‘Saiyaara’ৰ যাদু, ছবিখন চাই কান্দি কান্দি অচেতন হৈ পৰিল দৰ্শক!
মুক্তিৰ ১০ দিনৰ ভিতৰতে ছবিখনে ২৭০ কোটি টকা উপাৰ্জন কৰে। কেৱল বক্স অফিচতেই নহয়, ছ’চিয়েল মিডিয়াত এই ছবিখনক কেন্দ্ৰ কৰি দৰ্শকৰ উন্মাদনাই সকলোকে আচৰিত কৰি তুলিছে।

১৮ জুলাইত মুক্তি পাইছে আহন পাণ্ডে আৰু অনিত পদ্মৰ ছবি Saiyaara । বহু সময়ৰ পিছত আকৌ এবাৰ নতুন যুটিৰ সৈতে পৰ্দাত প্ৰেমৰ কাহিনী দেখুৱালৈ আৰম্ভ কৰিছে মোহিত সূৰীয়ে। মুক্তিৰ এসপ্তাহৰ ভিতৰতে Saiyaara ই প্ৰমাণ কৰিলে যে এই ছবিখনে বলীউডৰ বক্স অফিচক ধুমুহাৰ সৃষ্টি কৰিব। মুক্তিৰ ১০ দিনৰ ভিতৰতে মোহিতৰ এই ছবিখনে ৪৭০ কোটি টকা উপাৰ্জন কৰিছে। কেৱল বক্স অফিচতেই নহয়, ছ’চিয়েল মিডিয়াত এই ছবিখনক কেন্দ্ৰ কৰি দৰ্শকৰ উন্মাদনাই সকলোকে আচৰিত কৰি তুলিছে।
ছবিখন মুক্তি পোৱাৰ এসপ্তাহৰ ভিতৰতে দৰ্শকৰ উন্মাদনাৰ বিভিন্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। কন্যাকুমাৰীৰ পৰা কলকাতা, মুম্বাইৰ পৰা অসমলৈ…,সমগ্ৰ দেশ এতিয়া Saiyaara ৰ জ্বৰত আক্ৰান্ত । এইবাৰ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে ছবিখন চাই দৰ্শকে চকু টুকি আছে। চিনেমা হলৰ চিটত বহি কান্দি কান্দি কোনোবা অজ্ঞান হৈ পৰিছে। আন এটা ভাইৰেল ভিডিঅ’ত কেইবাজনো যুৱকে নগ্ন হৈ নিজৰ প্ৰাক্তন প্ৰেমিকাৰ নাম চিঞৰিবলৈ ধৰিছে।
চলচ্চিত্ৰ সমালোচকে কয় যে, এই উন্মাদ ভিডিঅ’সমূহ পোহৰলৈ অহাৰ পিছত ছবিখনৰ ব্যৱসায়ে গতি লাভ কৰিছে। বহুতে এই ভিডিঅ’বোৰক প্ৰচাৰৰ এটা অংশহে বুলি ভাবে। যশ ৰাজ ফিল্মছৰ চিইঅ’ অক্ষয় বিহানীয়ে কয়, আমি অনুৰাগীসকলৰ উন্মাদ হোৱাৰ ভিডিঅ’বোৰ পাইছো। কোনোবাই অজ্ঞান হৈ পৰিছে, কোনোবাই কাপোৰ খুলি চিঞৰিছে। কিন্তু এইবোৰ আমাৰ অভিযানৰ অংশ একেবাৰেই নহয়। আমাৰ ফালৰ পৰা সেইবোৰ কোনো পৰিকল্পিত কাণ্ড নহয়। আচলতে Saiyaara আৱেগেৰে ভৰা এখন ছবি। যিয়ে মানুহৰ হৃদয় চুই গৈছে। এইটোৱেই বিচাৰিছিল পৰিচালক মোহিতে। এই উন্মাদনা সম্পূৰ্ণ অনুৰাগীৰ নিজৰ। সঁচা কথা ক’বলৈ গ’লে বহুদিনৰ মূৰত এনে উন্মাদনা দেখা গৈছে এখন ছবিৰ বাবে।