শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিবাহৰ সময়ত দৰা-কইনাৰ মাজত কিয় গাঁঠি বান্ধি দিয়া হয়? চাওক আঁৰৰ গুৰুত্ব তথা কাৰণ

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিয়াত এই ৰীতি-নীতিসমূহক অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। বিয়াৰ সময়ত অগ্নিক সাক্ষী কৰি সাতবাৰ পদক্ষিণ কৰাৰ পূৰ্বে আন এক ৰীতি অনুসৰি দৰা-কইনাৰ মাজত কাপোৰেৰে গাঁঠি বান্ধি দিয়া হয়। পিছে ইয়াৰ মহত্ব কি জানেনে?

বিবাহৰ সময়ত দৰা-কইনাৰ মাজত কিয় গাঁঠি বান্ধি দিয়া হয়? চাওক আঁৰৰ গুৰুত্ব তথা কাৰণ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 24 Nov 2025 14:19 PM

হিন্দু ধৰ্মত বিবাহক অতি পবিত্ৰ সম্পৰ্ক হিচাপে গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি হিন্দু ধৰ্মত বৰ্ণনা কৰা ১৬টা সংস্কাৰৰ ভিতৰত বিবাহ অন্যতম। সেয়ে বিয়াৰ সময়ত বহু ৰীতি-নীতি পালন কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিয়াত এই ৰীতি-নীতিসমূহক অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। বিয়াৰ সময়ত অগ্নিক সাক্ষী কৰি সাতবাৰ পদক্ষিণ কৰাৰ পূৰ্বে আন এক ৰীতি অনুসৰি দৰা-কইনাৰ মাজত কাপোৰেৰে গাঁঠি বান্ধি দিয়া হয়। এই বান্ধোন ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াৰ অবিহনে বিবাহ সম্পূৰ্ণ নহয় বুলিয়ে গণ্য কৰা নহয়।

এইদৰে গাঁঠি বান্ধি দিয়াৰ অৰ্থ হৈছে দুগৰাকী ব্যক্তিৰ মাজত পবিত্ৰ বন্ধন। কইনাৰ কাপোৰৰ অংশ আৰু দৰাৰ কাপোৰৰ অংশৰে সুদৃঢ়ভাৱে গাঁঠি বান্ধি এই নিয়ম সম্পন্ন কৰা হয়। এই গাঁঠিটো প্ৰেম, বিশ্বাস আৰু একেলগে থকাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক হৈ পৰে। গতিকে দৰা-কইনাৰ এই বন্ধন কেতিয়াও খুলিব নালাগে বুলি বিশ্বাস কৰা হয়।

দৰা-কইনাৰ মাজত গাঁঠি বান্ধি দিয়া এই ৰীতি নিয়ম অনুসাৰে সদায় দৰাৰ ভগ্নীয়ে কৰে। দৰাৰ ভগ্নীৰ দ্বাৰা এই বান্ধোন দিয়াৰ আঁৰতো এক কাৰণ আছে। ইয়াৰ দ্বাৰা দৰাৰ ভগ্নীয়ে কইনাক নিজৰ ভগ্নীৰ দৰে পৰিয়ালত মৰম আৰু শ্ৰদ্ধাৰে গ্ৰহণ কৰে। বিবাহ কেৱল দুজন ব্যক্তিৰ মাজৰ সম্পৰ্ক নহয়, দুটা পৰিয়ালৰো সম্পৰ্ক।

বিয়াৰ সময়ত দৰাৰ ভগ্নীয়ে কৰা বন্ধনে এই কথাকে বুজায়। সাধাৰণতে দৰা-কইনাক হালধীয়া বা গোলাপী ৰঙৰ কাপোৰেৰে বান্ধি থোৱা হয়। হালধীয়া আৰু গোলাপী ৰং অতি শুভ ৰং হিচাপে গণ্য কৰা হয়। এই ৰং দুটাক সৌভাগ্য আৰু মংগলৰ প্ৰতীক হিচাপে জ্ঞান কৰা হয়। সেয়ে বিবাহৰ দৰে পবিত্ৰ অনুষ্ঠানত এই ৰং ব্যৱহাৰ কৰা হয়।

বিবাহৰ এই নীতি-নিয়ম স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক মজবুত কৰাৰ প্ৰতীক। এই বান্ধোন হৈছে ইজনে সিজনক সন্মান কৰা, বিশ্বাস বজাই ৰখা, সকলো পৰিস্থিতিত ইজনে সিজনক সমৰ্থন কৰা, সত্য আৰু শুদ্ধতাৰে সম্পৰ্ক বজাই ৰখাৰ এক প্ৰতীকি নিয়ম।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লিখিত তথ্যসমূহ সম্পূৰ্ণ ৰূপে ধৰ্মীয় তথা লোক বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam-এ এই সন্দৰ্ভত নিজাকৈ কোনো মতামত আগবঢ়োৱা নাই।