শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছলমান খানৰ ঘৰত নিষিদ্ধ গো-মাংস, আঁৰৰ কাৰণ বিৱৰি ক’লে পিতৃয়ে…

ছলমানৰ পিতৃ, চিত্ৰনাট্যকাৰ চেলিম খানে কয় যে তেওঁলোকৰ ঘৰত কেতিয়াও গো-মাংস প্ৰৱেশ কৰা নাই। আচলতে তেওঁলোকৰ পৰিয়ালৰ কোনোৱেই গো-মাংস নাখায়!

ছলমান খানৰ ঘৰত নিষিদ্ধ গো-মাংস, আঁৰৰ কাৰণ বিৱৰি ক’লে পিতৃয়ে…
ছলমান খানৰ পৰিয়াল
Trishna Kalita
Trishna Kalita | Updated On: 02 Sep 2025 14:50 PM

মুছলমান পৰিয়াল মানে নিয়মিতভাৱে গো-মাংস খোৱা। যিকোনো উৎসৱতে গো-মাংস এটা প্ৰধান খাদ্য। অৱশ্যে ছলমানৰ পৰিয়ালৰ পৰিস্থিতি অলপ বেলেগ। অভিনেতাজনৰ পিতৃ তথা চিত্ৰনাট্যকাৰ চেলিম খানে কয় যে তেওঁলোকৰ ঘৰত কেতিয়াও গো-মাংস প্ৰৱেশ কৰা নাই। আচলতে তেওঁলোকৰ পৰিয়ালৰ কোনোৱেই গো-মাংস নাখায়!

সমগ্ৰ খান পৰিয়ালে হঠাৎ কিয় তেনে কৰাৰ সিদ্ধান্ত ল’লে?

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত চেলিম খানে কৈছিল, “আমাৰ পৰিয়ালৰ কোনোৱেই গো-মাংস নাখায়। বহু মুছলমান পৰিয়ালে গো-মাংস খায়।  ইয়াৰ মূল্য আন মাংসতকৈ বহুত কম। অৱশ্যে আমি হজৰত মহম্মদৰ কথা অনুসৰণ কৰোঁ।” তেওঁ কয়, ‘গৰুৰ গাখীৰ মাতৃদুগ্ধৰ বিকল্প। অতি উপকাৰী। গতিকে গৰু মাৰিব নালাগে।”

চেলিমে লগতে কয়, “ছালমাক বিয়া কৰাই আমি হিন্দু উৎসৱ পালন কৰিছিলো। হিন্দুৰ লগত আমাৰ উঠা-বহা আৰম্ভণিৰে পৰাই চলি আহিছে। মোৰ বাবে ভগৱান আৰু আল্লাৰ মাজত কোনো পাৰ্থক্য নাই। সেয়েহে যিকোনো উৎসৱত আমাৰ পৰিয়ালটোক আনন্দিত হোৱা দেখিব। এই পৰিয়ালত কোনো ভেদাভেদ নাই।