শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছবি মুক্তি লাভৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল ছলমান খানৰ এটা বিশেষ ভিডিঅ’…

Salman khan: প্ৰায় প্ৰতিবছৰে ঈদৰ সময়ত ছলমান খানৰ ছবি মুক্তি লাভ কৰে। এইবাৰো মুক্তি লাভ কৰিব নতুন ছবি ছিকণ্ডৰ। কিন্তু ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'।

ছবি মুক্তি লাভৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল ছলমান খানৰ এটা বিশেষ ভিডিঅ’…
ছলমান খানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 21 Jan 2025 11:56 AM

বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা ছলমান খান। প্ৰায় প্ৰতিবছৰে ঈদৰ সময়ত অভিনেতাগৰাকীৰ ছবি মুক্তি লাভ কৰে। বৰ্তমান সময়ত ছলমান খান ব্যস্ত আছে ছিকণ্ডৰ ( Sikandar) নামৰ ছবিখনৰ শ্বুটিঙত। এই ছবিখনৰ শ্বুটিং শীঘ্ৰেই সমাপ্ত হ’ব আৰু ঈদৰ সময়ত (২৮ মাৰ্চ, ২০২৫)  মুক্তি লাভ কৰিব। যাৰ বাবে ছবি নিৰ্মাতাসকলে সকলো কাম সময় মতে কৰিব বিচাৰিছে। শ্বুটিঙৰ লগতে পোষ্ট প্ৰডাকছনৰ কামো চলি আছে। এই সকলোবোৰৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে একেলগে কেইবাখনো ক’লা ৰঙাৰ বাহন আহিছে আৰু প্ৰথম টেক্সিখনৰ পৰা ছলমান খান নামি আহে। এই ভিডিঅ’টো প্ৰায় ৪৬ ছেকেণ্ডৰ। দেখা গৈছে যে ছলমান খান গাড়ীৰ পৰা নামি অহাৰ পাছতেই একাংশলোক তেওঁৰ পিছে পিছে নামি আহে। তেনে ক্ষেত্ৰত প্ৰশ্ন হয় যে এই ভাইৰেল ভিডিঅ’টো ছলমান খানৰ আহিবলগীয়া ছবি ছিকণ্ডাৰৰ নেকি?

এই ভিডিঅ’টোত ছলমান খানৰ ওচৰত কিছুমান সৰু সৰু দোকান দেখা গৈছে। দেখাত এয়া কোনো ডাঙৰ চহৰ যেন লগা নাই। ইয়াৰ বিপৰীতে এয়া কোনো এখন গাঁৱত শ্বুটিং কৰা ভিডিঅ’। কিন্তু এয়া নিশ্চিত যে এইটো এটা শ্বুটিঙৰ ভিডিঅ’। কিয়নো ওচৰত বহু মানুহ একলগ হৈ আছে আৰু বিভিন্ন নিৰ্দেশনা দি আছে। ইয়াৰোপৰি গাড়ীৰ মাজেৰে শিশু দৌৰি থকা দেখা গৈছে। ছলমান খানে খোজকাঢ়ি যোৱাৰ বিপৰীতে তেওঁৰ পাছফালে থকা কেইজন আৰক্ষী বা নিৰাপত্তাৰক্ষী বুলি ধাৰণা কৰা হৈছে।

ছিকণ্ডৰ নামৰ এটা পেজে এই ভিডিঅ’টো এক্সত পোষ্ট কৰি লিখিছে যে ‘ছিকণ্ডৰৰ ভাইৰেল ভিডিঅ’। অৱশ্যে ইয়াৰ সত্যাসত্য কিমান এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে ভিডিঅ’ ভাইৰেল নকৰিবলৈ আহ্বান জনাইছে। এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে যে -এনে নকৰিব। আন এজনে লিখিছে- এইটো ডিলিট কৰক, এয়া ভাল কাম নহয়। ইয়াৰ বিপৰীতে আন একাংশই ছলমান খানৰ লুকটোক যথেষ্ঠ প্ৰশংসা কৰিছে।

উল্লেখ্য যে, ছিকণ্ডৰ নামৰ ছবিখনৰ লগতে ছলমান খানৰ বহু কেইখন ছবি অনাগত সময়ত মুক্তি লাভ কৰিব পাৰে। দাবী অনুসৰি ছলমানে এটলিৰ সৈতেও ছবি কৰিব আৰু এই ছবিৰ এতিয়া কাষ্টিঙৰ কাম ছবি আছে। অৱশ্যে এই সকলোবোৰ ছিকণ্ডৰ নামৰ ছবিখনে মুক্তি লাভ কৰাৰ পাছতহে পোহৰলৈ আহিব।