শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমাৰ হৃদয়ত শান্তি থাকিলে কোনো শক্তিয়ে ভাৰতক কঁপাব নোৱাৰে: শ্বাহৰুখ খান

মুম্বাইত অনুষ্ঠিত গ্ল’বেল পিছ অনাৰ্ছ ২০২৫ অনুষ্ঠানত উপস্থিত হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে শ্বাহৰুখ খানে। সেইদিনা সন্ধিয়াৰ তেওঁ আছিল বিশেষ অতিথি। মঞ্চত থিয় হৈ তেওঁ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা নিৰীহ লোকসকলৰ স্মৃতিত গভীৰ শোক প্ৰকাশ কৰে।

আমাৰ হৃদয়ত শান্তি থাকিলে কোনো শক্তিয়ে ভাৰতক কঁপাব নোৱাৰে: শ্বাহৰুখ খান
শ্বাহৰুখ খান
trishna-kalita
Trishna Kalita | Published: 24 Nov 2025 12:54 PM

২০২৫ত সংঘটিত দুটা সন্ত্ৰাসবাদী আক্ৰমণে ফলত প্ৰতিজনৰ ভাৰতীয় হৃদয়ত শোকৰ ছাপ পেলাই গৈছে। এতিয়াও যেন ক্ষোভত উতলি আছে সমগ্ৰ দেশ। সকলোৱে একেমুখে এই ঘটনাক তীব্ৰ গৰিহণা দি প্ৰতিশোধ বিচাৰিছে। পহলগামক সন্ত্ৰাসবাদী আক্ৰমণ, আৰু তাৰ পিছত শেহতীয়াত দিল্লীত সংঘটিত হৈছে বোমা বিস্ফোৰণ। এই ঘটনাত স্তম্ভিত হৈ পৰিছে সমগ্ৰ দেশ।  এই সন্দৰ্ভত  ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে। তেওঁ আকৌ এবাৰ মঞ্চত উঠি মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। লগতে জোৱানসকলৰ ত্যাগক শ্ৰদ্ধা জনায়।

মুম্বাইত অনুষ্ঠিত গ্ল’বেল পিছ অনাৰ্ছ ২০২৫ অনুষ্ঠানত উপস্থিত হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে শ্বাহৰুখ খানে। সেইদিনা সন্ধিয়াৰ তেওঁ আছিল বিশেষ অতিথি। মঞ্চত থিয় হৈ তেওঁ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা নিৰীহ লোকসকলৰ স্মৃতিত গভীৰ শোক প্ৰকাশ কৰে।

এএনআইয়ে প্ৰকাশ কৰা ভিডিঅ’টোত শ্বাহৰুখে অনুষ্ঠানত ভাষণ দি কয় যে, “২৬/১১ মুম্বাই আক্ৰমণ, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু শেহতীয়াকৈ দিল্লী বিস্ফোৰণত প্ৰাণ হেৰুৱাই পেলোৱা নিৰীহ লোকসকলৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা। ইয়াৰ লগতে এই আক্ৰমণত দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলৰ প্ৰতি আমি কৃতজ্ঞ।”

তাৰ পাছত দেশৰ জোৱানসকলক সম্বোধন কৰি শ্বাহৰুখে কয়, “কোনোবাই যদি সুধিছে আপুনি কি কৰে, গৌৰৱেৰে কওক – মই দেশ ৰক্ষা কৰো। কোনোবাই যদি সুধিছে যে আপুনি কিমান উপাৰ্জন কৰে, হাঁহি হাঁহি কওক – মই ১৪০ কোটি মানুহৰ আশীৰ্বাদ উপাৰ্জন কৰো। আৰু যদি প্ৰশ্নটো আকৌ আহে, তেন্তে আপুনি ভয় কৰেনে?  তেতিয়া তেওঁলোকৰ চকুলৈ চাই কওক – যিসকলে আমাক আক্ৰমণ কৰে, তেওঁলোকে ভয় কৰে।”

মানৱতাৰ পথত খোজ দিয়াৰ বাৰ্তা দি শ্বাহৰুখে লগতে কয়, “আহক আমি সকলোৱে শান্তিৰ পথত আগবাঢ়ি যাওঁ। জাতি-ধৰ্ম-বৰ্ণৰ পাৰ্থক্য পাহৰি মানৱতাৰ পথত খোজ দিওঁ, যাতে শ্বহীদৰ ত্যাগ অসাৰ নহয়। যদি আমাৰ হৃদয়ত শান্তি থাকে তেন্তে কোনো শক্তিয়ে ভাৰতক কঁপাই তুলিব নোৱাৰে।”

শ্বাহৰুখৰ আৱেগিক ভাষণত সমগ্ৰ দেশৰ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ঐক্যৰ বাৰ্তা বিয়পি পৰিছে। শ্বাহৰুখ খানৰ এই  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চলচ্চিত্ৰ জগতৰ তাৰকাসকলে সৈনিকৰ জীৱনৰ ওপৰত আধাৰিত বহু ভূমিকা পালন কৰে যদিও জৱানৰ তাৰকা শ্বাহৰুখে স্পষ্ট কৰি দিলে যে ক’ৰবাত গৈ শ্বুটিং চেটত কেমেৰাৰ সন্মুখত যুঁজ দিয়া আৰু প্ৰকৃততে শত্ৰুৰ সন্মুখীন হোৱাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।