‘আমাৰ পৰিয়াল বাঢ়িছে…’ মলাইকাক ভাল খবৰটো দিলে চলমানে
অৰ্জুন কাপুৰৰ সৈতে বিচ্ছেদ ঘটাৰ পিছত মলাইকা অৰোৰাই নিজকে সম্পূৰ্ণৰূপে সলনি কৰিছে। তেওঁ পুত্ৰৰ সৈতে ৰেষ্টুৰেণ্ট খুলিছে। চিনেমাত আইটেম কৰিছে, ফেশ্বন শ্ব’ত খোজ কাঢ়িছে।

দীপাৱলীৰ পূৰ্বে চলমানৰ ঘৰত আনন্দ। কিছুদিন পূৰ্বে অৰবাজ খানে কন্যা সন্তানৰ পিতৃ হৈছিল। কিন্তু এই উদযাপন কেৱল কণমানি ছিপাৰা খাৰ বাবে নহয়, চলমান খানে শ্বেয়াৰ কৰিলে আন এক ভাল খবৰ। সেই ভাল খবৰত খান পৰিয়ালৰ প্ৰাক্তন বোৱাৰী অৰ্থাৎ আৰবাজ খানৰ প্ৰাক্তন পত্নী মালাইকা আৰোৰায়ো ভাগ পালে।
অৰবাজ আৰু মলাইকাৰ বিচ্ছেদৰ কেইবাবছৰো হ’ল। নতুন পত্নী সুৰাৰ সৈতে এতিয়া সুখী দম্পত্য জীৱন কটাইছে অৰবাজে। আনহাতে, মলাইকা অৰোৰাইও অৰ্জুন কাপুৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত নিজকে সম্পূৰ্ণৰূপে সলনি কৰিছে। পুত্ৰৰ লগত ৰেষ্টুৰেণ্ট খুলিছে। চিনেমাত আইটেম কৰি আছে, ফেশ্বন শ্ব’ত খোজ দিছে। বলীউডৰ মুন্নীয়ে নিজৰ ধৰণেৰে সুখী জীৱন কটাব ধৰিছে। ইয়াৰ মাজতে মলাইকাই চলমানৰ সৈতে কি ভাল খবৰ শ্বেয়াৰ কৰিলে?
আচলতে চলমান খানৰ কাপোৰৰ ব্ৰেণ্ড বিং হিউমেনে(Being Human) ১২ বছৰ সম্পূৰ্ণ কৰিলে। সেই আনন্দৰে বলীউডৰ ভাইজানে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিলে। তাত তেওঁ লিখিছিল, “১২ বছৰ আগতে যেতিয়া Being Human আৰম্ভ হৈছিল, তেতিয়া উদ্দেশ্য আছিল নতুন কিবা এটা কৰা। ১২ বছৰৰ পাছত দেশৰ জনপ্ৰিয় ব্ৰেণ্ড। যিটো ডাঙৰ হৈ আহিছে। এই ব্ৰেণ্ডটো মোৰ পৰিয়ালৰ দৰেই। এই পৰিয়ালটোৰ বাঢ়ি গৈছে। সকলোকে ধন্যবাদ।”
মালাইকা অৰোৰা আৰম্ভণিতে চলমানৰ বিয়িং হিউমেনৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। ইয়াৰ ১২ বছৰীয়া জয়ন্তী উপলক্ষে চলমান খানে নিজৰ পুৰণি সংগীক স্মৰণ কৰি শুভকামনা জনায়। তেওঁ যে সঁচাকৈয়ে বলীউডৰ দিলদাৰ ভাইজান সেই কথা আকৌ এবাৰ স্পষ্ট কৰি দিলে।