শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আলিবাগত কিং খানৰ চিক্ৰেট পাৰ্টি, কোনে ভাইৰেল কৰিলে ‘বাদশ্বাহ’ শ্বাহৰুখৰ জন্মদিন উদযাপনৰ ছবি!

এইবাৰ ৰাজহুৱা হৈ পৰে কিং খানৰ জন্মদিন উদযাপনৰ ছবি। স্বাভাৱিকতেই এই ফটোসমূহে অনুৰাগীৰ মাজতো লাভ কৰিছে চৰ্চা। নৈশ পাৰ্টিত শ্বাহৰুখে কি পিন্ধিছিল, বাংলোৰ ভিতৰৰ ছবিৰ লগতে সামাজিক মাধ্যমত বিয়পি পৰিছে বিভিন্ন চেলফি।

আলিবাগত কিং খানৰ চিক্ৰেট পাৰ্টি, কোনে ভাইৰেল কৰিলে ‘বাদশ্বাহ’ শ্বাহৰুখৰ জন্মদিন উদযাপনৰ ছবি!
শ্বাহৰুখ খানImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 03 Nov 2025 13:38 PM

বলীউডৰ ‘বাদশ্বাহ’ তেওঁ, দশক দশকজুৰি হিন্দী ছবিজগতৰ একপ্ৰকাৰে অবিৰত ৰাজত্ব চলাই আহিছে কিং খান শ্বাহৰুখে। প্ৰিয় তাৰকাগৰাকীৰ জন্মদিন বুলিলেই অনুৰাগীৰ মাজত এক বিশেষ আকৰ্ষণ, তাতে এইবাৰ তেওঁ উদযাপন কৰিছে জীৱনৰ ৬০টা বসন্ত। এই বিশেষ দিনটো আলিবাগস্থিত নিজৰ বিলাসী বাংলোত, পৰিয়াল তথা ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু সহকৰ্মীৰ সৈতে উদযাপন কৰে কিং খানে। শ্বাহৰুখৰ বিলাসী বাংলো মন্নতৰ পৰিৱৰ্তে এইবাৰ আলিবাগৰ বাংলো হৈ পৰে উদযাপনস্থলী। মন্নতত বৰ্তমান নিৰ্মাণৰ কাম চলি থকাৰ বাবে শ্বাহৰুখ এতিয়া পৰিয়ালৰ সৈতে আলিবাগৰ বাংলোতে আছে।

স্থান সলনি হ’লেও অৱশ্যে জীৱনৰ বিশেষ দিনটোৰ উদযাপন বন্ধ নহ’ল। দেওবাৰে এই বিশেষ দিনটোত শ্বাহৰুখৰ জন্মদিনৰ পাৰ্টিত ফাৰাহ খান, কৰণ জোহৰ, ৰাণী মুখাৰ্জী, অনন্যা পাণ্ডেকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। সাধাৰণতে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশৰ পৰা বিৰত থাকে শ্বাহৰুখ। কিন্তু এইবাৰ তেওঁৰ বন্ধুবৰ্গই শ্বেয়াৰ কৰা ফটো সামাজিক মাধ্যমত বিয়পি পৰে।

সেইবাবেই এইবাৰ ৰাজহুৱা হৈ পৰে কিং খানৰ জন্মদিন উদযাপনৰ ছবি। স্বাভাৱিকতেই এই ফটোসমূহে অনুৰাগীৰ মাজতো লাভ কৰিছে চৰ্চা। নৈশ পাৰ্টিত শ্বাহৰুখে কি পিন্ধিছিল, বাংলোৰ ভিতৰৰ ছবিৰ লগতে সামাজিক মাধ্যমত বিয়পি পৰিছে বিভিন্ন চেলফি। ফাৰাহ খানে ইনষ্টাগ্ৰামত শ্বাহৰুখৰ সৈতে কিছু বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰি লিখিছে, “হেপি বাৰ্থডে কিং! আৰু এশ বছৰ ৰাজত্ব কৰা।”

ইফালে কৰণ জোহৰেও ৰাণী আৰু অনন্যা পাণ্ডেৰ সৈতে এখন ছবি পোষ্ট কৰিছে। কিছুসংখ্যক অতিথিয়ে শ্বাহৰুখৰ আলিবাগস্থিত বাংলোত উপস্থিত হোৱাৰ বাবে মুম্বাইৰ পৰা এম টু এম ফেৰী যোগে যাত্ৰী কৰে। ফাৰাহ খানে সেই যাত্ৰাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত কৰণ জোহৰে ‘এয়া এক অনন্য অভিজ্ঞতা, মোক নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ’ বুলি কোৱা শুনা গৈছে।

ইফালে, জন্মদিনতে শ্বাহৰুখে দিছে অনুৰাগীলৈ দিছে এক বিশেষ ছাৰপ্ৰাইজ। পৰিচালক সিদ্ধাৰ্থ আনন্দৰ পৰৱৰ্তী ছবি ‘কিং’ত সম্পূৰ্ণ এক নতুন ৰূপত দেখা যাব কিং খানক। ছবিখনত শ্বাহৰুখৰ লগতে সুহানা খান, দীপিকা পাডুকন, ৰাণী মুখাৰ্জী আৰু অভিষেক বচ্চনকো দেখা যাব। ২০২৬ চনত মুক্তি পাবলগীয়া এই ছবিখনক লৈ ইতিমধ্যেই অনুৰাগীৰ মাজত উৎকণ্ঠা পৰিলক্ষিত হৈছে।