শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সময় ৰাইনাৰ অনুষ্ঠানৰ কপি কৰিলে পাকিস্তানে… নিৰ্মাণ কৰিলে পাকিস্তান লেটেন্ট

পাকিস্তানত সময় ৰাইনাৰ অনুষ্ঠানৰ দৰে একে অনুষ্ঠান দেখা গৈছে। যাক এতিয়া লেটেণ্টৰ কপি বুলি কোৱা হৈছে। বহু ভাৰতীয় ইউটিউবাৰেও এই অনু।ষ্ঠাৰ ভিডিঅ’ প্ৰস্তুত কৰি ৰোষ্ট কৰিছিল।

সময় ৰাইনাৰ অনুষ্ঠানৰ কপি কৰিলে পাকিস্তানে… নিৰ্মাণ কৰিলে পাকিস্তান লেটেন্ট
সময় ৰাইনাৰ অনুষ্ঠানৰ কপি কৰিলে পাকিস্তানে
Barasha Misra
Barasha Misra | Published: 23 Feb 2025 15:17 PM

সকলোতে চৰ্চা হৈছে কমেডিয়ান সময় ৰাইনাৰ। এতিয়া মানুহে বেছিকৈ গম পাইছে ইণ্ডিয়াজ গট লেটেণ্ট নাম আৰু চৰ্চাত আহিছে কোন হ’ল সময় ৰাইনা আৰু ৰণবীৰ এলাহাবাদিয়া। আজি এই অনুষ্ঠানটোৰ প্ৰতিটো খণ্ড ডিলিট হ’লেও এই অনুষ্ঠানৰ সফলতা কাৰো পৰা লুকাই থকা নাই। ছ’চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰাম ফিডত এতিয়াও চলি আছে সময়ৰ অনুষ্ঠানৰ ৰীল। ইণ্ডিয়াজ গট লেটেণ্টৰ সফলতাও পাকিস্তানৰ জনসাধাৰণৰ কাণত পৰিছে।

পাকিস্তানত সময় ৰাইনাৰ অনুষ্ঠানৰ দৰেই একে অনুষ্ঠান দেখা গৈছিল, যাক লেটেণ্টৰ কপি বুলি কোৱা হৈছে। বহু ভাৰতীয় ইউটিউবাৰেও এই শ্ব’বোৰত ভিডিঅ’ বনাই ৰোষ্ট কৰিছিল। ভাৰতৰ মানুহে যেতিয়া এনে অনুষ্ঠানৰ কথা গম পালে, তেতিয়া তেওঁলোকে সেই অনুষ্ঠানটো সময় ৰাইনাৰ ইণ্ডিয়াজ গট টেলেণ্টৰ সস্তীয়া কপি বুলি ক’বলৈ ধৰিলে।

সময়ৰ অনুষ্ঠানৰ কপি কৰি পাকিস্তানৰ কিছু প্ৰভাৱশালী ব্যক্তিয়ে টেলেণ্ট গট পাকিস্তান নামৰ এটা অনুষ্ঠান নিৰ্মাণ কৰিছিল। এই অনুষ্ঠানটোৰ এটা ক্লিপও ভাইৰেল হৈছিল, য’ত এজন প্ৰতিযোগীয়ে পেনেলত বহি থকা বিচাৰকক বিজয়ী পুৰস্কাৰৰ সন্দৰ্ভত বেয়াকৈ ৰোষ্ট কৰিছিল।