শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ShahRukh Khan: কিমান ধনী শ্বাহৰুখ খান? মান্নাতৰ পৰা ব্যক্তিগত জেটলৈকে মুঠ সম্পত্তিৰ পৰিমাণ জানক…

ShahRukh khan net worth: শ্বাহৰুখ খানৰ ভাৰত আৰু বিদেশত অসংখ্য বিলাসী সম্পত্তিৰ মালিক। মুম্বাইৰ তেওঁৰ বিখ্যাত বাংলো মান্নাতৰ মূল্য প্ৰায় ২০০ কোটি টকা। দিল্লীতো তেওঁৰ এটা সুন্দৰ ঘৰ আছে। আলিবাগস্থিত তেওঁৰ সাগৰৰ পাৰৰ ফাৰ্ম হাউচটোৰ মূল্য কোটি কোটি টকা।

ShahRukh Khan: কিমান ধনী শ্বাহৰুখ খান? মান্নাতৰ পৰা ব্যক্তিগত জেটলৈকে মুঠ সম্পত্তিৰ পৰিমাণ জানক…
কিমান ধনী শ্বাহৰুখ খান?
trishna-kalita
Trishna Kalita | Published: 02 Nov 2025 12:06 PM

আজি বলীউডৰ কিং শ্বাহৰুখ খানৰ জন্মদিন। ৬০ বছৰত ভৰি দিয়া শ্বাহৰুখৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই। দিল্লীৰ এজন সাধাৰণ ল’ৰা, তেওঁ কেৱল চলচ্চিত্ৰ জগতত নাম অৰ্জন কৰাই নহয়, বিশ্বৰ অন্যতম ধনী অভিনেতা হৈ পৰিছে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা, একাগ্ৰতাৰ জৰিয়তে তেওঁ এনে এক স্থান লাভ কৰিছে য’ত উপনীত হোৱাৰ সপোন বহুতে দেখে। শ্বাহৰুখ খানে দিলৱালে দুলহনিয়া লে জায়েংগে, চেন্নাই এক্সপ্ৰেছ, পাঠান, জৱানৰ দৰে ব্লকবাষ্টাৰ ছবিত কাম কৰিছে। তেওঁ কেৱল দৰ্শকৰ হৃদয় জয় কৰাই নহয়, তেওঁৰ ছবি, ব্ৰেণ্ড, ব্যৱসায়িক উদ্যোগৰ পৰাও প্ৰচণ্ড ধন উপাৰ্জন কৰিছে।

শ্বাহৰুখ খানৰ নেট ৱৰ্থ

শেহতীয়াকৈ প্ৰকাশ পোৱা হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৫ অনুসৰি আনুষ্ঠানিকভাৱে কোটিপতি হৈ পৰিছে শ্বাহৰুখ খান। প্ৰতিবেদন অনুসৰি তেওঁৰ সম্পত্তি ১.২ বিলিয়ন ডলাৰ (প্ৰায় ১২,৪৯০ কোটি টকা) যাৰ ফলত তেওঁ বিশ্বৰ অন্যতম ধনী অভিনেতা। তেওঁৰ উপাৰ্জনৰ মূল উৎস হৈছে ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট। যিটো তেওঁ ২০০২ চনত পত্নী গৌৰী খানৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। আজি ই ভাৰতৰ অন্যতম শীৰ্ষ প্ৰডাকচন হাউচ, যাৰ মূল্য ৫ কোটিতকৈও অধিক। কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আই পি এল দলত শ্বাহৰুখৰ অংশীদাৰিত্বও তেওঁৰ উপাৰ্জনৰ এক প্ৰধান উৎস। তেওঁ কেইবাটাও ডাঙৰ ব্ৰেণ্ডকো সমৰ্থন কৰে আৰু স্মাৰ্ট ব্যৱসায়িক বিনিয়োগ কৰে।

শ্বাহৰুখ খানৰ সম্পত্তি আৰু বিলাসী জীৱন

শ্বাহৰুখ খানৰ ভাৰত আৰু বিদেশত কেইবাটাও বিলাসী সম্পত্তিৰ মালিক। মুম্বাইৰ তেওঁৰ বিখ্যাত বাংলো মান্নাতৰ মূল্য প্ৰায় ২০০ কোটি টকা। দিল্লীতো তেওঁৰ এটা বিলাসী ঘৰ আছে। আলিবাগস্থিত তেওঁৰ সাগৰৰ পাৰৰ ফাৰ্ম হাউচটোৰ মূল্য কোটি কোটি টকা। লণ্ডন আৰু ডুবাইতো তেওঁৰ বিলাসী সম্পত্তি আছে।

গাড়ী আৰু জেট

শ্বাহৰুখ খানৰ  Gulfstream G550 ব্যক্তিগত জেট বিমান, যাৰ মূল্য প্ৰায় ৩৫০ কোটি টকা। তেওঁৰ কেইবাখনো বিলাসী গাড়ী আছে, য’ত Rolls Royce Cullinan Black Badge (১০ কোটি টকা) আৰু BMW i8 (২.৬ কোটি টকা) অন্তৰ্ভুক্ত। তেওঁৰ এখন কাষ্টমাইজড ভেনিটি ভ্যানো আছে, যাৰ মূল্য প্ৰায় ৪ কোটি বুলি জানিব পৰা গৈছে। শ্বাহৰুখ খানে ১০০খনতকৈও অধিক ছবিত অভিনয় কৰি বহু বঁটা লাভ কৰিছে। তাৰ ভিতৰত ১৫ টা ফিল্মফেয়াৰ বঁটা, পদ্মশ্ৰী, লিজিয়ন অৱ অনাৰকে ধৰি বহুতো সন্মান আছে।

শেহতীয়াকৈ তেওঁ জৱান (২০২৫) ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেওঁৰ পূৰ্বৰ ছবি ডংকিত তেওঁৰ অভিনয় যথেষ্ট প্ৰশংসা কৰা হৈছিল। তেওঁ কেৱল চিনেমাৰে নহয়, লাখ লাখ হৃদয়ৰ কিং আৰু তেওঁৰ কেৰিয়াৰৰ এই জিলিকনি এতিয়াও অক্ষত আছে।