলো।”

অৱশ্যে এই বিষয়ে তেওঁৰ স্পষ্ট উত্তৰ হ’ল, “মই যি কৰিলোঁ সেয়া দৰ্শকৰ বাবে আছিল। মোৰ পৰিচালকে মোক বুজাই দিলে যে মই আজি ইয়াত দৰ্শকৰ বাবে আহিছো, গতিকে তেওঁলোকে বিচৰা ধৰণে আচৰণ কৰিব লাগিব। মই নিজকে দেখুৱাব বিচাৰিছিলো। মই অধিক আকৰ্ষণীয় আৰু দৰ্শকৰ বাবে অধিক গ্ৰহণযোগ্য হ’ব বিচাৰিছিলো। মই ভাবো মই সেইটো কৰিবলৈ সক্ষম হৈছিলোঁ।”

এই ঘটনা শৰ্মিলাৰ বিয়াৰ পূৰ্বৰ। সেই সময়ত মনছুৰ আলী খান পটৌদিৰ লগত তেওঁৰ সম্পৰ্ক আছিল। অৱশ্যে এই শ্বুটিঙৰ বিষয়ে তেওঁৰ শাহুৱেকে কি ক’ব তাক লৈ যথেষ্ট ভয় খাইছিল। গতিকে, ৰাতিটোৰ ভিতৰতে শহুৰেকৰ ঘৰৰ ওচৰৰ সকলো পোষ্টাৰ চিঙি পেলাবলৈ ড্ৰাইভাৰক পঠিয়াই দিয়ে। সেই সময়ত তেওঁৰ প্ৰেমিক সেই  স্থানত নাছিল, গতিকে এই কাম কৰিব ভয় কৰা নাছিল।