ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিবলৈ এখন হাতেই যথেষ্ঠ! অস্ত্ৰোপচাৰৰ পাছত কেনে আছে শ্বাহৰুখ…
বৰ্তমান বিশেষ চৰ্চাত আছে শ্বাহৰুখ খান আৰু আৰিয়ন খান। শেহতীয়াকৈ শ্বাহৰুখে পুত্ৰৰ প্ৰথম প্ৰজেক্টৰ প্ৰচাৰ কৰে। কিন্তু তেওঁৰ এখন হাতত আঘাতৰ চিন দেখা গৈছে।

যোৱা ৪৮ ঘণ্টাত তীব্ৰ চৰ্চাত আছে শ্বাহৰুখ খান আৰু আৰিয়ন খান। বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে পুত্ৰ আৰিয়ন খানৰ প্ৰথম প্ৰজেক্টৰ প্ৰচাৰ কৰে। নেটফ্লিক্সৰ এই ছিৰিজৰ প্ৰিভিউই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বহুতে আৰিয়নক পিতৃৰ নকল বুলি কৈছে। দুয়োকে দেখাত প্ৰায় একেই।
ছবি নহয়, এইবাৰ নেটফ্লিক্সৰ মঞ্চলৈ আহি কিং খানে বিভিন্নজনৰ হৃদয় জয় কৰিলে। এই সময়চোৱাত তেওঁ পুত্ৰৰ পৰিশ্ৰম, বলীউডৰ লগত জড়িত বিভিন্ন স্মৃতিৰ কথাও উল্লেখ কৰে। কিন্তু সকলোৰে আগত তেওঁ এনে এক কাম কৰে যিয়ে সকলোকে আচৰিত কৰি তোলে। যোৱা কেইটামান দিন ধৰি শ্বাহৰুখ খান অসুস্থ হৈ আছিল। শ্বুটিং স্থলীতে আঘাতপ্ৰাপ্ত হৈছিল তেওঁ। কোৱা হৈছিল, শ্বাহৰুখক চিকিৎসাৰ বাবে বিদেশলৈ নিয়া হৈছে। কিন্তু তেওঁৰ স্বাস্থ্য সন্দৰ্ভত বিশেষ একো তথ্য প্ৰকাশ পোৱা নাছিল।
তাৰ পাছত এতিয়া শ্বাহৰুখক মঞ্চত দেখিবলৈ পোৱা গৈছে। এখন হাত বন্ধা আছিল শ্বাহৰুখৰ। মানে এখন হাতত আঘাত পাইছিল তেওঁ। নেটফ্লিক্সৰ মঞ্চত গ্ৰেণ্ড এণ্ট্ৰিৰ পিছত শ্বাহৰুখ খানে কয়, “মই জানো আপোনাৰ মনত কিছুমান প্ৰশ্ন আছে, গতিকে প্ৰথমে সেই প্ৰশ্নৰ উত্তৰ দিওঁ, মোৰ হাতখনৰ কি হ’ল? মই আঘাত পাইছো, এটা ডাঙৰ অস্ত্ৰোপচাৰ হৈ হ’ল। সম্পূৰ্ণ সুস্থ হ’বলৈ মোক এমাহ বা দুমাহ সময় লাগিব। কিন্তু মোৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ গ্ৰহণ কৰিবলৈ এখন হাতেই যথেষ্ঠ। আচলতে মই এখন হাতেৰেই সকলো কৰো। খাদ্য খাওঁ, ব্ৰাছ কৰো, মূৰত খজুৱালে সেয়াও কৰো। মাত্ৰ এটা সময়তে দুখন হাত নথকাৰ অভাৱ অনুভৱ হয় যেতিয়া আপোনালোকৰ মৰম লবলগীয়া হয়”। ইয়াৰ পাছতে চাৰিওফালে হাত চাপৰি বাজি উঠে।
অন্য খবৰ পঢ়কঃ আমিৰ খানৰ আছে অবৈধ সন্তানঃ পৰিয়ালৰ সৈতে সম্পৰ্ক শেষ কৰি ভাতৃয়ে ভেদ কৰিলে ডাঙৰ ৰহস্য…