শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিশাটোৰ ভিতৰতে চেহেৰা সলনি! কিং খানৰ ৰূপ দেখি হতবাক অনুৰাগী…

শেহতীয়াকৈ পুত্ৰ আৰিয়ানৰ ছিৰিজৰ প্ৰচাৰৰ সময়ত আন এক চমক দেখুৱালে শ্বাহৰুখে। যিয়ে তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আৰু তেতিয়াৰ পৰা বলীউড জগতত এটাই চৰ্চা, শ্বাহৰুখৰ ফেচলিফ্ট কৰাইছে নেকি? তেওঁ নিজকে সৈনিকৰ দৰে দেখুৱাবলৈ মুখখন স্বচ্ছ কৰিছে!

নিশাটোৰ ভিতৰতে চেহেৰা সলনি! কিং খানৰ ৰূপ দেখি হতবাক অনুৰাগী…
কিং খানৰ ৰূপ দেখি হতবাক অনুৰাগী!
trishna-kalita
Trishna Kalita | Published: 26 Aug 2025 12:21 PM

শ্বাহৰুখ খান, নামে যাৰ পৰিচয়। শ্বাহৰুখৰ প্ৰতিটো চৰিত্ৰই অনুৰাগীৰ হৃদয়ত স্থান দখল কৰি আহিছে। সময়ৰ লগে লগে যেন অধিক ডেকা হৈ পৰিছে বলীউডৰ কিং । তেওঁৰ গতিবিধি, কথা-বতৰা, কাপোৰ-কানি, গ্ৰুমিঙে তেওঁক ২৮ বছৰীয়া যুৱকলৈ ৰূপান্তৰিত কৰিছে। বিভিন্ন অস্ত্ৰোপচাৰ আৰু বিষৰ যন্ত্ৰণাই যেন অধিক স্বচ্ছ কৰি তুলিছে শ্বাহৰুখ খানক । শৰীৰত চৰ্বি দেখাটো বহু দূৰৰে কথা, পেশীবহুল শৰীৰেৰে আজিও তেওঁ বহু উদীয়মান অভিনেতাক প্ৰত্যাহ্বান জনাব পাৰে।

কিন্তু শেহতীয়াকৈ পুত্ৰ আৰিয়ানৰ ছিৰিজৰ প্ৰচাৰৰ সময়ত আন এক চমক দেখুৱালে শ্বাহৰুখে। যিয়ে তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আৰু তেতিয়াৰ পৰা বলীউড জগতত এটাই চৰ্চা, শ্বাহৰুখৰ ফেচলিফ্ট কৰাইছে নেকি? তেওঁ নিজকে সৈনিকৰ দৰে দেখুৱাবলৈ মুখখন স্বচ্ছ কৰিছে!

পুত্ৰৰ নতুন ছবি ‘বেডছ অৱ বলীউড’ৰ প্ৰচাৰৰ বাবে ক’লা চুট পিন্ধি আহিছিল শ্বাহৰুখে। পুত্ৰৰ কাষত থিয় হোৱাৰ লগে লগে অনুৰাগীসকলে হঠাতে লক্ষ্য কৰিলে যে শ্বাহৰুখৰ মুখখন মোটা দেখা হৈছে । লগতে ছাল যথেষ্ট উজ্জ্বল আছিল। আনকি তেওঁৰ নাকটোও আগৰ তুলনাত বহুত দীঘল আছিল! শ্বাহৰুখলৈ চাই এয়া ক’বলৈ টান যে তেওঁৰ বয়স ৫৯!

তেতিয়াৰ পৰাই শ্বাহৰুখে ফেচলিফ্ট কৰা বুলি খবৰ বিয়পি পৰিছে। আনকি কোৱা হৈছে যে কিছুদিন পূৰ্বে তেওঁ আমেৰিকালৈ গৈ কৰা চিকিৎসা আচলতে প্লাষ্টিক চাৰ্জাৰীৰ আছিল। নহ’লে চৰ্বিৰে ভৰা শ্বাহৰুখৰ বলিৰেখাযুক্ত মুখখন নিশাটোৰ ভিতৰতে কেনেকৈ স্বচ্ছ হৈ পৰিল!

অৱশ্যে এই সন্দৰ্ভত শ্বাহৰুখৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাাই। বহুতে ভাবে যে শ্বাহৰুখে হয়তো কিং ছবিখনৰ বাবে এনেকুৱা মেকঅভাৰ কৰিছে।